ETV Bharat / bharat

ৰক্ষকে ভক্ষক: ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী

author img

By

Published : Mar 8, 2021, 10:57 AM IST

ৰাজস্থানৰ খেৰলী আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক ভাৰত সিঙৰ বিৰুদ্ধে ২৬ বছৰীয়া মহিলাক ধৰ্ষণৰ অভিযোগ । অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া গৰাকী । ঘৰুৱা বিবাদ সমাধান কৰিবলৈ আৰক্ষীৰ পৰা সহায় বিচাৰোতে ধৰ্ষণৰ অভিযোগ ।

নিৰ্লজ কাণ্ডঃ ৰাজস্থানত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

নিউজ ডেস্ক,৮ মাৰ্চ: ৰক্ষকেই ভক্ষক । আৰক্ষীৰ কামনাৰ বলি এগৰাকী মহিলা । এই জঘন্য ঘটনা সংঘটিত হৈছে ৰাজস্থানত । ৰাজ্যখনৰ খেৰলী আৰক্ষী থানাৰ সহকাৰী আৰক্ষী উপ পৰিদৰ্শকৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে । ২৬ বছৰীয়া এগৰাকী মহিলাই সহকাৰী আৰক্ষী উপ পৰিদৰ্শক ভাৰত সিঙৰ (৫৪) বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে । মহিলাগৰাকীৰ অভিযোগ অনুসৰি, স্বামীয়ে বিবাহ বিচ্ছেদ কৰিব বিচৰাত আৰক্ষীৰ পৰা সহায় বিচাৰিছিল মহিলাগৰাকীয়ে ৷ অভিযুক্ত আৰক্ষী বিষয়া ভাৰত সিঙে সমস্যাটো সমাধান কৰাৰ আশ্বাস দি থানাৰ এটা কোঠাত তিনিদিন ধৰি মহিলাগৰাকীক ধৰ্ষণ কৰে ।

অভিযোগ অনুসৰি, মহিলাগৰাকীক ২,৩ আৰু ৪ মাৰ্চত ধৰ্ষণ কৰা হৈছিল । জয়পুৰ আৰক্ষী মহাপৰিদৰ্শক হাৱা সিং ঘুমৰিয়া আৰু আলৱাৰ আৰক্ষী অধীক্ষক তেজস্বীনি গৌতম ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে । প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে ভাৰত সিঙক গ্ৰেপ্তাৰ কৰা হৈছে । ইতিমধ্যে মহিলাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: আৰক্ষীৰ অভিযানত উদ্ধাৰ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.