নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ : ইডি চমন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষচপা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে নাপালে সকাহ । সোমবাৰে হেমন্ত সোৰেনৰ আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত হয় । আদালতে তেওঁৰ আবেদনৰ ওপৰত শুনানি ল'বলৈ অস্বীকাৰ কৰে । লগতে তেওঁক এই সন্দৰ্ভত উচ্চ ন্যায়ালয়লৈ যাবলৈ কয় । উল্লেখ্য যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে আবেদনখনত ইডিৰ চমনক প্ৰত্যাহ্বান জনাইছিল । কিন্তু উচ্চতম ন্যায়ালয়ে ইয়াৰ শুনানি অস্বীকাৰ কৰাত তেওঁৰ অধিবক্তাই আবেদনখন প্ৰত্যাহাৰ কৰে ।
উচ্চতম ন্যায়ালয়ে সোমবাৰে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ইডিৰ চমনক প্ৰত্যাহ্বান জনাবৰ বাবে প্ৰথমে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কয় । আনহাতে, আদালতে তেওঁৰ অধিবক্তাক আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ কয় । ইয়াৰ পিছত প্ৰত্যাহাৰ কৰা আবেদন হিচাপে ইয়াক খাৰিজ কৰা হয় ।
ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ন্যায়াধীশ বেলা এম ত্ৰিবেদীৰ আদালতে মুখ্যমন্ত্ৰীৰ অধিবক্তাক প্ৰশ্ন কৰে যে আপুনি উচ্চ ন্যায়ালয়লৈ গৈ কিয় চেষ্টা নকৰে, আপুনি প্ৰথমে তালৈ যাব লাগে । এই ক্ষেত্ৰত অধিবক্তা মুকুল ৰোহতগীয়ে উচ্চতম ন্যায়ালয়ৰ কথাত সন্মত হয় । তাৰ পিছত আদালতে আবেদনখন প্ৰত্যাহাৰৰ অনুমতি দিয়ে । অনুমতি লাভৰ পিছত আবেদনখন খাৰিজ কৰা হয় । বিচাৰপীঠে লগতে কয় যে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ অধিবক্তাই কৈছে যে তেওঁৰ মক্কেলে উচ্চ ন্যায়ালয়ত আপীল কৰিব ।
উল্লেখ্য যে সোৰেনৰ আবেদনখনত কোৱা হৈছিল, "অহা ৭-৮ মাহ সময়ৰ ভিতৰত সাধাৰণ নিৰ্বাচন আহি আছে । তাৰ লগে লগে দেশৰ ৰাজনৈতিক পৰিৱেশ শাসকীয় দলৰ শাসন ব্যৱস্থাৰ দ্বাৰা বিকৃত হৈ পৰিছে । আনহাতে, ৰাজনৈতিক নেতাসকলক ভাবুকি দিয়া, অপমানিত কৰা আৰু ভয় খুৱাবলৈ সকলো প্ৰচেষ্টা কৰা হৈছে । বিশেষকৈ যেতিয়া বিৰোধীয়ে ইণ্ডিয়া মিত্ৰজোঁট গঠন কৰিবলৈ একত্ৰিত হৈছে, তেনে সময়ত আবেদনকাৰী তেওঁ আৰু তেওঁৰ দলৰ বিৰুদ্ধে সোচ্চাৰ হৈছে । যিহেতু তেওঁ মিত্ৰজোঁটৰ অবিচ্ছেদ্য অংশ আৰু তেওঁলোক এনডিএৰ সৈতে নথখাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।"
তেওঁ লগতে কয় যে এই চমনৰ উদ্দেশ্য আছিল সাধাৰণ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰক অস্থিৰ কৰা তোলা । সোৰেন আৰু জেএমএম হৈছে ২৮ টা ৰাজনৈতিক দলৰ বিৰোধী গোট ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্সৰ অংশ ।
লগতে পঢ়ক :Lok Sabha Election 2024 : আমি সদায় নিৰ্বাচনৰ বাবে সাজু আছোঁ; বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ