ETV Bharat / bharat

Poisonous liquor : বিষাক্ত সুৰাপান কৰি দুজন মৃত্যু, অন্ধ দুজন

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 4:30 PM IST

সুৰাপান কৰোঁতে সাৱধান হওক ৷ বিষাক্ত সুৰাপান কৰি বিহাৰৰ মুজাফ্ফৰপুৰত কেইবাজনো লোকৰ মৃত্য হোৱাৰ লগতে ভালেকেইজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আনকি বহু লোকে দৃষ্টিশক্তি হেৰুৱাইছে বুলি পোহৰলৈ আহিছে ৷

Poisonous liquor
বিষাক্ত সুৰাপান কৰি বহুতো লোকৰ মৃত্যু

নেশ্যনেল ডেস্ক, 24 ছেপ্টেম্বৰ : বিহাৰত সুৰা নিষিদ্ধকৰণ আইন বলৱৎ কৰাৰ পিচতো একাংশ লোকে সুৰাপান কৰিবলৈ এৰা নাই ৷ সঘনাই ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বিষাক্ত সুৰা সেৱন কৰি লোক মৃত্যু হোৱাৰ লগতে অসুস্থ হোৱাৰ বাতৰি প্ৰকাশ হৈ থকাৰ পিচতো গা লৰা নাই একাংশৰ ৷ শেহতীয়াকৈ বিহাৰৰ মুজাফ্ফৰপুৰৰ কাজী মহম্মদপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত বিষাক্ত সুৰাপান কৰাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ একে সময়তে, দুজন লোকে দৃষ্টিশক্তি হেৰুৱাইছে ৷ অৱশ্যে, প্ৰশাসনে এতিয়ালৈকে বিষাক্ত সুৰাপান কৰাৰ ফলত মৃত্যু হোৱাটো নিশ্চিত কৰা নাই ৷

জানিব পৰা মতে, অঞ্চলটোৰ প্ৰায় 6 জন লোকে দেশীয় সুৰাপান কৰিছিল ৷ সুৰাপান কৰাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোকে দৃষ্টিশক্তি হেৰুৱায় ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতে অঞ্চলটোলৈ দেশীয় সুৰা কেনেকৈ অনা হ’ল সেইবিষয়ে স্থানীয়ে লোকে বহুতো প্ৰশ্ন উত্থাপন কৰিছিল ৷ সম্প্ৰতি, আৰক্ষীৰ দলে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে ৷ স্থানীয় লোকে আশংকা কৰা অনুসৰি, অনাগত সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে বিষাক্ত সুৰাৰ ফলত মৃত্যুৰ হোৱাৰ বিষয়ে স্পষ্ট কৰা নাই ৷

ভুক্তভোগীয়ে ৰাজু শ্বাহে কোৱা অনুসৰি, "মই শুকুৰবাৰে সুৰাপান কৰিছিলো আৰু তেতিয়াৰ পৰা মই চকুৰে দেখা পোৱা নাই ৷ আমি এটা বৰফৰ কাৰখানাৰ পৰা সুৰা ক্ৰয় কৰিছিলো ৷ এই সুৰা দেশীয় সুৰা আছিল ৷ মোৰ দৃষ্টিশক্তি হেৰুৱাৰ পিচতে, মোক ৰামদয়ালুত ভৰ্তি কৰিছিল ৷ পৰৱৰ্তী সময়ত মোক বেলা চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিচতে পাটনালৈ প্ৰেৰণ কৰা হয় ৷"

লগতে ভুক্তভোগী ধৰ্মেন্দ্ৰ কুমাৰে কোৱা অনুসৰি, "মই সোমবাৰে পুৱা সুৰাপান কৰিছিলো, তাৰ পিচতে সন্ধিয়াৰে পৰা চকুৰে দেখা পোৱা নাছিলো ৷ মই বৰফৰ কাৰখানাৰ পৰা শিৱচন্দ্ৰ পাছৱান নামৰ এজন লোকৰ পৰা সুৰা ক্ৰয় কৰি আনিছিলো ৷"

এই ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিচতে, মহানগৰৰ এএছপি অৱধেশ দীক্ষিত ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাটোৰ বিষয়ে ৰাইজৰ পৰা সোধা পোছা কৰে ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰা হৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে ৷

ইফালে এএছপিগৰাকীয়ে কোৱা অনুসৰি, মৃত্যু হোৱা আৰু দৃষ্টিহীন লোককেইগৰাকীয়ে একে ঠাইৰ পৰা সুৰা ক্ৰয় কৰিছে নেকি তাৰ সন্দৰ্ভত অনুসন্ধান কৰা হৈছে ৷ ইতিমধ্যে দুজন লোকক আটক কৰি জেৰা অব্যাহত ৰখা হৈছে ৷ দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়ক: Stopping running train: 11 বছৰীয়া মুৰ্চেলিমৰ প্ৰত্যুৎপন্নমতিতাৰ বাবেই জীৱন ৰক্ষা পৰিল শতাধিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.