ETV Bharat / bharat

আজিৰ আকাশত দৃশ্যমান হ'ব 'Strawberry Moon' - Strawberry Moon

আকাশত 'Strawberry Moon' চাবলৈ আপুনি সাজু নে ? বৃহস্পতিবাৰে আকাশত দৃশ্যমান হ'ব 'Strawberry Moon' ৷ ষ্ট্ৰবেৰীৰ দৰে ৰঙৰ হৈ জিলিকি উঠিব জোনটো । যদিও এই নামটো ইউৰোপীয় দেশৰ পৰা অহা, তথাপি ভাৰতত বট পূৰ্ণিমা হিচাপে ঠাই বিশেষে মহিলাসকলে এই দিনটোত পূজা-অৰ্চনা আগবঢ়ায় ।

strawberry moon to grace the sky on june 24
আজিৰ আকাশত দৃশ্যমান হ'ব 'Strawberry Moon'
author img

By

Published : Jun 24, 2021, 1:37 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুন: আজি আকাশত দৃশ্যমান হ'ব 'Strawberry Moon' ৷ আমেৰিকাৰ মহাকাশ সংস্থা NASA(National Aeronautics and Space Administration)এ এই তথ্য প্ৰকাশ কৰিছে ৷ ভাৰতীয় সময় মতে, ২৪ জুন অৰ্থাৎ বৃহস্পতিবাৰৰ আকাশ শুৱনি কৰিব জোনৰ ষ্ট্ৰবেৰী ৰঙে । বসন্ত ঋতুৰ শেষৰটো পূৰ্ণিমা বুলি গণ্য কৰা হয় আজিৰ দিনটো ।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে বিয়লি ২.৪০ বজাৰ পৰা 'Strawberry Moon' ৰ সময় আৰম্ভ হ'ব আৰু ভাৰতত ২৫ জুনৰ মাজনিশা ১২.১০ বজাৰ পৰা 'Strawberry Moon' দৃশ্যমান হ'ব । শনিবাৰে পুৱা পৰ্যন্ত ভাৰতৰ আকাশত 'Strawberry Moon' দেখিবলৈ পোৱা যাব ৷ পৃথিৱীৰ অধিকাংশ অংশতে এই 'Strawberry Moon' দৃশ্যমান হ'ব ।

বিজ্ঞানভিত্তিক তথ্য অনুসৰি, নাম অনুসৰি আজিৰ দিনটোত জোনটো ষ্ট্ৰবেৰীৰ দৰে হৈ নাযায় । চন্দ্ৰই নিজৰ কক্ষপথতে থাকি পৃথিৱীৰ কিছু ওচৰ চাপি আহিব আৰু তুলনামূলকভাৱে চন্দ্ৰটো আকাৰত কিছু পৰিমাণে ডাঙৰ হোৱা পৰিলক্ষিত হ'ব । আনহাতে, 'Strawberry Moon' নামটোৰ আঁৰত থকা কাহিনী অনুসৰি এই নামটো ইউৰোপীয় দেশৰ পৰা আহিছিল আৰু বৰ্তমান এই নামটোৱেই চৰ্চাত আছে ।

ইউৰোপৰ কোনো কোনো ঠাইত ইয়াক 'Honey Moon' বুলিও কোৱা হয় । কিয়নো, এই সময়খিনি মৌ উৎপাদনৰ বাবে উৎকৃষ্ট সময় । দ্য অল্ড ফাৰ্মাৰ্চ অৱ এলামিকৰ মতে, 'Strawberry Moon' নামটো উত্তৰ আমেৰিকাৰ উত্তৰ-পূৱ দিশত ষ্ট্ৰবেৰী উৎপাদনৰ সময়ৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে । এই সময়তে ষ্ট্ৰবেৰীবোৰ পকে আৰু আন শস্যও চপোৱা হয় । NASAৰ মতে, একাংশ ইউৰোপীয় লোকে 'Strawberry Moon'ক 'Rose Moon' বুলিও কয় ।

উল্লেখ্য যে, ভাৰতৰ পঞ্জাৱ, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত জেঠ মাহৰ অমাবস্যাত বট সাবিত্ৰীৰ পূজা কৰা হয় । আনহাতে, আন বহু ৰাজ্যত আহাৰ মাহৰ প্ৰথম পূৰ্ণিমা অথবা বসন্ত ঋতুৰ শেষৰ পূৰ্ণিমাক বট পূৰ্ণিমা হিচাপে মানি পূজা-অৰ্চনা আগবঢ়োৱা হয় । হিন্দু ধৰ্মাৱলম্বী বিবাহিতা মহিলাই বট গছৰ পৰিক্ৰমা কৰি স্বামীৰ মংগল কামনাৰে উপবাসে থাকি পূজা আগবঢ়ায় ।

লগতে পঢ়ক:ৰহস্যময়ী পাগলী মাহীৰ শেষ নিশ্বাস ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.