ETV Bharat / bharat

ত্ৰিপুৰাৰ হাস্পতালত ৬৪ বছৰীয়া ব্যক্তিৰ হৃদযন্ত্ৰৰ সফল অস্ত্ৰোপচাৰ - ত্ৰিপুৰাৰ হাস্পতালত এক সফল হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ

ত্ৰিপুৰাৰ জিবি পণ্ট হাস্পতালৰ চিকিৎসকসকলৰ বৃহৎ সফলতা । ৬৪ বছৰীয়া ব্যক্তিৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সফলভাৱে সমাপ্ত কৰিলে জিবি পণ্ট হাস্পতালৰ চিকিৎসকসকলে (Successful heart surgery at GBP hospital in Tripura)। সম্প্ৰতি সুস্থ হৈ উঠিছে ৰোগীগৰাকী ।

Tripura
ত্ৰিপুৰাৰ হাস্পতালত এক সফল হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ
author img

By

Published : Mar 23, 2022, 12:08 PM IST

আগৰতলা,২৩ মাৰ্চ : ত্ৰিপুৰাৰ স্বাস্থ্যখণ্ডত আন এক সফলতা । সফলতাৰে এগৰাকী ৬৪ বছৰীয়া ব্যক্তিৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে জিবি পণ্ট হাস্পতালৰ চিকিৎসকসকলে (Successful heart surgery at GBP hospital in Tripura)। ১৪ মাৰ্চত সম্পন্ন হৈছে এই জটিল অস্ত্ৰোপচাৰ ।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ অন্তৰ্গত শান্তিৰবজাৰ মহকুমাৰ পূব চৰকবাই গাঁৱৰ ৬৪ বছৰীয়া ব্যক্তিগৰাকী হৃদযন্ত্ৰৰ বিভিন্ন সমস্যাৰ সৈতে জিবি পণ্ট চিকিৎসালয়ৰ কাৰ্ডিঅ'-থ’ৰাচিক (Cardio-Thoracic) আৰু ভাস্কুলাৰ চাৰ্জাৰী আৰু ইণ্টাৰভেনচনেল বিভাগত (Vascular Surgery and Interventional Department) ভৰ্তি হৈছিল । বিশেষজ্ঞ চিকিৎসকসকলে প্ৰয়োজনীয় পৰীক্ষাৰ অন্তত তেওঁৰ হৃদযন্ত্ৰৰ সমস্যা নিশ্চিত কৰে আৰু হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লয় ।

কাৰ্ডিঅ'-থ’ৰাচিক (Cardio-Thoracic) আৰু ভাস্কুলাৰ চাৰ্জাৰী বিভাগৰ ড৹ কনক নাৰায়ণ ভট্টাচাৰ্যৰ নেতৃত্বত ১৪ মাৰ্চত চিকিৎসকসকলে সফলতাৰে পাম্প কৰোনেৰী বাইপাছ গ্ৰাফ্টিং অস্ত্ৰোপচাৰৰ মাল্টি ভেচেল (Multi Vessel of Pump Coronary Bypass Grafting Surgery) সম্পন্ন কৰে ।

অস্ত্ৰোপচৰাৰ সময়ত এনাস্থেচিয়ালজিষ্ট (Anesthesiologist) ড৹ সুৰজিৎ পাল, পাৰফিউচনিস্ট সুজন চাহু, অস্ত্ৰোপচাৰ সহায়ক সুদীপ্ত মণ্ডলকে ধৰি অস্ত্ৰোপচাৰ দলৰ সদস্যসকল এই অস্ত্ৰোপচাৰত উপস্থিত থাকে । ইফালে বৰ্তমান ৰোগীজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । ৰোগীৰ পৰিয়ালৰ সদস্যসকল এই সফল অস্ত্ৰোপচাৰৰ বাবে চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :Lalu Prasad Yadav health update : উন্নত চিকিৎসাৰ বাবে লালুপ্ৰসাদ যাদৱক প্ৰেৰণ কৰা হ’ব দিল্লীলৈ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.