ETV Bharat / bharat

দেশৰ নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন - জন সচেতনতা

দেশত ক্ৰমাৎ গণ সংক্ৰমণৰ দিশে গতি কৰিছে ক'ৰণা ভাইৰাছ ৷ সংক্ৰমণৰ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি দেশত চলি থকা নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে ৷

দেশৰ নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন

author img

By

Published : Apr 8, 2021, 9:17 AM IST

নিউজ ডেস্ক, 8 এপ্ৰিল : দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এই লৈ দেশত চলি থকা নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অধিবক্তা বিশাল ঠাকৰে আৰু আদিত্য যাদৱ ৷ ইতিমধ্যে ক'ৰণাৰ গণ সংক্ৰমণৰ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন প্ৰক্ৰিয়া স্থগিত ৰাখিবৰ বাবে উচ্চতম ন্যায়ালয়ত এখন আবেদনো দাখিল কৰিছে ৷

এই আবেদনখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হৈছে ৷ আবেদনখনত কোৱা হৈছে," দেশত ক'ৰণা ভাইৰাছে পুনৰ গণ সংক্ৰমণৰ দিশে গতি কৰিছে ৷ কিন্তু এতিয়াও দেশত জন সচেতনতা দেখিবলৈ পোৱা নাই ৷ দেশৰ 4 খনকৈ ৰাজ্যৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশাল সমাবেশৰ আয়োজন কৰা হৈছে ৷ ক’ভিড সংক্ৰান্তীয় সকলো নীতি-নিৰ্দেশনা উলংঘা কৰি এই সভাসমূহত অংশগ্ৰহণ কৰিছে দেশৰ বহু প্ৰভাৱশালী নেতা মন্ত্ৰীয়ে ৷"

"ক'ৰণা ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনেও একাধিক নীতি নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু এই সকলোবোৰ উলংঘা কৰি নিৰ্বাচন কেন্দ্ৰিক বিশাল সমদল উলিওৱা হৈছে ৷ এই সমদলত অংশগ্ৰহণ কৰা নেতাসকলৰ বিৰুদ্ধে বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই প্ৰশাসনে ৷" গতিকে আবেদনখনৰ জৰিয়তে যোৱা কেইদিনত ক'ৰণা সংক্ৰমণ বৃদ্ধি হাৰৰ প্ৰতি লক্ষ্য ৰাখি দেশত নিৰ্বাচনী প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে ৷

উল্লেখ্য যে, আবেদনখন লিখিছে প্ৰদীপ কুমাৰ যাদৱ নামৰ এজন অধিবক্তাই ৷ এই আবেদনখন অধিবক্তাজনে এডভকেট-অন-ৰেকৰ্ড (এঅ'আৰ) সঞ্জীৱ মালহোত্ৰাৰ যোগেদি প্ৰৰণ কৰা হৈছে ৷

লগতে পঢ়ক: ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.