নেশ্যনেল ডেস্ক,1 জানুৱাৰী: 6000 খন বিনামূলীয়া মাস্ক বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দিলে এগৰাকী দৰ্জীয়ে ৷ চামৰাজানগৰৰ তালুকৰ চান্দাকাৱাদী গাঁৱৰ য়ু খান নামৰ এজন দৰ্জীয়ে শুকুৰবাৰৰ পৰা SSLC শ্ৰেণীৰ পাঠদান কাৰ্য আৰম্ভ হ'ব লগীয়া প্ৰায় 6000 ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰিলে ৷
উল্লেখ্য যে, প্ৰায় 12 বছৰৰ পৰা দৰ্জী কামেৰে জীৱন চলোৱা চান্দাকাৱাদী গাঁৱৰ দৰ্জী জনে তালুক চহৰৰ 30 খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইউনিফৰ্ম তৈয়াৰ কৰি আহিছে ৷ মাত্ৰ 100 টকা মূল্যতে চিলাই কৰে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম ৷
য়ু খানে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম তৈয়াৰ কৰাৰ বাবে বিশেষ ৰেহাই প্ৰদান কৰাৰ লগতে অতি দুখীয়া পৰিয়ালৰ 10 গৰাকী ছাত্ৰ- ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ তৈয়াৰ কৰি আহিছে ইউনিফৰ্ম
লগতে পঢ়ক:অন্ধ্ৰপ্ৰদেশত তহচিলদাৰৰ কাৰ্যালয়ত তলা ওলমালে মহিলা কৃষকে