ETV Bharat / bharat

Female maoist surrendered : মহিলা মাওবাদীৰ আত্মসমৰ্পণ, ৫ লাখৰ পুৰস্কাৰ আছিল মাওবাদীগৰাকীৰ ওপৰত - Martyrdom Week In Chhattisgarh

ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । ইয়াৰ মাজতে সুকমাত মাওবাদীৰে সংঘৰ্ষ । এগৰাকী মহিলা মাওবাদীৰ আত্মসমৰ্পণ ।

Female maoist surrendered
মহিলা মাওবাদীৰ আত্মসমৰ্পণ
author img

By

Published : Jul 30, 2023, 4:04 PM IST

নেশ্যনেল ডেস্ক,৩০ জুলাই : ছত্তীশগড়ত এগৰাকী ম'ষ্ট ৱাণ্টেড মহিলা মাওবাদীয়ে আত্মসমৰ্পণ কৰে । বস্তাৰ বিভাগৰ সুকমা জিলাত আত্মসমৰ্পণ কৰে মহিলা মাওবাদীগৰাকীয়ে । মহিলা মাওবাদীগৰাকীৰ ওপৰত ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । আৰক্ষীয়ে পৰিচালনা কৰা 'নতুন পুৱা নতুন আৰম্ভণি' অভিযান আৰু ছত্তীশগড় চৰকাৰৰ পুনৰ্সংস্থাপন নীতিৰ দ্বাৰা প্ৰভাৱিত হৈ মহিলা মাওবাদীগৰাকীয়ে শ্বহীদ সপ্তাহৰ দ্বিতীয় দিনা আত্মসমৰ্পণ কৰে । মহিলা মাওবাদীগৰাকীৰ ওপৰত সুকমা আৰক্ষীয়েও ১০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।

টংপাল মহকুমা আৰক্ষী বিষয়া টমেশ বাৰ্মাই কোৱা মতে সুকমা আৰক্ষীয়ে মাওবাদী প্ৰভাৱিত অঞ্চলসমূহত নতুন পুৱা নতুন আৰম্ভণি শীৰ্ষক এক অভিযান আৰম্ভ কৰিছিল । তাৰ অংশ হিচাবে আৰক্ষীয়ে নিৰন্তৰ অভিযান চলাই আছে । এই সময়ছোৱাত, সক্ৰিয় মাওবাদীসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনোৱা হৈছে । এই সন্দৰ্ভত বিভিন্ন স্থানত বেনাৰ পোষ্টাৰো লগোৱা হৈছে । ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈ দান্তেৱাড়া-সুকমাৰ সীমান্ত অঞ্চলত ১৫ বছৰ ধৰি সক্ৰিয় হৈ থকা মহিলা মাওবাদীগৰাকীয়ে আত্মসমৰ্পণ কৰে ।

আত্মসমৰ্পণ কৰা মাওবাদীগৰাকী ভেকো হিড়মে এচিএম পদত জনতা তানা চৰকাৰৰ সভাপতি হিচাবে সক্ৰিয় আ ছিল । তেওঁ কেটকল্যাণ-টংপাল অঞ্চলত মাওবাদীৰ সৈতে জড়িত বিভিন্ন ঘটনাৰ অংশ আছিল । বৰ্তমান, আৰক্ষীয়ে আত্মসমৰ্পণকাৰী মহিলা মাওবাদী ভেকো হিড়মেক সোধা-পোছা কৰি আছে । শীঘ্ৰেই পুনঃসংস্থাপন নীতিৰ অধীনত তেওঁ সকলো সুবিধা প্ৰদান কৰা হ'ব বুলিও আৰক্ষীয়ে জনাইছে ।

উল্লেখ্য যে মাওবাদীসকলে নিহত সহকৰ্মীসকলৰ স্মৃতিত ২৮ জুলাইৰ পৰা ৩ আগষ্টলৈ শ্বহীদ সপ্তাহ পালন কৰিছে । শ্বহীদ সপ্তাহৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে সুকমা জিলাত এক সংঘৰ্ষ হয় । আনহাতে সন্ধিয়ালৈ মহিলা মাওবাদীগৰাকীয়ে আত্মসমৰ্পণ কৰাৰ লগে লগে বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে সুকমা আৰক্ষীয়ে ইয়াক এক বৃহৎ সফলতা হিচাপে বিবেচনা কৰিছে ।

লগতে পঢ়ক :Gangster Shot Dead in Canada : কানাডাত গেংষ্টাৰ ৰবীন্দৰ সমৰাক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.