ETV Bharat / bharat

Margadarsi Chit Fund case: মাৰ্গদৰ্শী চিটফাণ্ড গোচৰত সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ

তেলেংগানা উচ্চ ন্যায়ালয়ৰ ৰায়দানকে বাহাল ৰাখিলে সৰ্বোচ্চ ন্যায়ালয়ে ৷ মাৰ্গদৰ্শী কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাও আৰু পৰিচালন সঞ্চালক চাইলাজা কিৰণৰ বিৰুদ্ধে এতিয়া ল’ব নোৱাৰিব কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা ৷ তেলেংগানা উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনায় সৰ্বোচ্চ ন্যায়ালৰ কাষ চাপিছিল অন্ধ্ৰ প্ৰদেশ চৰকাৰ ৷

author img

By

Published : Aug 4, 2023, 8:18 PM IST

Margadarsi Chit Fund case
Margadarsi Chit Fund case

নেশ্যনেল ডেস্ক, 4 আগষ্ট: মাৰ্গদৰ্শী চিটফাণ্ড গোচৰত ৰামোজী ৰাও আৰু চাইলাজা কিৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত মুখ থেকেচা অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ ৷

উচ্চতম ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বাৰা জাৰী কৰা অন্তৱৰ্তীকালীন আদেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে ৷ লগতে উচ্চতম ন্যায়ালয়ে অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা দাখিল কৰা দুখন এছএলপি (Special leave petition) খাৰিজ কৰে ৷

একে সময়তে সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে মাৰ্গদৰ্শী গোচৰৰ মোকাবিলা কৰিবলৈ তেলেংগানা উচ্চ ন্যায়ালয়ৰ আইনী অধিকাৰ ক্ষেত্ৰক প্ৰত্যাহ্বান জনোৱা আৱেদনখন গ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই ৷ লগতে সৰ্বোচ্চ ন্যায়ালয়ে তেলেংগানা উচ্চ ন্যায়ালয়ক গোচৰটোৰ সৈতে সম্পৰ্কিত সকলোবোৰ বিষয় নিষ্পত্তি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷

তেলেংগানা উচ্চ ন্যায়ালয়ৰ দ্বাৰা জাৰী কৰা অন্তৱৰ্তীকালীন আদেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি সৰ্বোচ্চ ন্যায়ালয়ে কয় যে মাৰ্গদৰ্শী চিটফাণ্ড কোম্পানীৰ বিৰুদ্ধে নিজাববীয়াকৈ নিজৰ আইনী অধিকাৰ ক্ষেত্ৰত গোচৰ ৰুজু কৰাৰ ক্ষমতা অন্ধ্ৰ প্ৰদেশ আৰক্ষী-চিআইডিৰ আছে ৷

ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনক লৈ গঠিত বিচাৰপীঠে কয় যে আইনী অধিকাৰ ক্ষেত্ৰ হৈছে গোচৰটোৰ মুখ্য বিষয় ৷ সেয়েহে অন্তৱৰ্তীকালীন আদেশক প্ৰত্যাহ্বান জনোৱাৰ বাবে দাখিল কৰা আবেদনৰ নিষ্পত্তি কৰা হৈছে ৷

‘‘আমি ধৰি লৈছো যে উচ্চ ন্যায়ালয়ে ইয়াৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি আবেদনখন নিৰীক্ষণ কৰা উচিত আৰু সেই অনুসৰি সিদ্ধান্ত লোৱা উচিত ৷ যদি কোনো নিৰ্দিষ্ট প্ৰসংগ উদ্ভৱ হয়, তেন্তে আবেদনকাৰীয়ে (অন্ধ্ৰ প্ৰদেশ চৰকাৰ) এই আদালতলৈ আহিব পাৰে আৰু সেই সময়ত অধিকাৰ ক্ষেত্ৰক প্ৰত্যাহ্বান জনোৱাৰ স্বাধীনতা থাকিব ৷’’ বিচাৰপীঠে কয় ৷ ইয়াৰ পাচতেই উচ্চতম ন্যায়ালয়ে মাৰ্গদৰ্শী কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাও আৰু পৰিচালন সঞ্চালক চাইলাজা কিৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নিষিদ্ধ কৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ আদেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে ৷

গোচৰটো আৰম্ভ হোৱাৰ লগে লগে ন্যায়াধীশ মহেশ্বৰীয়ে কয় যে এই বিষয়ৰ সৈতে সম্পৰ্কিত কিছুমান গোচৰত এতিয়াও জাননী লাভ কৰা হোৱা নাই ৷ সেই গোচৰবোৰৰ ওপৰত জাননী পোৱাৰ পিচত আমি বিষয়টোৰ ওপৰত অধিক যুক্তি শুনিম ৷ ইয়াৰ প্ৰত্যুত্তৰ দি অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ হৈ উপস্থিত থকা এজন জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে কয় যে গোচৰটোৰ সকলো উত্তৰদাতাক জাননী প্ৰেৰণ কৰা হ'ব ৷

ইয়াক পিচতেই ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় ‘‘তেলেংগানা উচ্চ ন্যায়ালয়ত গোচৰ প্ৰক্ৰিয়া চলিব বুলি কোৱা হোৱা নাছিল নেকি ? যদি তাত (তেলেংগানা উচ্চ ন্যায়ালয়) গোচৰটো নাকচ কৰা হয় তেন্তে আৰু কোনো প্ৰশ্ন নহ’ব ৷ যদি আবেদনৰ অনুমতি দিয়া হয়, আপুনি আইনী অধিকাৰ ক্ষেত্ৰৰ ওপৰত আপোনাৰ যুক্তি উপস্থাপন কৰিবলৈ ইয়ালৈ (সৰ্বোচ্চ ন্যায়ালয়) আহিব পাৰে ৷’’

লগতে পঢ়ক: PM Modi Degree Hearing : প্ৰধানমন্ত্ৰী মোদী ডিগ্ৰী গোচৰৰ পুনৰীক্ষণ আবেদন; ১৮ আগষ্টত শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.