ETV Bharat / bharat

Social Media: দিনটোত ৩০ মিনিট সময় আঁতৰি থাকক ছ’চিয়েল মিডিয়াৰ পৰা, নাইকীয়া হ’ব এই ৪টা জটিল ৰোগ

author img

By

Published : Jul 27, 2023, 7:13 PM IST

Social Media: এক নতুন অধ্যয়নত দাবী কৰা হৈছে যে যদি সামাজিক মাধ্যমৰ ব্যৱহাৰ প্ৰতিদিনে ৩০ মিনিট হ্ৰাস কৰিব পাৰে, এই ৰোগসমূহ অতি সোনকালে আঁতৰি যাব ...

Stay away from social media for 30 minutes a day, then these 4 serious diseases can go away
দিনটোত ৩০ মিনিট সময় আঁতৰি থাকক ছ’চিয়েল মিডিয়াৰ পৰা, নাইকীয়া হ’ব এই ৪টা জটিল ৰোগ

ছ’চিয়েল মিডিয়া হৈছে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ আসক্তি । কিছুমান লোকে ছ'চিয়েল মিডিয়াত ঘন্টাৰ পিছত ঘণ্টা ছ’চিয়েল মিডিয়াত অতিবাহিত কৰে । যদিও ইয়াৰ পৰা কিছুমান বিশেষ তথ্য আহৰণ কৰিব পাৰি, কিন্তু ইয়াক অভ্যাস হিচাপে গঢ়ি তুলিলে ই আপোনাৰ যথেষ্ট ক্ষতি কৰিব পাৰে ।

উল্লেখ্য যে, ২০১৮ চনত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত দেখা গৈছে যে, ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ দিনটোত ৩০ মিনিটলৈ হ্ৰাস কৰিলে উদ্বেগ, হতাশা, নিসংগতা, টোপনিৰ সমস্যা, আৰু এফ অ’ এম অ’ৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় ।

মানসিক চাপ: ছ’চিয়েল মিডিয়াত সময় কটোৱাটোৱে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে, যেনে মানসিক চাপ, উদ্বেগ, বিৰক্তি ইত্যাদি । যদি আমি ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কমাই দিওঁ তেন্তে আমাৰ মানসিক চাপ কমাব পাৰি আৰু ই আমাক আনন্দময় জীৱন যাপন কৰাত সহায় কৰিব পাৰে ।

ৰক্তচাপৰ সমস্যা: অধ্যয়নত দেখা গৈছে যে ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰ ৰক্তচাপ বৃদ্ধিৰ লগত জড়িত হ’ব পাৰে । গতিকে, আমি প্ৰতিদিনে কিছু সময় ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিলে আমাৰ ৰক্তচাপত ইতিবাচক প্ৰভাৱ পেলাব পাৰে ।

হাঁপানী: এক অধ্যয়নৰ মতে ছ’চিয়েল মিডিয়াত বহু সময় খৰচ কৰিলে হাঁপানীৰ দৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লক্ষণ বৃদ্ধি পাব পাৰে । গতিকে, যদি আমি দৈনিক ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কমাই দিওঁ, তেন্তে এই সমস্যাৰ পৰা উপশম পাব পাৰি ।

মূৰৰ বিষ: ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰেও মূৰৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে । ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিলে মূৰৰ বিষৰ পৰা হাত সাৰিবলৈ সহায় কৰিব পাৰে ।

গতিকে দৈনিক ৩০ মিনিট ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিলে এই চাৰিটা জটিল ৰোগ হ্ৰাস পাব পাৰে । ই আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ।

লগতে পঢ়ক: Sudden Heart Attack: যদি হঠাৎ কোনো লোকৰ হাৰ্ট এটেক আহে, তেন্তে কেনেকৈ তেওঁৰ জীৱন ৰক্ষা কৰিব পাৰি জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.