ETV Bharat / bharat

Chandrayaan 3 success:"গজৱা-ই-হিন্দলৈ পৰিৱৰ্তন হোৱাৰ পূৰ্বে চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক"- স্বামী চক্ৰপাণি - শিৱ শক্তি পইণ্ট

"মই বিচাৰো যে আন কোনো আদৰ্শৰ মানুহে চন্দ্ৰক গজৱা-ই-হিন্দলৈ পৰিৱৰ্তন কৰাৰ পূৰ্বে, চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ বাবে সংসদত এক প্ৰস্তাৱ গৃহীত কৰা উচিত ৷ লগতে শিৱ শক্তি পইণ্টক ইয়াৰ ৰাজধানী হিচাপে পৰিগণিত কৰা উচিত ৷" - অখিল ভাৰত হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি স্বামী চক্ৰপাণি

:"গজৱা-ই-হিন্দলৈ পৰিৱৰ্তন হোৱাৰ পূৰ্বে চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক"- স্বামী চক্ৰপাণি
Chandrayaan 3 success
author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 6:39 PM IST

:"গজৱা-ই-হিন্দলৈ পৰিৱৰ্তন হোৱাৰ পূৰ্বে চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক"- স্বামী চক্ৰপাণি

নেশ্যনেল ডেস্ক, 27 আগষ্ট : 'আন কোনো ব্যক্তিয়ে চন্দ্ৰলৈ গৈ জিহাদ আৰম্ভ কৰাৰ পূৰ্বে আৰু ইছলামী মৌলবাদ আৰু সন্ত্ৰাসবাদ বিয়পোৱাৰ পূৰ্বেই, চন্দ্ৰক হিন্দু সনাতন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা উচিত আৰু শিৱ শক্তি পইণ্টক ইয়াৰ ৰাজধানী হিচাপে ঘোষণা কৰক ৷" অখিল ভাৰত হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি স্বামী চক্ৰপাণিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি এই আহ্বান জনায় ৷

দেওবাৰে অখিল ভাৰত হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি স্বামী চক্ৰপাণিয়ে এক ভিডিঅ' বিবৃতিযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চন্দ্ৰযান-3 ৰ সফলতাৰ বাবে আৰু অৱতৰণ কৰা স্থানক 'শিৱ শক্তি পইণ্ট' হিচাপে নামকৰণ কৰাৰ বাবে অভিনন্দন জনায় ৷

লগতে স্বামীয়ে কয়, "মই বিচাৰো যে আন কোনো আদৰ্শৰ মানুহে চন্দ্ৰক গজৱা-ই-হিন্দলৈ পৰিৱৰ্তন কৰাৰ পূৰ্বে, চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ বাবে সংসদত এক প্ৰস্তাৱ গৃহীত কৰা উচিত ৷ লগতে শিৱ শক্তি পইণ্টক ইয়াৰ ৰাজধানী হিচাপে পৰিগণিত কৰা উচিত ৷"

তেওঁ লগতে উল্লেখ কৰে যে, "ভগৱান শিৱৰ শিৰত চন্দ্ৰ বহে ৷ আমি তেওঁক চন্দা মামা নামেৰে মাতিছো ৷ সেয়েহে আমি বিচাৰো যে চন্দ্ৰ পবিত্ৰ হৈ থাকিব লাগে ৷ সেয়েহে চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হ'ব লাগে ৷ সংসদ আৰু ৰাষ্ট্ৰসংঘত ইয়াৰ বাবে প্ৰস্তাৱ গৃহীত কৰা উচিত ৷"

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 26 আগষ্টত অৱতৰণ স্থানৰ নাম শিৱ শক্তি পইণ্ট আৰু 23 আগষ্টত 'ৰাষ্ট্ৰীয় মহাকাশ দিৱস' হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰিছিল ৷ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰা ভাৰত প্ৰথমখন দেশ ৷

লগতে পঢ়ক: PM Modi at B-20 Summit: গ্ৰাহকৰ অধিকাৰতকৈ গ্ৰাহকৰ পচন্দত অধিক গুৰুত্ব দিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.