ETV Bharat / bharat

SC on Electoral Bonds : উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিব নিৰ্বাচনী বণ্ড আঁচনি গোচৰৰ শুনানি

উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিৰ শুনানি গ্ৰহণ কৰাৰ কথা আছে । যাৰ ওপৰত প্ৰতিটো ৰাজনৈতিক দলৰ দৃষ্টি নিবদ্ধ আছে । নিৰ্বাচনৰ পুঁজিৰ বাবে ই এক গুৰুত্বপূৰ্ণ আঁচনি ।

SC on Electoral Bonds
উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিব নিৰ্বাচনী বণ্ড আঁচনি গোচৰৰ শুনানি
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:52 AM IST

নেশ্যনেল ডেস্ক,৩১ অক্টোবৰ : উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া সংবিধান বিচাৰপীঠে মঙলবাৰৰ পৰা ৰাজনৈতিক দলসমূহক পুঁজি যোগান ধৰাৰ বাবে নিৰ্বাচনী বণ্ড আঁচনিৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা এক আবেদনৰ শুনানি আৰম্ভ কৰিব । আঁচনিখন সম্পৰ্কে চৰকাৰে ২০১৮ চনৰ ২ জানুৱাৰীত জাননী দিছিল । ৰাজনৈতিক পুঁজিত স্বচ্ছতা অনাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৰাজনৈতিক দলসমূহক নগদ অনুদানৰ বিকল্প হিচাপে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল ।

আঁচনিখন অনুসৰি ভাৰতৰ যিকোনো নাগৰিক বা ভাৰতত অন্তৰ্ভুক্ত বা প্ৰতিষ্ঠা কৰা কোনো সংস্থাই নিৰ্বাচনী বণ্ড ক্ৰয় কৰিব পাৰিব । যিকোনো ব্যক্তিয়ে আন ব্যক্তিৰ সৈতে যুটীয়াভাৱে নিৰ্বাচনী বণ্ড ক্ৰয় কৰিব পাৰিব । মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সঞ্জীৱ খান্না, বি আৰ গাভাই, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত বিচাৰপীঠে ৪ খন আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰাৰ কথা আছে । আবেদনৰ ভিতৰত কংগ্ৰেছ নেতা জয়া ঠাকুৰ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ আবেদনো আছে ।

শুনানিৰ পূৰ্বে, এটৰ্নি জেনেৰেল (এজি) আৰ ভেংকটৰমণীয়ে আদালতত দাখিল কৰা এক বিবৃতিত কয় যে পুঁজিৰ উৎস সম্পৰ্কে সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক)ৰ অধীনত নাগৰিকসকলৰ তথ্য জনাৰ অধিকাৰ নাই । ৰাজনৈতিক দলসমূহক পুঁজি যোগান ধৰাৰ বাবে নিৰ্বাচনী বণ্ড আঁচনিয়ে স্বচ্ছ ধনত অৰিহণা যোগায় বুলি ধৰি লোৱা হয় । শীৰ্ষ আইনী বিষয়াই কোৱা মতে যুক্তিসঙ্গত নিষেধাজ্ঞাৰ অধীন নোহোৱাকৈ একো আৰু সকলো জানিবলৈ কোনো সাধাৰণ অধিকাৰ থাকিব নোৱাৰে ।

ন্যায়ালয়ে গোচৰটোৰ শুনানি আৰম্ভ কৰাৰ প্ৰাকক্ষণত কংগ্ৰেছ নেতা পি চিদাম্বৰমে সোমবাৰে অভিযোগ কৰে যে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকৰ অভিপ্ৰায় স্পষ্ট কৰি দিছে যে ই ডাঙৰ কৰ্পোৰেটৰ পৰা অস্বচ্ছ, গোপন আৰু ষড়যন্ত্ৰমূলকভাৱে পুঁজি সংগ্ৰহ কৰিব । ইফালে বিজেপিয়েও চিদাম্বৰমক প্ৰত্যুত্তৰ দি কয় যে কংগ্ৰেছে অধিক স্বচ্ছ আৰু গণতান্ত্ৰিক ৰাজনৈতিক পুঁজি ব্যৱস্থা নিশ্চিত কৰাৰ যিকোনো প্ৰচেষ্টাৰ বিৰোধিতা কৰাটো দুখজনক ।

লগতে পঢ়ক :Delhi excise policy case: 2 নৱেম্বৰত অৰবিন্দ কেজৰিৱালক চমন ই ডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.