ETV Bharat / bharat

Delhi NCR pollution : নিৰ্দেশনা অমান্য কৰাৰ বাবে ৰাজ্যসমূহক সমালোচনা উচ্চতম ন্যায়ালয়ৰ - দিল্লী প্ৰদূষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানি

দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত দাখিল কৰা আবেদনৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ত গ্ৰহণ কৰা হয় শুনানি (SC hearing petition concerning pollution rise in Delhi) ৷ এই আবেদনৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্যকান্তে ৷

Top court asks states to reply by Wednesday
Delhi NCR pollution: ৰাজ্যসমূহক অনুপালন নকৰাৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ
author img

By

Published : Nov 29, 2021, 2:04 PM IST

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ : আজি উচ্চতম ন্যায়ালয়ত দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্যকান্তে (SC hearing petition concerning pollution rise in Delhi) ৷ এই শুনানিৰ সময়তেই জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কয় যে, নিৰ্মাণকাৰ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ নাকৰ তলতে চলি আছে ‘Central Vista’ প্ৰকল্পৰ কাম (Central Vista project construction)৷

উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত সঁহাৰি প্ৰদৰ্শন কৰি কয় যে, উচ্চতম ন্যায়ালয়ে পৰিস্থিতিটোৰ বিষয়ে ভালদৰে অৱগত ৷ আৰু কেৱল এই বিষয়টো উত্থাপন কৰাটো মুখ্য উদ্বেগৰ পৰা এক বিচ্যুতি হ'ব । মুখ্য ন্যায়াধীশে চলিচিটৰ জেনেৰেল তুষাৰ মেহতা, যিয়ে এই সন্দৰ্ভত এক এফিডেফিট দখিল কৰিব বুলি কৈছিল তেওঁক মাতি পঠিয়ায় ৷

উচ্চতম ন্যায়ালয়ে লগতে উল্লেখ কৰে যে, আজিৰ দিনটোত ৰাজধানী দিল্লীৰ বায়ুৰ গুণগত মানদণ্ড সূচক ৪১৯ লৈ হ্ৰাস পাইছে , যাৰ প্ৰতি চলিচিটৰ জেনেৰেলে নিজৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বায়ুৰ গুণগত মানদণ্ড স্তৰ প্ৰতিদিনে বেয়ালৈ গৈ আছে ৷

কোভিড-19ৰ নতুন প্ৰকাৰ অমিক্ৰন (New Covid-19 variant Omicron)ৰ সমস্যা সন্দৰ্ভত চলিচিটৰ জেনেৰেলে কয় যে ভাইৰাছটো এটা সম্পূৰ্ণ বেলেগ সমস্যা আৰু ইয়াক পৃথকে মোকাবিলা কৰা প্ৰয়োজন । নিৰ্মাণ শ্ৰমিকৰ পুঁজিৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাৱে গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ অভাৱৰ লগতে আজিৰ এই শুনানি প্ৰক্ৰিয়াত নৰা জ্বলোৱা (Stubble burning) ৰ দৰে অন্যান্য বিষয় উত্থাপন কৰা হয় ৷

ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই পৰিৱেশ মন্ত্ৰীৰ পৰা পোৱা তথ্যৰ সৈতে নৰা জ্বলোৱাটো (Stubble burning) আৰু এক সমস্যা নহয় বুলি নিশ্চিত কৰে ।

লগতে পঢ়ক : Farm Laws Repeal Bill: লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.