ETV Bharat / bharat

Stray dog bite girl in Jaipur : কুকুৰৰ আক্ৰমণত হাঁওফাঁও ফালিল 5 বছৰীয়া কণমানিৰ

author img

By

Published : Dec 26, 2022, 9:22 PM IST

Updated : Dec 26, 2022, 10:49 PM IST

সাৱধান ! দিনক দিনে দেশৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰিছে পদপথৰ কুকুৰে কামোৰাৰ দৰে ঘটনা (Stray dog injured girl in Jaipur) ৷ এইবাৰ ৰাজস্থানৰ জয়পুৰত পদপথৰ কুকুৰে কামুৰি হাঁওফাঁও ফালিলে এগৰাকী কণমানিৰ (Girl admitted to hospital after dog bite) ৷

Stray dog bite girl in Jaipur
কুকুৰৰ পৰা সাৱধান
ক্ৰমাৎ বৃদ্ধি পাইছে কুকুৰে কামোৰাৰ ঘটনা

নেশ্যনেল ডেস্ক, 26 ডিচেম্বৰ : কুকুৰৰ পৰা সাৱধান ৷ বিশেষকৈ পদপথৰ কুকুৰ পৰা পৰাপক্ষত কিছু নিলগত থাকক আপুনি ৷ কিয়নো ক্ৰমাৎ বৃদ্ধি পাইছে পদপথৰ কুকুৰে মানুহক কামুৰি আহত কৰাৰ ঘটনা ৷ বিশেষকৈ ৰাজস্থান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে কুকুৰে কামোৰাৰ ঘটনা (Stray dog bite girl in Jaipur)।

দেওবাৰেও পোহৰলৈ একেধৰণৰ এক ঘটনা । ৰাজস্থানৰ খোৰালাদখানীৰ শ্বাহপুৰা গাঁৱত এটা পথৰ কুকুৰে কামোৰে এজনী 5 বছৰীয়া কণমানিক (Dog bite cases in Jaipur)৷ কুকুৰৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় কণমানিজনী ৷ বিশেষকৈ শিশুটিৰ কেবাঠাইতো কুকুৰৰ দাঁতৰ কামোৰ আৰু নখৰ আঁচোৰৰ চিন স্পষ্ট হৈছে (Stray dog injured girl in Jaipur) ৷

আনকি কুকুৰৰ আক্ৰমণত 5 বছৰীয়া কণমানিজনীৰ হাঁওফাঁও ফুটা হৈ গৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰিছে ডাঃ মনীষ শৰ্মাই ৷ বৰ্তমান অতি সংকটজনক অৱস্থাত ৰাজস্থানৰ জে কে লন হাস্পতালত চিকিৎসাধীন হৈ আছে আহত কন্যা শিশুটি ।

জে কে লন হাস্পতালৰ অতিৰিক্ত অধীক্ষক ডাঃ মনীষ শৰ্মাই ইটিভি ভাৰতৰ আগত উল্লেখ কৰে যে, পদপথৰ কুকুৰৰ আক্ৰমণত আহত হোৱা কণমানি ৰোগীজনীক প্ৰথমে এছ এম এছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ পৰৱৰ্তী পৰ্যায়ত উন্নত চিকিৎসাৰ বাবে জে কে লন হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ডাঃ মনীষ শৰ্মাই উল্লেখ কৰা মতে, কণমানিজনীৰ বুকুৰ বহু অংশত কুকুৰে কামোৰা চিন স্পষ্ট হৈ আছে (Girl admitted to hospital after dog bite) ।

লগতে পঢ়ক : Corona Vaccine: কৰ্কট ৰোগীয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰাটো সুৰক্ষিত নে ?

কুকুৰে বুকুত কামোৰাৰ ফলতে হাঁওফাঁও ফুটা হৈছিল কণমানিজনীৰ (Hole in lung after dog bite) । যাৰ ফলত বৰ্তমান কণমানিজনীৰ হাঁওফাঁওৰ পৰা বায়ু লিক হৈ আছে । হাঁওফাঁওৰ পৰা বায়ু লিক হোৱাৰ ফলতে কণমানিজনী আক্ৰান্ত হৈছে নিউমোথ’ৰেক্স নামৰ এবিধ ৰোগত । এক প্ৰকাৰে জীৱন-মৰণৰ সৈতে যুঁজ দি আছে কণমানিজনী ৷

কণমানিজনীৰ সন্দৰ্ভত চিকিৎসকে আৰু কয়, ‘‘ডাঃ অৰবিন্দ শুক্লাৰ ইউনিটত কণমানি ৰোগীগৰাকীৰ চিকিৎসা চলি আছে । যিমান সম্ভৱ শিশুটিক সুস্থ কৰাৰ বাবে চিকিৎসা চলি আছে ৷ ইয়াৰ বাহিৰেও হাঁওফাঁওৰ যি অংশৰ পৰা বতাহ লিক হৈ আছে, সেই ঠাইবোৰ ইতিমধ্যে ছীল কৰা হৈছে । এতিয়া এন্টিবায়’টিক, জিৰণি আৰু ফিজিঅ’থেৰাপীয়ে হাঁওফাঁওৰ এই লিকসমূহ বন্ধ কৰি দিব’’ ।

লগতে তেওঁ কয়, ‘‘বৰ্তমান শিশুটিৰ ৰক্তক্ষৰণ বন্ধ হৈছে ৷ কিন্তু কিমান দিনত শিশুটি সুস্থ হৈ উঠিব সেয়া কোৱা অসম্ভৱ । যিহেতু শিশুৰ ৰোগ নিৰাময় ক্ষমতা বেছি, সেয়ে অতি সোনকালে শিশুটি আৰোগ্য হ’ব বুলি আশা কৰিব পাৰি’’ ৷ উল্লেখ্য যে, কণমানিজনীক আক্ৰমণ কৰাৰ একে সময়তে ৰাজপথৰ কুকুৰটোৱে বিগত কেবাদিনত 10 জনতকৈ অধিক লোকক আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে ৷ যাৰ বাবে স্থানীয় লোকৰ মাজতো এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Masks Compulsory in Karnataka : কৰ্ণাটকৰ ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক

Last Updated : Dec 26, 2022, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.