ETV Bharat / bharat

Super cyclone Sitrang: দেৱালীৰ সময়তে ছিত্ৰাং আহি আছে

দীপাৱলীৰ সময়ত এইবাৰ চলিব ছিত্ৰাঙৰ তাণ্ডৱ (Sitrang to Hit Indian coast) ৷ পিছে, এই ছিত্ৰাং কি বাৰু ? কিয় ছিত্ৰাঙক লৈ চিন্তা বাঢ়িছে মানুহৰ ছিত্ৰাং ক’লৈ আহিব ? আপোনাৰ মনতো চাগৈ অলেখ প্ৰশ্নৰ উদয় হৈছে (What id Sitrang)৷

author img

By

Published : Oct 12, 2022, 5:41 PM IST

Super cyclone Sitrang
Super cyclone Sitrang

নিউজ ডেস্ক, 12 অক্টোবৰ: ছিত্ৰাং আহি আছে ৷ দীপাৱলীৰ সময়ত এইবাৰ চলিব ছিত্ৰাঙৰ তাণ্ডৱ (Sitrang to Hit Indian coast) ৷ ছিত্ৰাঙকলৈ এতিয়া চিন্তিত হৈছে সকলো ৷ পিছে, এই ছিত্ৰাং কি বাৰু ? কিয় ছিত্ৰাঙক লৈ চিন্তা বাঢ়িছে মানুহৰ ছিত্ৰাং ক’লৈ আহিব ? আপোনাৰ মনতো চাগৈ অলেখ প্ৰশ্নৰ উদয় হৈছে (What id Sitrang)৷

ৰ’ব আপোনাৰ মনৰ খুদুৱনি ভাঙি দিওঁ ৷ ছিত্ৰাং হৈছে এক প্ৰৱল ঘূৰ্ণি বতাহ (Super cyclone Sitrang) ৷ পূৱ-মধ্য বংগোপ সাগৰত অহা সপ্তাহত এই ঘূৰ্ণি বতাহ সৃষ্টি হ’ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে ৷ উত্তৰ আন্দামানতো অক্টোবৰৰ 14 ৰ পৰা 20 তাৰিখৰ ভিতৰত ইয়াৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে ৷

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, অহা সপ্তাহত এই ঘূৰ্ণি বতাহ দক্ষিণ বংগৰ দিশে বলাৰ সম্ভাৱনা আছে (Sitrang cyclone in Bay of Bengal) ৷ যাৰ ফলত উত্তৰ বংগৰো বহুকেইটা স্থানত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ ইয়াৰ লগতে প্ৰৱল ভূমিস্খলনৰো আশংকা কৰা হৈছে ৷

উত্তৰ বংগৰ কোচবিহাৰ, জলপাইগুৰি, আলিপুৰদুৱাৰ, কালিম্পং, দাৰ্জিলিঙৰো দুই-এক স্থানত প্ৰৱল বৃষ্টিপাত হ’ব পাৰে এই ছিত্ৰাঙৰ ফলত ৷ চিকিমতো বৃষ্টিপাত আৰু ভূমিস্খলনৰ সম্ভাৱনা ৷ নামনি অংশত বৃষ্টিপাতৰ ফলত বানৰ উদ্ভৱ হোৱাৰো আশংকা কৰা হৈছে ৷

আনহাতে, ছিত্ৰাং সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক বতৰ বিজ্ঞান সংস্থাই জনাইছে যে, বংগোপ সাগৰত সৃষ্টি হোৱা এই ঘূৰ্ণি বতাহে অন্ধ্ৰৰ পৰা বাংলাদেশৰ কোনো স্থানত সাগৰৰ উপকূলত খুন্দা মাৰিব পাৰে (Super cyclone Sitrang) ৷ ঘন্টাত 200 ৰ পৰা 250 কিঃমিঃ বেগত এই ঘূৰ্ণি বতাহ বলাৰ সম্ভাৱনা প্ৰকট কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

ঘূৰ্ণি বতাহৰ সম্ভাৱনীয়তা প্ৰকাশ পোৱাৰ পাচতেই ইতিমধ্যে সমুদ্ৰ উপকূলত বসবাস কৰা লোক সকলক সতৰ্ক কৰি দিয়া হৈছে ৷ এক সূত্ৰই জনোৱা মতে, 2013 চনৰ পৰাই ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰতিটো ঘূৰ্ণি বতাহৰ (Cyclones in India) সঠিক পূৰ্বানুমান কৰি আহিছে ৷

লগতে পঢ়ক: Drugs seized : ৪৭ কোটি মূল্যৰ ড্ৰাগছ জব্দ ত্ৰিপুৰা সীমান্তত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.