নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে অসম আৰক্ষীয়ে বৃহস্পতিবাৰে দিল্লী বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা (Congress leader Pawan Khera arrested) জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাক এক ডাঙৰ সকাহ দিছে উচ্চতম ন্যায়ালয়ে ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে (Pawan khera got interim bail) । শীৰ্ষ ন্যায়ালয়ে অসম আৰু উত্তৰ প্ৰদেশ আৰক্ষীক খেৰাৰ বিৰুদ্ধে সকলো এজাহাৰ সংগ্ৰহ কৰিবলৈ জাননী জাৰি কৰিছে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘গৌতমদাস’ বুলি এক সংবাদমেলত কটাক্ষ কৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ খেৰাৰ এই মন্তব্যৰ পাচতেই দেশৰ বিভিন্ন প্ৰান্তত বিজেপি কৰ্মীসকলে পৱন খেৰাক গ্ৰেপ্তাৰৰ দাবীৰে দাখিল কৰিছিল এজাহাৰ (Pawan Khera remarks on PM Modi) ৷ কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰাৰ পাচত সকাহ বিচাৰি বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ।
খেৰাই শীৰ্ষ আদালতত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে কৰা তেওঁ মন্তব্যৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু বাৰাণসী লগতে অসমত তেওঁৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল হোৱাৰ কথা উল্লেখ কৰে ৷ ইয়াৰ পাচতেই এই গোচৰৰ শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পাচত অসম আৰক্ষীয়ে পৱন খেৰাক তেওঁলোকৰ লগত লৈ যাব নোৱাৰিব ।
লগতে পঢ়ক: Congress Pawan Khera on Modi : প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ গৌতমদাস মোদী আখ্যা কংগ্ৰেছ নেতা পৱন খেৰাৰ
ইয়াৰ উপৰিও, উচ্চতম ন্যায়ালয়ে অসম আৰক্ষী, লক্ষ্ণৌ আৰক্ষী আৰু বাৰাণসী আৰক্ষীক কি অভিযোগত নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে সেই সন্দৰ্ভত অৱগত কৰাৰ বাবে জাননী জাৰি কৰিছে । পৱন খেৰাৰ বিৰুদ্ধে দাখিল কৰা তিনিখন এজাহাৰ শুনানি একেসময়তে হ'ব । ইফালে উচ্চতম ন্যায়ালয়ে পৱন খেৰাক তেওঁ কৰা মন্তব্যৰ বাবে ভৎসনা কৰে । খেৰাৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা এ এম সিংভিয়ে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ সন্মুখত এই বিষয়টো জৰুৰীভাৱে সূচীবদ্ধ কৰাৰ বাবে আহ্বান জনায় ৷
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে মহাৰাষ্ট্ৰ শিৱসেনা গোচৰৰ সংবিধান বিচাৰপীঠৰ শুনানিৰ পাচত বৃহস্পতিবাৰে বিয়লি এই বিষয়টোৰ শুনানি গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, পৱন খেৰাক মঙলবাৰৰ আগতে গ্ৰেপ্তাৰ কৰিব নোৱাৰি ।
লগতে পঢ়ক: Pawan Khera arrested: কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ