নেশ্যনেল ডেস্ক,৪ জুলাই : দিল্লী বিদ্যুৎ নিয়ামক আয়োগৰ নতুন অধ্যক্ষ নিযুক্তিক লৈ বিতৰ্ক অব্যাহত আছে । দিল্লী চৰকাৰ আৰু লেফটেনেণ্ট গৱৰ্ণৰৰ কাৰ্যালয়ৰ মাজত এই বিষয়ক লৈ শীতল যুদ্ধ হোৱাও দেখা গৈছে । ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান । উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী শুনানি গ্ৰহণ নকৰালৈ ডিইআৰচিৰ নতুন অধ্যক্ষ হিচাপে শপক ল'ব নোৱাৰিব এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ উমেশ কুমাৰে । উমেশ কুমাৰৰ নিযুক্তিক প্ৰত্যাহ্বান জনাই দিল্লী চৰকাৰে দাখিল কৰা এক আবেদন পৰীক্ষা কৰিবলৈও সন্মত হৈছে উচ্চতম ন্যায়ালয়ে । আবেদনখনত দিল্লী চৰকাৰে দাবী কৰিছে যে আনৰ সন্মতি অবিহনে লেফটেনেণ্ট গভৰ্ণৰে একপক্ষীয়ভাৱে এই নিযুক্তি দিছিল ।
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত এখন বিচাৰপীঠে কয় যে আদালতে আবেদনখনৰ ওপৰত জাননী জাৰি কৰিব আৰু ১১ জুলাইত বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব । ১১ জুলাইলৈ শপত গ্ৰহণ কৰা নহয় বুলি এক বিবৃতি প্ৰকাশ কৰিব পাৰিব বুলিও বিচাৰপীঠে উল্লেখ কৰিছে । দিল্লী চৰকাৰক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা এ এম সিংভি আৰু কেন্দ্ৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই সন্দৰ্ভত যুক্তি দিছিল । মেহতাই আদালতক জনোৱা মতে শপতগ্ৰহণ চৰকাৰৰ মন্ত্ৰীয়ে পৰিচালনা কৰিব ।
শীৰ্ষ ন্যায়ালয়ে উল্লেখ কৰে যে কেন্দ্ৰই জাৰি কৰা শেহতীয়া অধ্যাদেশৰ দ্বাৰা সংশোধন কৰা দিল্লী চৰকাৰৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (জিএনচিটিডি) আইনৰ ধাৰা ৪৫ডিৰ বৈধতা সন্দৰ্ভত আবেদনখনে আইনৰ এটা বিষয় উত্থাপন কৰিছে । দিল্লী চৰকাৰৰ মতে, অধ্যাদেশটোৱে নিৰ্বাচিতসকলৰ ওপৰত লেফটেনেণ্ট গভৰ্ণৰক অতিৰিক্ত ক্ষমতা প্ৰদান কৰে । শীৰ্ষ আদালতে কেন্দ্ৰ, লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যালয় আৰু ভাৰতৰ এটৰ্নি জেনেৰেলকো জাননী জাৰি কৰে ।
শুনানিৰ সময়ত, শীৰ্ষ আদালতে প্ৰাক্তন ন্যায়াধীশক ডিইআৰচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া অধিসূচনা স্থগিত ৰাখিবলৈ ইচ্ছুক যেন লাগিছিল কিন্তু তাৰ পৰা বিৰত থাকে আৰু শপত গ্ৰহণ অনুষ্ঠান স্থগিত ৰখা হ'ব বুলি উল্লেখ কৰে । দিল্লী চৰকাৰৰ অধিবক্তা সিংভিয়ে যুক্তি দিছিল যে ৰাজনৈতিক কাৰ্যবাহীয়ে ৰাজধানীৰ নাগৰিকসকলক ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰে আৰু কেন্দ্ৰই নিজৰ অধ্যক্ষ নিযুক্ত কৰি এই বিনামূলীয়া বিদ্যুৎ আঁচনি বন্ধ কৰিব বিচাৰে । অৱশ্যে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই ক্ষেত্ৰত আপত্তি দৰ্শায় ।
উল্লেখ্য যে ন্যায়াধীশ উমেশ কুমাৰক ২১ জুনত দিল্লী বিদ্যুৎ নিয়ামক আয়োগৰ (ডিইআৰচি) অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল । তেতিয়াৰে পৰা বিষয়টোক লৈ বিতৰ্ক অব্যাহত আছে ।
লগতে পঢ়ক :Modi surname case : পাটনা আদালতত আজি ৰাহুল গান্ধীৰ মোদী উপাধি গোচৰৰ শুনানি