ETV Bharat / bharat

অভিনেতা ৰজনীকান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

author img

By

Published : Dec 27, 2020, 7:05 PM IST

হায়দৰাবাদত চিকিৎসাধীন অভিনেতা-ৰাজনীতিবিদ ৰজনীকান্তক দেওবাৰে অব্যাহতি দিয়া হৈছে চিকিৎসালয়ৰ পৰা ৷ উচ্চ ৰক্ত-চাপজনিত কাৰণত অসুস্থতা অনুভৱ কৰা অভিনেতাগৰাকীক হায়দৰাবাদৰ এপ’ল’ চিকিৎসালয়ত শুকুৰবাৰে ভৰ্তি কৰোৱা হৈছিল ৷

অভিনেতা ৰজনীকান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি
অভিনেতা ৰজনীকান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি

হায়দৰাবাদ,27 ডিচেম্বৰ: বৰদিনৰ দিনটোতে হায়দৰাবাদৰ এপ’ল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অভিনেতা-চুপাৰষ্টাৰ ৰজনীকান্তক ৷ অভিনেতাগৰাকীয়ে উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ দেওবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় অভিনেতাগৰাকীক ৷ চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰে এই কথা ৷

হায়দৰাবাদস্থিত এপ’ল’ চিকিৎসালয় কৰ্তৃপক্ষই শনিবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত অভিনেতাগৰাকীৰ শাৰিৰীক অৱস্থাৰ উন্নতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হ’ব বুলি উল্লেখ আছিল ৷ শনিবাৰে 70 বৰ্ষীয় অভিনেতাগৰাকীৰ শাৰিৰীক অৱস্থাৰ পৰ্যবেক্ষণ কৰে চিকিৎসকৰ এটা দলে ৷ লগতে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

বিগত 13 ডিচেম্বৰত চান পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত তামিল চলচিত্ৰ আন্নাথীৰ তেলেংগানাত চলি থকা দৃশ্যগ্ৰহণত ব্যস্ত থকাৰ সময়তে অভিনেতাগৰাকীয়ে অসুস্থ অনুভৱ কৰে ৷ ততালিকে অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হয় এপ’ল’ চিকিৎসালয়ত ৷ বৰ্ষীয়ান চুপাৰষ্টাৰগৰাকীক চিকিৎসালয়ত আছুতীয়াকৈ পৰ্যবেক্ষণ কৰে চিকিৎসকৰ দলে ৷ কিয়নো ইয়াৰ পূৰ্বে চাৰিগৰাকী লোক আক্ৰান্ত হৈছে কোভিড 19 ত ৷ উল্লেখ্য যে, দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে 2021 চনৰ তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজাববীয়াকৈ এটা ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিব ৷

লগতে চাওকঃ কোভিড 19 : দেশত 18,732 গৰাকী নতুন আক্ৰান্ত চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.