ETV Bharat / bharat

Bilkis Bano rape case: বিলকিছ বানোৰ পুনৰীক্ষণ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত - Convicts in Bilkis Bano rape case pardoned

২০০২ চনৰ ৩ মাৰ্চত গোধৰা কাণ্ডৰ সময়ত দাহোদ জিলাৰ লিমখেদা তালুকৰ ৰান্ধিকপুৰ গাঁৱত বিলকিছ বানুৰ পৰিয়ালৰ লোকৰ ওপৰত এক সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰি পৰিয়ালটোৰ 7 গৰাকী সদস্যক হত্যা কৰা হৈছিল (Bilkis Bano rape case)। বিলকিছ বানো দলবদ্ধ ধৰ্ষণ গোচৰৰ 11 জন দোষীৰ শাস্তি ৰেহাইৰ আবেদন বিবেচনা কৰিবলৈ গুজৰাট চৰকাৰক দিয়া আদেশ পুনৰীক্ষণৰ আবেদন আগতীয়া তালিকাভুক্ত কৰাৰ কথা বিবেচনা কৰিব উচ্চতম ন্য়ায়ালয়ে ৷

Bilkis Bano rape case
Bilkis Bano rape case
author img

By

Published : Dec 13, 2022, 9:07 AM IST

নিউজ ডেস্ক, 13 ডিচেম্বৰ: বিলকিছ বানো দলবদ্ধ ধৰ্ষণ গোচৰৰ 11 জন দোষীৰ শাস্তি ৰেহাইৰ আবেদন বিবেচনা কৰিবলৈ গুজৰাট চৰকাৰক দিয়া আদেশ পুনৰীক্ষণৰ আবেদন আগতীয়া তালিকাভুক্ত কৰাৰ কথা বিবেচনা কৰিব উচ্চতম ন্য়ায়ালয়ে (SC hearing on review petition of Bilkis Bano) ৷ সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ে এই কথা জনায় ৷ অধিবক্তা শোভা গুপ্তাই পুনৰীক্ষণ আবেদনখন এতিয়াও তালিকাভুক্ত হোৱা নাই বুলি দাখিল কৰা বিষয়টো লক্ষ্য কৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ আৰু ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে ।

অধিবক্তাই কয় যে, সাম্ভাৱ্য তাৰিখ ৫ ডিচেম্বৰ দেখুওৱা হৈছিল ৷ তাৰ পিছত মুখ্য ন্যায়াধীশে সোনকালে বিষয়টো তালিকাভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়, ‘‘তাৰিখটো দেখিছোঁ, পদ্ধতি অনুসৰি উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে পুনৰীক্ষণ আবেদনৰ সিদ্ধান্ত ৰায় প্ৰদানকাৰী ন্যায়াধীশে নিজৰ চেম্বাৰত লয় ।

সংঘাতৰ সময়ত বানোক ধৰ্ষণ কৰাৰ লগতে পৰিয়ালৰ ৭ জন সদস্যক হত্যা কৰা হয় । পুনৰীক্ষণ আবেদনৰ উপৰিও বানোৱে দোষীক ক্ষমা কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সুকীয়া আবেদন দাখিল কৰিছে (Review petition of Bilkis Bano)। ১৩ ডিচেম্বৰত ন্যায়াধীশ অজয় ​​ৰাস্তোগী আৰু ন্যায়াধীশ বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠৰ সন্মুখত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে বিষয়টো । শীর্ষ ন্যায়ালয়ে গুজৰাট চৰকাৰক ১৯৯২ চনৰ ৯ জুলাইৰ নীতিৰ অধীনত দোষীক অকালতে মুকলি কৰি দিয়াৰ আৱেদন দুমাহৰ ভিতৰত বিবেচনা কৰিবলৈ কৈছিল ৷

২০০২ চনৰ ৩ মাৰ্চত গোধৰা কাণ্ডৰ সময়ত দাহোদ জিলাৰ লিমখেদা তালুকৰ ৰান্ধিকপুৰ গাঁৱত বিলকিছ বানুৰ পৰিয়ালৰ লোকৰ ওপৰত এক সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰি পৰিয়ালটোৰ 7 গৰাকী সদস্যক হত্যা কৰা হৈছিল । আন ছজন সদস্য পলাই যাবলৈ সক্ষম হোৱা বুলি আদালতক জনোৱা হয় । সেই সময়ত দুৰ্বৃত্তই পাঁচ মাহৰ অন্তঃসত্বা বিলকিছ বানুক দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল ৷ ২০০৪ চনত এই গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল ।

পৰৱৰ্তী সময়ত আহমেদাবাদত এই গোচৰৰ বিচাৰ আৰম্ভ হয় । কিন্তু বিলকিছ বানোৱে সাক্ষীৰ ক্ষতি হ’ব পাৰে বুলি শংকা প্ৰকাশ কৰাৰ পিছত আৰু কেন্দ্ৰীয় অনুসন্ধানকাৰী আয়োগে সংগ্ৰহ কৰা প্ৰমাণ খেলিমেলি কৰাৰ পিছত ২০০৪ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে গোচৰটো মুম্বাইলৈ হস্তান্তৰ কৰে ।

লগতে পঢ়ক: বিলকিছ বানু গোচৰৰ ১১ দোষীক ৰেহাইৰ বিৰুদ্ধে কৰা আবেদন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

উল্লেখযোগ্য যে, ২০০৮ চনৰ ২১ জানুৱাৰীত চিবিআইৰ বিশেষ আদালতে বিলকিছ বানোৰ দলবদ্ধ ধৰ্ষণ আৰু পৰিয়ালৰ ৭জন সদস্যক হত্যাৰ অভিযোগত এঘাৰজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে (Convicts of Bilkis Bano rape case) । ২০১৮ চনত অভিযুক্ত ব্যক্তিসকল দোষী সাব্যস্ত হোৱাটো সমৰ্থন কৰি দিয়া আদেশত বোম্বে উচ্চ ন্যায়ালয়ে এই গোচৰৰ ৭ জন ব্যক্তিক দোষমুক্ত কৰাৰ সিদ্ধান্তও বাতিল কৰিছিল ।

অকাল মুক্তিৰ অনুমতি লাভ কৰা ১১ জন দোষী হৈছে যশৱন্তভাই নাই, গোবিন্দভাই নাই, শৈলেশ ভাট্ট, ৰাধেশাম শ্বাহ, বিপিন চন্দ্ৰ যোশী, কেশৰভাই ভোহানিয়া, প্ৰদীপ মৰ্ধিয়া, বকাভাই ভোহানিয়া, ৰাজুভাই ছোনী, মিতেশ ভাট্ট আৰু ৰমেশ চন্দনা (Convicts in Bilkis Bano rape case pardoned)।

স্মৰ্তব্য যে, স্বাধীনতাৰ 75 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’’ৰ (Azadi Ka Amrit Mahotsav) অংশ হিচাপে দেশৰ কাৰাগাৰত বন্দী হৈ থকা একাংশ কয়দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল (Rape convicts released from jail in Gujrat) ৷ সেইসকল কয়দীৰ মাজত স্থান লাভ কৰিলে বিলকিছ বানোৰ ধৰ্ষণকাৰী এই 11 গৰাকী কাৰাবন্দীয়ে (Bilkis Bano rape convicts) ৷

২০০৮ চনৰ ২১ জানুৱাৰীত কেন্দ্ৰীয় অনুসন্ধানকাৰী আয়োগৰ মুম্বাইৰ এখন বিশেষ আদালতে বিলকিছ বানোৰ দলবদ্ধ ধৰ্ষণ (Bilkis Bano rape case) আৰু তেওঁৰ পৰিয়ালৰ সাতজন সদস্যক হত্যাৰ অভিযোগত এঘাৰজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । পৰৱৰ্তী সময়ত তেওঁলোকৰ দোষী সাব্যস্ত হোৱা বুলি বোম্বে উচ্চ ন্যায়ালয়ে সমৰ্থন কৰে ।

এই দোষীসকলে ১৫ বছৰতকৈ অধিক সময় কাৰাবাস খাটিছিল ৷ যাৰ পিছত তেওঁলোকৰ এজনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু তেওঁক সময়সীমা শেষ হোৱাৰ পূৰ্বে মুকলি কৰি দিয়াৰ বাবে আবেদন জনাইছিল । পেনেলৰ মুৰব্বী পঞ্চমহলৰ কালেক্টৰ সুজল মায়াত্ৰাই কয় যে, উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰক তেওঁৰ শাস্তি ক্ষমা কৰাৰ বিষয়টো চাবলৈ নিৰ্দেশ দিছিল আৰু তাৰ পিছত চৰকাৰে এখন কমিটী গঠন কৰিছিল ।

লগতে পঢ়ক: Delhi High Court : জেকলিন ফাৰ্ণাণ্ডেজৰ শুনানি ২০ ডিচেম্বৰলৈ স্থগিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.