ETV Bharat / bharat

Stalin Congratulates Congress : কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয়লাভৰ বাবে কংগ্ৰেছক অভিনন্দন ষ্টেলিনৰ

author img

By

Published : May 14, 2023, 7:12 AM IST

তেওঁ কয় যে ৰাহুল গান্ধীক সাংসদ হিচাপে অযুক্তিকৰভাৱে অযোগ্য ঘোষণা কৰা, ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে অনুসন্ধানকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ কৰা, হিন্দী জাপি দিয়া আৰু ব্যাপক দুৰ্নীতি কৰ্ণাটকৰ জনসাধাৰণৰ মনত প্ৰতিধ্বনিত হৈছে (Stalin congratulates Congress for Karnataka win) ।

Stalin Congratulates Congress
Stalin Congratulates Congress

নিউজ ডেস্ক, ১৪ মে' : শনিবাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিজয়ৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে অভিনন্দন জ্ঞাপন কৰে (TN CM MK Stalin congratulates congress) । এক শুভেচ্ছা বাৰ্তাত তেওঁ কয়, "দ্ৰাবিড়িয়ান পৰিয়ালৰ ভূমিখণ্ডই বিজেপিক নিশ্চিহ্ন কৰাৰ বাবে থিয় দিছে ।"

তেওঁ এক টুইটাৰ বাৰ্তাত লিখিছে, "এতিয়া আমি সকলোৱে ভাৰতত গণতন্ত্ৰ আৰু সাংবিধানিক মূল্যবোধ পুনৰুদ্ধাৰৰ বাবে ২০২৪ বৰ্ষত জয়লাভ কৰিবলৈ একেলগে কাম কৰোঁ আহক (congress wins Karnataka election 2023) ।" আনহাতে, কংগ্ৰেছক 'চমৎকাৰ' বিজয়ৰ বাবে অভিনন্দন জনাই তেওঁ কয় যে ৰাহুল গান্ধীক সংসদ সদস্য হিচাপে অযুক্তিকৰভাৱে অযোগ্য ঘোষণা কৰা, ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে অনুসন্ধানকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ কৰা, হিন্দী জাপি দিয়া আৰু ব্যাপক দুৰ্নীতি কৰ্ণাটকৰ জনসাধাৰণৰ মনত প্ৰতিধ্বনিত হৈছে (Stalin congratulates Congress for Karnataka win) ।

"তেওঁলোকে বিজেপিৰ প্ৰতিশোধমূলক ৰাজনীতিক উপযুক্ত শিক্ষা দি কান্নাডিগা গৌৰৱক বজাই ৰাখিছে ।" ষ্টেলিনে লগতে কয় (MK Stalin criticized BJP) ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ষ্টেলিনে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ছোনিয়া গান্ধী, ৰাহুল গান্ধী, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ লগতে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ডি কে শিৱকুমাৰকো টেলিফোন কৰি বিজয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

উল্লেখ্য, শনিবাৰে কৰ্ণাটকত কংগ্ৰেছৰ সাফল্যক এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও শুভেচ্ছা জ্ঞাপন কৰে । মমতাই কয়, ‘‘কৰ্ণাটকৰ নিৰ্বাচনত অহংকাৰ আৰু গৌৰৱৰ পৰাজয় হৈছে । বংগৰ পৰা বেংগালুৰুলৈকে মানুহ সলনি হ’ব বিচাৰিছে । একনায়কত্ববাদৰ দিন শেষ হ’ল । ইয়াৰ দ্বাৰা এজেন্সীৰ ৰাজনীতিৰ অন্ত পৰিল । আগন্তুক দিনৰ নিৰ্বাচনতো এই ফলাফলৰ পুনৰাবৃত্তি হোৱা দেখা যাব ।’’ শনিবাৰে কালিঘাটৰ বাসগৃহত বলীউড অভিনেতা ছলমান খানক সাক্ষাতৰ পিছত এই মন্তব্য কৰে বংগ কন্যা মমতা বেনাৰ্জীয়ে (Mamata Banerjee congratulate congress) ৷

আনহাতে, কৰ্ণাটকৰ নিৰ্বাচন সন্দৰ্ভত বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক টুইটো কৰে । ইয়াৰ উপৰি সাংবাদিকেৰে হোৱা এক বাৰ্তালাপত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘কৰ্ণাটকৰ নিৰ্বাচনত জয়ী হোৱাসকলক অভিনন্দন । কুমাৰ স্বামীয়েও ভাল কাম কৰিছে । ছত্তীশগড় আৰু মধ্যপ্ৰদেশতো বিজেপি পৰাজিত হ’ব বুলি মই নিশ্চিত । ২০২৪ চনত বিজেপিৰ পৰাজয় এই নিৰ্বাচনৰ ফলাফলৰ পৰাই আৰম্ভ হৈছে ।’’

লগতে পঢ়ক :Mamata on Karnataka Election Results: কৰ্ণাটকৰ নিৰ্বাচনত অহংকাৰ আৰু গৌৰৱৰ পৰাস্ত হৈছে : মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.