ETV Bharat / bharat

BBC Modi documentary : মোদীৰ তথ্যচিত্ৰ প্ৰদৰ্শনক লৈ পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গোটৰ মাজত সংঘৰ্ষ - Akhil Bharatiya Vidyarthi Parishad

শতাধিক শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয় চৌহদত তেওঁলোকৰ ফোন আৰু লেপটপত 'India the Modi Question' নামৰ তথ্যচিত্ৰখন উপভোগ কৰে । ফলত প্ৰশাসনে বুধবাৰে আবেলি ৩ বজাৰ পিছত বিশ্ববিদ্যালয় চৌহদত বিদ্যুৎ আৰু ৱাইফাই ইণ্টাৰনেট সুবিধা কৰ্তন কৰে (Student clash at PU for Modi documentary) ।

BBC
BBC
author img

By

Published : Jan 26, 2023, 8:12 PM IST

নিউজ ডেস্ক, ২৬ জানুৱাৰী : বুধবাৰে প্ৰশাসনৰ নিষেধাজ্ঞা সত্ত্বেও কোনোৱে মোদীৰ ওপৰত নিৰ্মিত বিবিচিৰ তথ্যচিত্ৰ (BBC Modi documentary controversy) প্ৰদৰ্শন কৰাৰ পিছত পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ছাত্ৰ সংগঠনসমূহৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় (Student clash at Pondicherry University) । অভিযোগ অনুসৰি, সোঁপন্থী গোট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (ABVP) প্ৰায় ১০ জন শিক্ষাৰ্থীয়ে বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰখন চাবলৈ চৌহদৰ এঠাইত সমবেত হোৱা ৩০০ জন শিক্ষাৰ্থীক ভাবুকি দিয়া আৰম্ভ কৰে (student clash for Modi documentary screening) ।

বিশ্ববিদ্যালয়ৰ এজন শিক্ষাৰ্থীয়ে জনোৱা অনুসৰি, ভাৰতীয় ছাত্ৰ সন্থাই (Indian Students Union) প্ৰদৰ্শন ঘোষণা কৰাৰ পিছত কৰ্তৃপক্ষই বিশ্ববিদ্যালয় চৌহদত তথ্যচিত্ৰখন প্ৰদৰ্শন নকৰিবলৈ স্পষ্ট নিৰ্দেশ দিছিল (controversial BBC documentary on PM Modi) । কৰ্তৃপক্ষই নিৰাপত্তা সতৰ্কতা হিচাপে আৰু আদেশবোৰ পালন কৰাটো নিশ্চিত কৰিবলৈ চৌহদত আৰক্ষী বিষয়াসকলকো নিয়োজিত কৰিছিল । ইয়াৰ প্ৰতিবাদত শিক্ষাৰ্থীসকলে তেতিয়া ঘোষণা কৰিছিল যে ইয়াৰ পৰিৱৰ্তে হোষ্টেলৰ কোঠাৰ ভিতৰত ইয়াৰ প্ৰদৰ্শন কৰা হ'ব ।

শতাধিক শিক্ষাৰ্থীয়ে বিশ্ববিদ্যালয় চৌহদত তেওঁলোকৰ ফোন আৰু লেপটপত 'India the Modi Question' নামৰ তথ্যচিত্ৰখন উপভোগ কৰিছিল । তাৰ ফলত প্ৰশাসনে বুধবাৰে আবেলি ৩ বজাৰ পিছত বিশ্ববিদ্যালয় চৌহদত বিদ্যুৎ আৰু ৱাইফাই ইণ্টাৰনেট সুবিধা কৰ্তন কৰি দিয়ে । ইফালে বাঁওপন্থী ছাত্ৰ সংগঠন ডেম'ক্ৰেটিক য়ুথ ফেডাৰেচন অব ইণ্ডিয়াই (Democratic Youth Federation of India, DYFI) চৌহদৰ জেণ্ডাৰ গে'টত তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা আৰম্ভ কৰে ।

তথ্যচিত্ৰখন চাবলৈ প্ৰায় 300 জন শিক্ষাৰ্থী ঘটনাস্থলীত একত্ৰিত হৈছিল । যাৰ ফলত বিশ্ববিদ্যালয়ৰ আদেশ পোনপটীয়াকৈ উলংঘন কৰা হয় । এই দৃশ্য তেওঁলোকৰ ফেচবুক পোজতো লাইভ-ষ্ট্ৰীম কৰা হৈছিল । "ইণ্ডিয়ান ষ্টুডেণ্টছ ইউনিয়নে ঘোষণা কৰিছিল যে তেওঁলোকে মোদীৰ ওপৰত বিবিচিৰ দ্বাৰা মুকলি কৰা তথ্যচিত্ৰখন প্ৰদৰ্শন কৰিব । কিন্তু বিশ্ববিদ্যালয় প্ৰশাসনে ইয়াৰ বাবে অনুমতি দিয়া নাছিল । লগতে আবেলি 3 বজাৰ পিছত সমগ্ৰ বিশ্ববিদ্যালয়ত বিদ্যুৎ আৰু ৱাইফাই ইণ্টাৰনেট সুবিধা কৰ্তন কৰা হৈছিল । ইয়াৰ পিছতে আমি বিশ্ববিদ্যালয়ৰ জেণ্ডাৰ গে'টৰ ওচৰত প্ৰায় 300 জন শিক্ষাৰ্থীৰ সৈতে আমাৰ ফোন আৰু লেপটপত বিবিচিৰ তথ্যচিত্ৰখন চাইছিলোঁ ।" তথ্যচিত্ৰখন চাবলৈ সমবেত হোৱা এজন শিক্ষাৰ্থীয়ে ইটিভি ভাৰতক এনেদৰে কয় ।

আনহাতে, শিক্ষাৰ্থীসকলে মোদীৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰখন চাই থকাৰ সময়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (Akhil Bharatiya Vidyarthi Parishad) প্ৰায় 10 জন সদস্য ঘটনাস্থলীত উপস্থিত হয় আৰু শ্লোগান দিবলৈ আৰম্ভ কৰে । তেওঁলোকে ২০০২ চনৰ গুজৰাটৰ কুখ্যাত সংঘৰ্ষত (2002 Gujarat riots) প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ দেখুওৱা তথ্যচিত্ৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ "জয় শ্ৰীৰাম", "মোদী মোদী" আৰু "ছামিয়ে সৰনাম আয়াপ্পা" বুলি চিঞৰি আছিল ।

ইফালে একাংশ শিক্ষাৰ্থীয়ে অভিযোগ কৰে যে এবিভিপিৰ সদস্যসকলেও তেওঁলোকক হিন্দীতে ভাবুকি দিছিল, যাৰ ফলত দুয়ো পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । অৱশ্যে বিশ্ববিদ্যালয়খনৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীসকলে বিষয়টোত হস্তক্ষেপ কৰাৰ পিছত পৰিস্থিতি শান্ত হয় । অৱশ্যে চৌহদত বিদ্যুৎ সংযোগ পুনৰ সক্ৰিয় কৰা হৈছে যদিও ইণ্টাৰনেট সুবিধা এতিয়াও সীমিত হৈ আছে বুলি এগৰাকী শিক্ষাৰ্থীয়ে জনায় ।

লগতে পঢ়ক :Baba Ramdev attack Pakistan : পাকিস্তানৰ ৪ খন প্ৰদেশ ভাৰতত যোগ হ'ব: বাবা ৰামদেৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.