ETV Bharat / bharat

Internet ban in Manipur : ইণ্টাৰনেট নিষিদ্ধক লৈ উচ্চতম ন্যায়ালয়ত নহয় জৰুৰী শুনানি - Manipur violence

৩ মে'ৰ পৰা মণিপুৰত ইণ্টাৰনেট সেৱা স্থগিত আছে (Internet ban in Manipur)। মঙলবাৰে পুনৰ চৰকাৰে ইণ্টাৰনেট সেৱা নিষিদ্ধৰ সময় ১০ জুনলৈ বৃদ্ধি কৰিছে । ইফালে এই সন্দৰ্ভত জৰুৰী শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে ।

Internet ban in Manipur
ইণ্টাৰনেট নিষিদ্ধক লৈ উচ্চতম ন্যায়ালয়ত নহয় জৰুৰী শুনানি
author img

By

Published : Jun 9, 2023, 2:07 PM IST

নেশ্যনেল ডেস্ক,৯ জুন : মণিপুৰত সংঘৰ্ষ অব্যাহত আছে (Manipur violence)। যোৱা ৩ মে'ৰ পৰা হিংসাজৰ্জৰ ৰাজ্যখন শান্ত হোৱা নাই । এনে পৰিস্থিতিত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰৰ বাবে দুগৰাকী নাগৰিকে উচ্চতম ন্যায়ালয়ত বিশেষ আবেদন জনাইছিল । জৰুৰী শুনানিৰ বাবে তেওঁলোকে আবেদন জনাইছিল । কিন্তু উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ জৰুৰী আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে (SC declines urgent hearing on Manipur internet ban)।

অনিৰুদ্ধ বসু আৰু ৰাজেশ বিন্দালৰ বিচাৰপীঠে লক্ষ্য কৰিছে যে উচ্চ ন্যায়ালয়ে ইতিমধ্যে একে ধৰণৰ বিষয়ত বিচাৰ কৰি আছে । উচ্চ ন্যায়ালয়ে বিষয়টোত শুনানি গ্ৰহণ কৰি আছে । এই প্ৰক্ৰিয়াবোৰৰ পুনৰাবৃত্তি কৰাৰ কি প্ৰয়োজন বুলিও ন্যায়াধীশে প্ৰশ্ন কৰে । এয়া নিয়মীয়া বিচাৰপীঠৰ সন্মুখত দাখিল কৰিবলৈও বিচাৰপীঠে উল্লেখ কৰে (SC on Manipur internet ban)।

মণিপুৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা চোংথাম ভিক্টৰ সিং আৰু স্থানীয় ব্যৱসায়ী মায়েংবাম জেমছে দাখিল কৰা আবেদনখনত ইণ্টাৰনেট বন্ধ হোৱাৰ নেতিবাচক প্ৰভাৱ যেনে আবেদনকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক, মানৱীয়, সামাজিক আৰু মানসিক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰিছে । যুক্তি দিয়া হৈছে যে আবেদনকাৰীসকলে বেংকৰ পৰা ধন লাভ কৰিবলৈ, গ্ৰাহকৰ পৰা পৰিশোধ লাভ কৰিবলৈ, দৰমহা বিতৰণ কৰিবলৈ বা ইমেইল বা হোৱাটছএপৰ জৰিয়তে যোগাযোগ ৰক্ষা কৰিবলৈ অক্ষম হৈছে । অধিবক্তা শাদান ফাৰাছাতে জৰুৰী শুনানি বিচাৰি বিচাৰপীঠৰ সন্মুখত বিষয়টো উত্থাপন কৰিছিল ।

আবেদনখনত লগতে কোৱা হৈছে যে কথা কোৱা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সাংবিধানিক অধিকাৰৰ ক্ষেত্ৰত হস্তক্ষেপ আৰু ইণ্টাৰনেটৰ সাংবিধানিকভাৱে সুৰক্ষিত মাধ্যম ব্যৱহাৰ কৰি যিকোনো বাণিজ্য বা ব্যৱসায় চলোৱাৰ অধিকাৰত এই নিষেধাজ্ঞা সম্পূৰ্ণ অসামঞ্জস্যপূৰ্ণ ।

উল্লেখ্য যে মণিপুৰ চৰকাৰে মঙলবাৰে ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা ১০ জুনলৈ বৃদ্ধি কৰিছিল (Manipur Internet ban extended till June 10)। ব্ৰডবেণ্ডকে ধৰি ম'বাইল ডাটা সেৱা ১০ জুনৰ আবেলি ৩ বজালৈ স্থগিত থাকিব । প্ৰথমবাৰলৈ ৰাজ্যখনত এই নিষেধাজ্ঞা ৩ মে'ত ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰত পুনৰ হিংসাৰ জুই; ইণ্টাৰনেট নিষেধাজ্ঞা ১০ জুনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.