ETV Bharat / bharat

শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত এখন বিশেষ জাহাজ

author img

By

Published : Sep 6, 2022, 5:14 PM IST

কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত(Syama Prasad Mukerjee Port)উপস্থিত এমভি মিনাৰেল য়াংফান নামৰ জাহাজখন । এইখন জাহাজে বন্দৰটোলৈ কঢ়িয়াই আনিছে ১,৭০,০০০ টন ওজনৰ কয়লা । ইয়াৰ লগে লগে কয়লা কঢ়িয়াই অনাৰ ক্ষেত্ৰত ৰচনা হৈছে ইতিহাস ।

Syama Prasad Mukerjee Port
শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত ওজন কঢ়িওৱাত অভিলেখ

নেশ্য়নেল ডেস্ক ,৬ছেপ্টেম্বৰ: কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত(Syama Prasad Mukerjee Port)সোমবাৰে বৃহৎ পৰিমাণৰ কয়লা কঢ়িয়াই অনাৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা হৈছে । এই বন্দৰটোত প্ৰায় ১,৭০,০০০ টন ওজনৰ কয়লা কঢ়িয়াই অনা এখন বিশাল জাহাজ সাগৰ এংকৰেজত লংগৰ পেলোৱা হয় ।

উল্লেখ্য় যে এমভি মিনাৰেল য়াংফান(MV Mineral Yangfan)নামৰ জাহাজখনৰ দৈৰ্ঘ্য প্ৰায় ৩০০ মিটাৰ আৰু ৫০ মিটাৰ বহল । তদুপৰি জাহাজখনৰ ওজন প্ৰায় 70,300 মেট্ৰিক টন । এই জাহাজখনত দুখন ফুটবল খেলপথাৰ আয়তনৰ সমান ।

জানিব পৰা মতে,এই ওজনৰ এটা পাৰ্চেল জাহাজ কলকাতা বন্দৰত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছে । শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি এই জাহাজখনে ভাৰতীয় ষ্টীল কৰ্তৃপক্ষৰ(Steel Authority of India)দ্বাৰা বিক্ৰীৰ বাবে কেঁচা কয়লা আনিছে । কিন্তু আটাইতকৈ আচৰিত কথাটো হ'ল যে এই জাহাজখনৰ পৰা সামগ্ৰীখিনি নমাবলৈ সপ্তাহৰ প্ৰয়োজন হ'ব । সূত্ৰ অনুসৰি হালদিয়া ৰেল কৰ্তৃপক্ষৰ (Haldia Railway Authority)উদ্যোগত কলকাতা বন্দৰ কৰ্তৃপক্ষই কয়লাখিনি নমাই আছে ।

উল্লেখ্য় যে এই জাহাজখনে আমেৰিকাৰ নিউপ'ৰ্টৰ (Newport in America)পৰা কয়লাখিনি কঢ়িয়াই আনিছে । এই কয়লাখিনি হালদিয়া বন্দৰলৈ নিয়া হ'ব । হালদিয়া বন্দৰত এই বিশাল এমভি মিনাৰেল য়াংফানে লংগৰ পেলোৱা সম্ভৱ নহয় বাবে ইয়াক আনলোডিঙৰ বাবে কলকাতা বন্দৰলৈ অনা হৈছে ।

ইয়াৰ পিছত কয়লা হালদিয়া বন্দৰৰ(Haldia Port in Kolkota)পৰা ৰেলযোগে কাৰখানালৈ নিয়া হ'ব । ইতিমধ্য়ে বন্দৰ কৰ্তৃপক্ষই দুটা বিশাল ফ্লোটিং ক্ৰেইনৰ সহায়ত জাহাজৰ পৰা কয়লা আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে । বৰ্তমানে এনে দুখন জাহাজ প্ৰতি মাহে বন্দৰলৈ অনা হ'ব । জানিব পৰা মতে,বছৰি ১৫ লাখ মেট্ৰিক টন কাৰ্গো এই বন্দৰটোত উপস্থিত হ'ব ।

কলকাতা বন্দৰটোক শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট ট্ৰাষ্ট বুলিও জনা যায় । এই বন্দৰটো হৈছে ভাৰতৰ একমাত্ৰ নদীৰ মুখ্য বন্দৰ যি সাগৰৰ পৰা প্ৰায় 203 কিলোমিটাৰ দূৰত পশ্চিম বংগৰ কলকাতা চহৰত অৱস্থিত । ই ভাৰতৰ আটাইতকৈ পুৰণি অপাৰেটিং বন্দৰ । উক্ত বন্দৰটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰিছিল ।

লগতে পঢ়ক:আবকাৰী নীতিৰ গোচৰত দিল্লীত পুনৰ অভিযান ইডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.