নেশ্য়নেল ডেস্ক, ১০ অক্টোবৰ: উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ উৰি অঞ্চলত সোমবাৰে দুজন লোক মাংকি পক্সত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে (Two suspected cases of monkey pox in Uri)। উৰিৰ স্থানীয় বাসিন্দা দুজনক সতৰ্কতামূলক ব্যৱস্থা হিচাপে আছুতায়াকৈ ৰখা হৈছে । ইতিমধ্য়ে তেওঁলোকৰ নমুনা এছকেআইএমএছ মাইক্ৰ' বায়োলজী বিভাগলৈ (SKIMS microbiology department) প্ৰেৰণ কৰা হৈছে । এই বিষয়ে সদৰি কৰিছে স্বাস্থ্য় বিভাগৰ এক সূত্ৰই ।
স্বাস্থ্য় বিভাগৰ বিষয়াই এই প্ৰসংগত কয়,"এতিয়ালৈকে আমি মাংকি পক্স নিশ্চিত কৰিব পৰা নাই । কিন্তু একে সময়তে ইয়াকো অস্বীকাৰ কৰিব নোৱাৰো । আমি সেইবাবে প্ৰতিবেদনৰ কাৰণে অপেক্ষা কৰি আছোঁ ।"
মাংকি পক্স হৈছে জন্তুৰ পৰা ভাইৰাছৰ জৰিয়তে বিয়পা ৰোগ (Monkey pox zoonotic disease)। এই ৰোগৰ লক্ষণবোৰ মৃদু হ'লেও অৰ্থোপক্স ভাইৰাছ সংক্ৰমণ (Ortho pox virus infection), সৰুআইৰ (Small Pox) দৰে একে, যাক ১৯৮০ চনত পৃথিৱীৰ পৰা বিলোপ কৰা হৈছিল । এই ৰোগবিধ মুখ্যতঃ মধ্য আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহত দেখা যায় (Monkey pox in African countries)। ১৯৫৮ চনত প্ৰথমবাৰৰ বাবে বান্দৰৰ ক্ষেত্ৰত এই ৰোগ ধৰা পৰিছিল (Monkey pox first detected in 1958)। ১৯৭০ চনত কংগো গণৰাজ্যৰ এটি ৯ বছৰীয়া শিশুৰ দেহত প্ৰথম মানৱ সংক্ৰমণ ধৰা পৰিছিল ।
মাংকি পক্স ভাইৰাছৰ বাবে সচৰাচৰ ইনকিউবেচন সময় হৈছে ৬ৰ পৰা ১৩ দিনৰ ভিতৰত (incubation period for Monkey pox) । কিন্তু কিছুমান ক্ষেত্ৰত ইনকিউবেচন সময় ৫ ৰ পৰা ২১ দিনৰ ভিতৰত হোৱা বুলি ধৰা পৰিছে । লক্ষণবোৰ ২ ৰ পৰা ৪ সপ্তাহলৈ থাকিব পাৰে । মাংকি পক্সৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ কম । জ্বৰ, তীব্ৰ মূৰৰ বিষ, পিঠিৰ বিষ, পেশীৰ বিষ আৰু অলসতা হৈছে সাধাৰণ লক্ষণ । ১৩ দিনৰ জ্বৰৰ পিছত ছাল ৰুক্ষ হয় । তদুপৰি বেছিভাগ সময়তে মুখ, হাত, ভৰি, হাতৰ তলুৱা, জননাংগৰ আশে-পাশে আৰু চকুত পানীজোলা ফুটাৰ দৰে ওলাবলৈ ধৰে ।
লগতে পঢ়ক:উত্তৰ প্ৰদেশত ধাৰাসাৰ বৰষুণত ২৫ জনৰ মৃত্যু, বিদ্যালয় বন্ধ ঘোষণা