ETV Bharat / bharat

Brij Bhushan case: ব্ৰীজ ভূষণৰ বিৰুদ্ধে মল্লযোদ্ধাৰ আবেদন প্ৰক্ৰিয়া বন্ধ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে - ব্ৰীজ ভূষণ শৰণ সিং

ব্ৰীজ ভূষণ শৰণ সিঙৰ প্ৰতিবাদ অব্যাহত ৰাখিব মল্লযোদ্ধাসকলে ৷ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পাচতেই পুনৰ এই ঘোষণা প্ৰতিবাদী মল্লযোদ্ধাৰ ৷ ব্ৰীজ ভূষণৰ বিৰুদ্ধে আছে মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ (Case against Brij Bhusan) ৷

Brij Bhushan case
Brij Bhushan case
author img

By

Published : May 4, 2023, 10:39 PM IST

নিউজ ডেস্ক, 4 মে’: ভাৰতীয় কুস্তি ফেডাৰেচনৰ অধ্যক্ষ ব্ৰীজ ভূষণৰ (Brij Bhushan case) বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ আবেদনৰ ওপৰত কাৰ্যক্ৰম বন্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে সিদ্ধান্ত ৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত প্ৰতিবাদী মল্লযোদ্ধাসকলে কোনো বিফলতা নহয় বুলি উল্লেখ কৰি বৃহস্পতিবাৰে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য যে, বিগত 23 এপ্ৰিলৰ পৰা মল্লযোদ্ধাসকলে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ (WFI president) ৷ ব্ৰীজ ভূষণৰ বিৰুদ্ধে এগৰাকী নাবালিকা মল্লযোদ্ধাৰ লগতে 7 গৰাকী মহিলা মল্লযোদ্ধাক যৌন উৎপীড়ন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী মল্লযোদ্ধাসকলে ৷

উল্লেখ্য যে, সৰ্বোচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে ব্ৰীজ ভূষণক অভিযুক্ত কৰি তিনিগৰাকী মহিলা মল্লযোদ্ধাই তৰা গোচৰ আবেদনৰ ওপৰত চলি থকা কাৰ্যক্ৰম বন্ধ কৰি দিয়ে ৷ লগতে, এজাহাৰ দাখিল কৰা আটাইকেইগৰাকী মহিলা মল্লযোদ্ধাক নিৰাপত্তা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে সৰ্বোচ্চ ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ এই ৰায়ৰ পাচতেই ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী সাক্ষী মালিকে (Bronze medalist Sakshi Malik) কয়, ‘‘আমি উচ্চতম ন্যায়ালয়ৰ আদেশক সন্মান জনাইছোঁ কিন্তু প্ৰতিবাদ অব্যাহত থাকিব, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আমাৰ বাবে কোনো বিফলতা নহয় ৷’’

প্ৰতিবাদী মল্লযোদ্ধাসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পাচত ভৱিষ্যতৰ কাৰ্যপন্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে ৷ উল্লেখ্য যে, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে মল্লযোদ্ধাসকলক প্ৰতিনিধিত্ব কৰা পৰামৰ্শদাতাৰ দ্বাৰা মৌখিক আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ৷

ইফালে, মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াইছে সকলো স্তৰৰ লোকে ৷ সমান্তৰালভাৱে ব্ৰীজ ভূষণ শৰণ সিঙক গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰিছে ৷ স্মৰ্তব্য যে, পূৰ্বে ব্ৰীজ ভূষণক পদত্য়াগ কৰিবলৈ উত্থাপন কৰা দাবীৰ প্ৰত্যুত্তৰত ব্ৰীজ ভূষণে কৈছিল যে মই কোনো অপৰাধী নহয় আৰু পদত্যাগ নকৰোঁ ৷

লগতে পঢ়ক: Manipur Violence: মণিপুৰ জ্বলি আছে ! আৱেগিকভাৱে কেন্দ্ৰলৈ সহায়ৰ আবেদন মেৰীকমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.