নেচনেল ডেস্ক,14 মাৰ্চ : হীৰা ৰতন মানেক এজন গুজৰাটী ব্যৱসায়ী ৷ খাদ্য গ্ৰহণ নকৰাকৈ তেওঁ বছৰ বছৰ জীৱন যাপন কৰি আহিছিল ৷ জীয়াই থাকিবলৈ সূৰ্য্যৰ পৰাই তেওঁ আহৰণ কৰিছিল শক্তি ৷ তেওঁ এজন গুজৰাটী ব্যৱসায়ী আৰু সৌৰ আৰোগ্যৰ প্ৰচাৰক আছিল । অৱশেষত 84 বছৰ বয়সত মৃত্যু বৰণ কৰিলে মানেকে (Sungazer Hira Ratan Manek passes away) ।
১৯৯৫ চনৰ পৰা তেওঁ সৌৰ শক্তি আৰু পানী ব্যৱহাৰ কৰি জীৱন যাপন কৰা আৰম্ভ কৰিছিল (man lived years without food consuming sun energy) ।আমেৰিকাৰ মহাকাশ কেন্দ্ৰ নাছাই তেওঁক আমন্ত্ৰণ কৰি ২০০২ চনৰ জুলাইমাহৰ পৰা নৱেম্বৰ লৈকে তেওঁৰ ওপৰত গৱেষণা চলাইছিল ।
অধ্যয়নটোৰ বিষয় আছিল যেতিয়া মানুহে মহাকাশলৈ যায় তেতিয়া হীৰা ৰতনৰ জীৱন ধাৰণৰ পৰিস্থিতি মহাকাশত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি । যেতিয়া শৰীৰে সূৰ্যৰ পৰা শক্তি প্ৰাপ্ত কৰে, ই চিপ হিচাপে কাম কৰে । মানেকে কেৱল দাবী কৰাই নহয় প্ৰমাণো কৰে যে আপুনি সূৰ্যৰ উপাসনাৰ পৰা পোৱা শক্তি আৰু পানী ব্যৱহাৰ কৰি স্বাস্থ্যৱান হৈ থাকিব পাৰে ।পেছাত মানেক আছিল এজন জাহাজ ব্যৱসায়ী, তেওঁ 1962 চনত পণ্ডিচেৰীৰ অৰবিন্দ আশ্ৰম পৰিদৰ্শন কৰাৰ সময়ত সৌৰ আৰোগ্যৰ বিষয়ে জানিব পাৰিছিল । তাৰ পিছত আগ্ৰহেৰে তেওঁ সূৰ্যৰ ওপৰত ধ্যান কৰিবলৈ আৰম্ভ কৰিলে ।
১৯৯২ চনৰ পৰা এজন সম্পূৰ্ণ সূৰ্য উপাসক হিচাপে জীৱন আৰম্ভ কৰে ৷ তেওঁৰ উপাসনাৰ সূচীত আছিল শুই উঠাৰ এঘণ্টা পিছত আৰু সূৰ্যাস্তৰ এঘণ্টা আগতে সূৰ্যক খালি চকুৰে চোৱা । তেওঁৰ মতে, প্ৰথমতে কেই ছেকেণ্ড মান সময় হে সূৰ্যলৈ চাবলৈ পৰা যায়, কিন্তু সাত মাহৰ ভিতৰত ইয়াক আধা ঘণ্টালৈ বৃদ্ধি কৰিব পাৰি । ন মাহৰ ভিতৰত, ইয়াৰ ফলত শৰীৰ শক্তিৰ ভঁৰাল হৈ পৰে ।
তেওঁ দাবী কৰিছিল যে ইয়াৰ দ্বাৰা, লোক এজনে তেওঁৰ শৰীৰৰ ভোক হেৰুৱাব আৰু খাদ্য ত্যাগ কৰিব সক্ষম হ’ব । ১৯৯৫ চনৰ জুন মাহত মানেকে ড৹ চি কে ৰামচন্দ্ৰনৰ তত্বাৱধানত কোজিকোডত ২১৩ দিন উপবাস কৰিছিল। পৰীক্ষাটোত তৃষ্ণাতুৰ অৱস্থাত সূৰ্যৰ পোহৰ আৰু খোৱা পানীৰ সংস্পৰ্শলৈ অহাটো জড়িত আছিল।
তেওঁ ২০০১ চনত তেওঁ আহমেদাবাদত একেৰাহে ৪১১ দিন উপবাস কৰিছিল । তেওঁৰ এই দীঘলীয়া উপবাসটো ডাঙৰ খবৰ হৈ পৰাৰ লগে লগে মানেককলৈ বিশ্বব্যাপী চৰ্চা হয় । পেনচিলভেনিয়া বিশ্ববিদ্যালয় আৰু থমাছ জেফাৰছনৰ আমন্ত্ৰণৰ পিছত তেওঁৰ দ্বিতীয় পৰীক্ষাটো তেতিয়াৰ IMA ৰ প্ৰমুখৰ নেতৃত্বত ২১ জনীয়া চিকিৎসকৰ দলৰ তত্বাৱধানত সম্পন্ন কৰা হৈছিল, মানেকে বক্তৃতা দিবলৈ আৰু ফ্লৰিডাত নাছাৰ কেনেডি স্পেচ চেণ্টাৰ পৰিদৰ্শন কৰিবলৈ আমেৰিকা লৈ গৈছিল ।
নাছাই ইতিমধ্যে মানেকক স্বীকাৰ কৰিবলৈ বাধ্য হৈছে কিন্তু, এই সম্পৰ্কত কথা বতৰা আগবঢ়োৱা নাই । মানেকে বিশ্বাস কৰিছিল যে, সূৰ্যৰ উপাসনা কৰাৰ ফলত মহাকাশচাৰীসকলে খাদ্য অবিহনে মহাকাশত দীঘলীয়া সময় অতিবাহিত কৰিব পাৰিব ।
লগতে পঢ়ক : পোলেণ্ডলৈ সাময়িকভাৱে স্থানান্তৰ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাস