ETV Bharat / bharat

তামিলনাডুৰ মুখ্য়মন্ত্ৰীক "দুৰ্নীতিৰ নায়ক" আখ্য়া ডি এম কেৰ মুৰব্বী এম.কে ষ্টালিনৰ - -tamil-nadu

তামিলনাডুৰ মুখ্য়মন্ত্ৰী এডপাড্ডী পলানিস্বামী "দুৰ্নীতিৰ নায়ক" । কৰ'ণা মহামাৰীৰ এই জটিল পৰিস্থিতিৰ সুযোগ লৈ বিজেপি চৰকাৰে কৃষি বিল পাছ কৰিছে । গুৰুতৰ অভিযোগ তামিলনাডুৰ ডি এম কেৰ মুৰব্বী এম.কে ষ্টালিনৰ ।

তামিলনাডুৰ মুখ্য়মন্ত্ৰীক "দুৰ্নীতিৰ নায়ক" আখ্য়া এম.কে ষ্টালিনৰ

author img

By

Published : Dec 19, 2020, 2:24 PM IST

নেশ্য়নেল ডেস্ক , ১৯ ডিচেম্বৰ : তামিলনাডুৰ অন্য়তম ৰাজনৈতিক দল ডি এম কেৰ মুৰব্বী এম.কে ষ্টালিনে শুকুৰবাৰে ৰাজ্য়খনৰ মুখ্য়মন্ত্ৰী এডপাড্ডী পলানিস্বামীক "দুৰ্নীতিৰ নায়ক" আখ্য়া দিয়াৰ লগতে কৃষি আইন সন্দৰ্ভত বিজেপি নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰে । লগতে তেওঁ কয় " তামিলনাডুৰ মুখ্য়মন্ত্ৰীয়ে মোক কেৱল বিবৃত্তি দিও কাৰণে বিবৃত্তি নায়ক আখ্য়া দিছে । মই তেওঁক "দুৰ্নীতিৰ নায়ক" আখ্য়া দিব বিছাৰিছো ।"

ডি এম কেৰ মুৰব্বী এম.কে ষ্টালিনে চেন্নাইত কৃষকৰ প্ৰতিবাদ চলি থকাৰ মাজতে গোটেই দিন অনশনত থাকে । চেকুলাৰ প্ৰগ্ৰেচিব এলায়েঞ্চ সম্পৰ্কীয় দল সমূহেও চেন্নাইৰ অনশন কাৰ্যসূচীত অংশ লোৱাৰ লগতে দেশজুৰি কৃষকসকলে প্ৰতিবাদ অব্য়াহত ৰাখিছে বুলি এম.কে ষ্টালিনে টুইট কৰে । টুইটাৰ যোগে তেওঁ কয় যে এই প্ৰতিবাদ তেতিয়ালৈ অব্য়াহত থাকিব যেতিয়ালৈ বিজেপি চৰকাৰে তিনিখন কৃষি আইন বাতিল নকৰে । কৰ'ণা মহামাৰীৰ এই জটিল পৰিস্থিতিৰ সুযোগ লৈ বিজেপি চৰকাৰে কৃষি বিল পাছ কৰাৰো গুৰুতৰ অভিযোগ এম.কে স্টালিনৰ ।

কেন্দ্ৰীয় চৰকাৰে কৃষক অথবা সাধাৰণ লোকৰ কথা চিন্তা কৰা নাই । বিজেপি আৰু AIADMK চৰকাৰে ৰাইজৰ ভাৱনাৰ বিৰুদ্ধে এখন আইন পাছ কৰিছে । এম.কে ষ্টালিনে অভিযোগ তুলি কয় যে, চৰকাৰে কৰ'ণা পৰিস্থিতিৰ সুযোগ লৈছে আৰু এই বিল পাছ কৰিছে । তেওঁ কয় যে বিজেপি আৰু AIADMK চৰকাৰে ৰাইজৰ কথা চিন্তা নকৰি কেৱল পুঁজিপতিক সমৰ্থন কৰে ।

সমান্তৰালকৈ কৃষি উৎপাদন,ব্য়ৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সৰলীকৰণ) অধিনিয়ম ২০২০ ,কৃষক (সবলীকৰণ আৰু সুৰক্ষা) মূল্য় নিশ্চিত বুজাবুজি আৰু অত্য়াৱশ্য়কীয় সামগ্ৰী ( সংশোধনী )আইন ২০২০ ৰ বিৰুদ্ধে ২৬ নৱেম্বৰৰ পৰা শ শ কৃষকে দিল্লী সীমান্তত প্ৰতিবাদ অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক : মিদনাপুৰত আজি জনসভা সম্বোধন কৰিব অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.