ETV Bharat / bharat

IIM Ranchi student death: ৰাঁচীৰ IIM ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Jan 17, 2023, 1:23 PM IST

ৰাঁচীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ শিৱম পাণ্ডে নামৰ এগৰাকী ছাত্ৰৰ মৃতদেহ (IIM Ranchi student body recovered from hostel)। চিপ লোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

IIM Ranchi student death
ৰাঁচীৰ IIMৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

নেশ্যনেল ডেস্ক,১৭ জানুৱাৰী : ৰাঁচীৰ দেশৰ আগশাৰীৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ আইআইএমৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ (IIM student body recovered)। আইআইএমৰ হোষ্টেলত কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । চিপ লোৱা অৱস্থাত উদ্ধাৰ হ'লেও ছাত্ৰজনৰ দুয়োখন হাত বান্ধি থোৱা অৱস্থাত পোৱা গৈছে । যাৰ বাবে এয়া হত্যা বুলি সন্দেহ কৰিছে সহপাঠী আৰু পৰিয়ালৰ লোকে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

লক্ষণীয়ভাৱে আইআইএমৰ মেধাৱী ছাত্ৰৰ এই ধৰণৰ মৃত্যুক লৈ সমগ্ৰ ৰাঁচীতে উত্তেজনাৰ সৃষ্টি হৈছে । আৰক্ষীয়ে আইআইএমৰ হোষ্টেলত উপস্থিত হৈ ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

জানিব পৰা মতে মৃত ছাত্ৰগৰাকীৰ নাম শিৱম পাণ্ডে । শিৱম উত্তৰ প্ৰদেশৰ বেনাৰসৰ বাসিন্দা আছিল । শিৱম পাণ্ডে হোষ্টেলখনৰ ৫০৫ নম্বৰ কোঠাত অকলে আছিল । শিৱমৰ মৃতদেহটো যি অৱস্থাত পোৱা গৈছে সেয়া সন্দেহজনক । কিয়নো তেওঁৰ দুয়োখন হাত সন্মুখৰ পৰা বান্ধি থোৱা আছিল ।

ৰাঁচী গ্ৰাম্যৰ আৰক্ষী অধীক্ষক নৌশাদ আলমে কোৱা মতে নাগদী আৰক্ষী থানাৰ এটা দলে হোষ্টেলখনৰ ৫০৫ নম্বৰ কোঠাটোৰ পুংখানুপুংখ অনুসন্ধান চলাইছে । শিৱমৰ দুয়োখন হাত সন্মুখৰ পৰা বান্ধি থোৱা হৈছিল, কিন্তু অনুসন্ধানৰ সময়ত দেখা গৈছে যে তেওঁৰ হাত থকা ৰছীডাল বন্ধা নাছিল (IIM student committed suicide)। সেয়ে সন্দেহ কৰা হৈছে শিৱমে আত্মহত্যা কৰিছে আৰু তাৰ পূৰ্বে তেওঁ নিজৰ হাত ৰছীৰে মেৰিয়াই লৈছিল । অৱশ্যে, আৰক্ষীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে সকলো কথা সঠিকভাৱে ক'ব পৰা যাব ।

ইফালে নাগদী আৰক্ষীয়ে হোষ্টেলত উপস্থিত হোৱাৰ পাছতে দেখিছিল যে শিৱমৰ কোঠাটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল । যাৰ বাবে আৰক্ষীয়ে দুৱাৰখন ভাঙি কোঠাত প্ৰৱেশ কৰিছিল । আৰক্ষীয়ে হোষ্টেলৰ কোঠাটোৰ চাৰিওফালে থকা কৰিডৰত স্থাপন কৰা চিচিটিভি ফুটেজো ইতিমধ্যে পৰীক্ষা কৰিছে, য'ত তেওঁলোকে কোনো সন্দেহজনক গতিবিধি দেখা নাই । অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে এই ক্ষেত্ৰত সকলো স্পষ্ট হ'ব (Student body found from hostel of IIM Ranchi)।

ইফালে আত্মহত্যাৰ খবৰ পোৱাৰ পাছতে হোষ্টেলত উপস্থিত হয় শিৱমৰ পৰিয়ালৰ লোক । বৰ্তমান, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰআইএমএছ লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :CISF suicide: ২৪ ঘণ্টাৰ ভিতৰত ২ গৰাকী CISF জোৱানৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.