ETV Bharat / bharat

COVID-১৯ত আক্ৰান্ত ৰণদীপ সিং সুৰজেৱালা আৰু দিগ্বিজয় সিং - POLITICAL LEADER, COVID POSITIVE

COVID-১৯ত আক্ৰান্ত হৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালা, দিগ্বিজয় সিং আৰু শিৰোমণি আকালি দলৰ নেত্ৰী হৰছিম্ৰত কৌৰ বাদল । তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেণ্টাইনত থাকিবলৈ আৰু সাৱধনতা অৱলম্বন কৰিবলৈ আহ্বান জনায় নেতাকেইগৰাকীয়ে ।

Surjewala tested positive
Surjewala tested positive
author img

By

Published : Apr 16, 2021, 2:13 PM IST

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল : মহামাৰীৰ কবলত পৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিগ্বিজয় সিং, হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালা, আৰু শিৰোমণি অকালি দলৰ নেত্ৰী হৰছিম্ৰত কৌৰ বাদল ।

  • मेरी कोविड जाँच रिपोर्ट पॉज़िटिव आयी है। फ़िलहाल अपने दिल्ली निवास पर क्वारंटीन में हूँ। कृपया इस दौरान मेरे संपर्क में आए सभी लोग खुद को आइसोलेशन में रखकर अपनी सेहत से संबंधित सभी सतर्कता बरतें।

    — digvijaya singh (@digvijaya_28) April 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

দিগ্বিজয় সিঙে টুইটযোগে প্ৰকাশ কৰে যে, শুকুৰবাৰে পুৱা তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । প্ৰাক্তন সাংসদগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে । মহামাৰীত আক্ৰান্ত হোৱাৰ পিছতে হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী ৰণদীপ সিং সুৰজেৱালায়ো বিগত ৫ দিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেণ্টাইনত থাকিবলৈ আৰু সাৱধনতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ।

  • I have tested +ve for #COVID19 today morning.

    Anyone who has come in contact with me in the last 5 days, please self isolate & take necessary precautions.

    — Randeep Singh Surjewala (@rssurjewala) April 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰছিম্ৰত কৌৰ বাদলে কয় যে, তেওঁ মহামাৰীত আক্ৰান্ত হৈছে আৰু তেওঁৰ দেহত মহামাৰীৰ কেতবোৰ লক্ষণ পৰিলক্ষিত হৈছে । তেওঁ বৰ্তমান হোম আইছ'লেছনত আছে আৰু সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি আছে বুলিও জানিবলৈ দিছে । পঞ্জাৱৰ ভাতিণ্ডাৰ সাসংদ বাদলৰ স্বামী তথা শিৰোমণি আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলো কেইদিনমান পূৰ্বে COVID-১৯ত আক্ৰান্ত হৈছিল আৰু বৰ্তমান সুস্থ হৈ উঠিছে ।

  • Dear all, I've tested positive for #COVID19 today with mild symptoms. I have quarantined myself at home and am taking all the necessary precautions. I would request all those who came in contact with me to isolate and get themselves tested at the earliest.

    — Harsimrat Kaur Badal (@HarsimratBadal_) April 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতত বৃহস্পতিবাৰে ২ লাখৰো অধিক লোক COVID-১৯ত আক্ৰান্ত হৈছে আৰু মাত্ৰ এটা দিনত সৰ্বাধিক লোক মহামাৰীত আক্ৰান্ত হোৱাৰ অভিলেখ ৰচিছে । বৃহস্পতিবাৰে দেশত ২,০০,৭৩৯ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে । ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ১,৪০,৭৪,৫৬৪ জনলৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক:ৰেমডেছিবিৰৰ ক'লা বেহা : কাণপুৰত ৩ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.