ETV Bharat / bharat

উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগৰ উদ্ধাৰ অভিযানত ড্ৰ’ন ভিত্তিক চেন্সৰ ব্যৱহাৰ - উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগৰ উদ্ধাৰ অভিযানত

উত্তৰকাশী সুৰংগত চলি থকা উদ্ধাৰ অভিযানত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । প্ৰথমবাৰৰ বাবে এনে উদ্ধাৰ অভিযানত ড্ৰ’ন ভিত্তিক চেন্সৰ ব্যৱহাৰ কৰা হৈছে (Use of drone based sensor in Uttarkashi tunnel rescue)।

Use of drone based sensor in Uttarkashi tunnel rescue
উত্তৰকাশী সুৰংগত চলি থকা উদ্ধাৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 10:23 AM IST

নেশ্যনেল ডেস্ক, ২৪ নৱেম্বৰ : সকলোৰে জ্ঞাত যে, বুধবাৰে নিশালৈকে উত্তৰকাশী সুৰংগত ৪৫ মিটাৰ পৰ্যন্ত ড্ৰিলিং কৰা হৈছিল । ড্ৰিলিং কৰি থকাৰ মাজতে বুধবাৰে মাজনিশা ষ্টীলৰ এডাল কঠিন পাইপত ড্ৰিল মেচিনটো খুন্দা মাৰে । তাৰ পিচত পুৱালৈকে সেই পাইপডাল কটাৰ কামত লাগি থাকে সকলো ৷ ফলত বৃহস্পতিবাৰেও উদ্ধাৰ কামত বহু বাধাৰ সন্মুখিন হ’ব লগা হয় উদ্ধাৰকাৰী দল ।

৪৬.৮ মিটাৰ পৰ্যন্ত কৰা ড্ৰিলিং :

চিল্কিয়াৰা সুৰংগত ৬০ মিটাৰ পৰ্যন্ত ড্ৰিলিং কৰিব লাগিব । কিয়নো বিগত ১৩ দিন ধৰি সুৰংগটোৰ ৬০ মিটাৰ ভিতৰত ৪১ জন শ্ৰমিক আৱদ্ধ হৈ আছে । বৰ্তমান প্ৰায় ১৪ মিটাৰ আৰু ড্ৰিলিং কৰিলেহে শ্ৰমিককেইজনক উদ্ধাৰ কৰিব পৰা যাব । ড্ৰিলিঙৰ ক্ষেত্ৰত যদি কোনো বাধা নাথাকিলেহেতেন, তেন্তে বৃহস্পতিবাৰে পুৱা বা দিনটোৰ ভিতৰত শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান সম্পূৰ্ণ হ’লহেঁতেন ।

  • #WATCH | Uttarkashi(Uttarakhand) Tunnel rescue | On the drone technology that is being used in the rescue operation, Cyriac Joseph, MD & CEO, Squadrone Infra Mining Pvt Ltd says, "This (drone) is one of the latest technologies which can go inside the tunnel, it goes into GPS… pic.twitter.com/XGve8bkShU

    — ANI (@ANI) November 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আজিয়েই উদ্ধাৰ অভিযান সম্পূৰ্ণ হ’ব :

উদ্ধাৰ অভিযানত সন্মুখীন হোৱা সকলো বাধা বা কাৰিকৰী সমস্যা সমাধান হোৱাৰ পথত ৷ আশা কৰা হৈছে যে আজি সম্পন্ন হ’ব উদ্ধাৰ অভিযান ।

ইফালে ভাৰতত প্ৰথমবাৰৰ বাবে উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰৰ ক্ষেত্ৰত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ড্ৰ’ন ভিত্তিক চেন্সৰ ব্যৱহাৰ কৰিছে । ড্ৰ’ন ভিত্তিক চেন্সৰ দলটোৰ নেতৃত্ব দিছে বেংগালুৰুৰ সিৰিএক জোচেফে ৷

দেশত প্ৰথমবাৰৰ বাবে দুৰ্যোগ ব্যৱস্থাপনাত ড্ৰোন ভিত্তিক চেন্সৰৰ ব্যৱহাৰ :

সিৰিএক জোচেফে কয় যে ড্ৰ’ন ভিত্তিক চেন্সৰ ইমানেই উপযোগী যে ইয়াৰ সমগ্ৰ তথ্য ডিজিটেল ৰূপত অনলাইনত উপলব্ধ । অৰ্থাৎ বেংগালুৰু, ৱাশ্বিংটন, কেপ টাউন বা ছিডনীত বহি থকা যিকোনো দুৰ্যোগ ব্যৱস্থাপনা বিশেষজ্ঞই ড্ৰ’ন ভিত্তিক চেন্সৰৰ জৰিয়তে নিজৰ কম্পিউটাৰতে সকলো তথ্য ডিজিটেল ৰূপত লাভ কৰিব ।

শেহতীয়া প্ৰযুক্তি :

বেংগালুৰুৰ পৰা দলটোৰ সৈতে অহা অচিমুল্লাই কয় যে এয়া এক প্ৰকাৰৰ চেন্সৰ । উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত ব্যৱহাৰ কৰা ড্ৰ’ন ভিত্তিক চেন্সৰ ভাৰতত প্ৰথমবাৰৰ বাবে দুৰ্যোগ ব্যৱস্থাপনাত ব্যৱহাৰ কৰা হৈছে । ড্ৰ’ন ভিত্তিক চেন্সৰ দলটোৰ কাৰিকৰী বিশেষজ্ঞ অচিমুল্লাই কয়, ‘‘উত্তৰকাশী সুৰংগ উদ্ধাৰত বিশ্বৰ আটাইতকৈ আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । আমাৰ ড্ৰ’ন ভিত্তিক চেন্সৰে ভিতৰৰ প্ৰতিখন ছবি প্ৰদান কৰি আছে । উত্তৰকাশী সুৰংগৰ ভিতৰত উদ্ধাৰৰ বাবে ড্ৰিলিং চলি আছে ।

বেংগালুৰুৰ পৰা আহিল উদ্ধাৰকাৰী দল :

ইতিমধ্যে বেংগালুৰুৰ স্কোয়াড্ৰন ইনফ্ৰাৰ ছয়জনীয়া টানেলিং আৰু মাইনিং বিশেষজ্ঞ অভিযন্তাৰ এটা দল উত্তৰকাশীৰ ছিল্কিয়াৰা টানেলত উপস্থিত হৈছে । এই দলটোৱে সুৰংগটোৰ ভিতৰলৈ এখন ড্ৰ’ন প্ৰেৰণ কৰি সমগ্ৰ পৰিস্থিতি বুজ লয় ৷

এই ড্ৰ’ন ভিত্তিক চেন্সৰ দলটোৱে প্ৰস্তুত কৰা প্ৰতিবেদন ডিজিটেল মাধ্যমতো উপলব্ধ হ’ব । দেশ আৰু বিশ্বৰ যিকোনো প্ৰান্তত উপস্থিত থকা দুৰ্যোগ ব্যৱস্থাপনা বিশেষজ্ঞসকলে এই প্ৰতিবেদন চাব পাৰিব আৰু উত্তৰকাশী ছিল্কয়াৰ সুৰংগ উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰাত ই সহায়ক হ’ব বুলি মআশা কৰা হৈছে ৷

লগতে পঢ়ক : সুৰংগত প্ৰৱেশ এনডিআৰএফৰ দল; দিল্লীৰ বিশেষজ্ঞ, কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙৰ দায়িত্ব গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.