ETV Bharat / bharat

Big Scam In Andhra Pradesh: ভুৱা প্ৰতিষ্ঠানৰ নামত দুহেজাৰ কোটি হৰলুকি কৰি অন্তৰ্ধান হ’ল দম্পতী

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 10:39 PM IST

অন্ধ্ৰ প্ৰদেশৰ এনটিআৰ জিলাত এক ভয়ংকৰ বিত্তীয় প্ৰৱঞ্চনা সংঘটিত হৈছে ৷ এটা দম্পতীয়ে অনলাইন ৰিটেইলিং কোম্পানী স্থাপন কৰি একাংশ লোকৰ পৰা হৰলুকি কৰিলে কোটি কোটি টকা ৷ সৱিশেষ এই প্ৰতিবেদনত ৷

Big Scam In Andhra Pradesh
Big Scam In Andhra Pradesh

নেশ্যনেল ডেস্ক, 24 আগষ্ট: অন্ধ্ৰ প্ৰদেশত সংঘটিত হোৱা এক ভয়ংকৰ বিত্তীয় প্ৰৱঞ্চনাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ 2000 কোটি টকাৰ এই কেলেংকাৰীৰ সৱিশেষ জানিলে চকু কপালত উঠিব আপোনাৰো ৷ অনলাইন সামগ্ৰী বিক্ৰীৰ সৈতে জড়িত এই প্ৰৱঞ্চনাই আৰ্থিক সংকটত পেলাইছিল বহু লোকক ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি চলি আছিল এই বিত্তীয় প্ৰৱঞ্চনা ৷

কেনেকৈ আৰম্ভ হৈছিল:

অন্ধ্ৰ প্ৰদেশৰ এনটিআৰ জিলাৰ জি কণ্ডুৰ মণ্ডলৰ এটা দম্পতী জড়িত আছিল এই প্ৰৱঞ্চনাত ৷ দুয়ো এটা অনলাই ৰিটেইলিং কোম্পানী স্থাপন কৰিছিল ৷ যদিও এই ৰিটেইলিং কোম্পানীটোৰ দ্বাৰা তেওঁলোতে গ্ৰাহকক পাইকাৰী দামত সামগ্ৰী বিক্ৰি কৰিছিল, কিন্তু ইয়াৰ মূল উদ্দেশ্য আছিল প্ৰৱঞ্চনাৰ জৰিয়তে ধন সংগ্ৰহ কৰা ৷

ভুৱা প্ৰতিশ্ৰুতি:

এই দম্পতীটোৱে লাভ ভাগ-বতৰা কৰাৰ প্ৰতিশ্ৰুতি আৰু বিনিয়োগ কৰা ধনৰ বাবদ 10 টকা সূত দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব বিভিন্ন লোকক কোম্পানীটোত ধন বিনিয়োগ কৰিবলৈ প্ৰৰোচিত কৰিছিল ৷ অধিক মুনাফা লাভ কৰাৰ আশাত বহু লোকে এই ধাৰণাৰ প্ৰতি আকৰ্ষিত হৈ একেবাৰে কম পৰিমাণৰ পৰা বৃহৎ পৰিমাণলৈকে ধন বিনিয়োগ কৰিছিল ৷ আশ্চৰ্যজনকভাৱে, এনটিআৰ জিলাৰ ডুগিৰালাপাডুৰ এজন ব্যক্তিয়ে সৰ্বাধিক 10 কোটি টকা অনলাই ৰিটেইলিং কোম্পানীটো বিনিয়োগ কৰে ৷

ইয়াৰ পিছতেই সেই ব্যক্তিগৰাকীৰ কথাত পতিয়ন গৈ আন এগৰাকী লোকে 45 কোটি টকা বিনিয়োগ ৷ এনেদৰেই বহু লোকে অধিক মুনাফা লাভৰ আশাত 50 লাখৰ পৰা 80 কোটি টকালৈকে কোম্পানীটোত বিনিয়োগ কৰা আৰম্ভ কৰে ৷ এনেদৰে কোম্পানীটোৰ নামত বহুলোকে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ পাছতেই সেই ধন লৈ অন্তৰ্ধান হয় দম্পতিটো ৷

সৰ্বস্বান্ত বিনিয়োগকাৰী:

শেহতীয়াকৈ এই প্ৰৱঞ্চনাৰ পোহৰলৈ অহাৰ পাছতেই সকলো হেৰুৱাই হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে বিনিয়োগকাৰীসকলৰ মাজত ৷ জানিব পৰা মতে বহু লোকে নিজৰ ভূমি বিক্ৰী কৰিও এই কোম্পানীটোত ধন বিনিয়োগ কৰিছিল ৷ লাহে লাহে মাত্ৰ এজন লোকেই বিনিয়োগ কৰা ধনৰ পৰিমাণ সৰ্বাধিক 100 কোটি টকালৈ বৃদ্ধি পায় ৷

ৰাজনৈতিক নেতায়ো কৰিছিল বিনিয়োগ:

বহু প্ৰভাৱশালী লোকেও এই ভয়ংকৰ প্ৰৱঞ্চনাৰ জালত ভৰি দিছিল ৷ ইয়াৰ ভিতৰত আছিল এগৰাকী YSRCP দলৰ নেতা ৷ তেওঁ সৰ্বাধিক 100 কোটি টকা এই ভুৱা প্ৰতিষ্ঠানটোত বিনিয়োগ কৰিছিল ৷ কিন্তু সময়মতে প্ৰতিষ্ঠানটোৰ পৰা লাভাংশ নোপোৱাৰ পাছতে নেতাজনৰ সমৰ্থকসকলে বলপূৰ্বকভাৱে প্ৰৱঞ্চক দম্পতীটোৰ পৰা ধন ঘূৰাই লোৱাৰ চেষ্টা কৰিছিল যদিও বিফল হয় ৷

কেলেংকাৰী উন্মোচন:

প্ৰতিষ্ঠানটোৰ ওপৰত বিনিয়োগকাৰীসকলৰ সন্দেহ ঘনীভূত হোৱাৰ লগে লগে দম্পতীটোৱে পলায়ন কৰাৰ বাবে এক পৰিকল্পনা কৰে ৷ লাহে লাহে তেওঁলোকে ব্যৱসায়িক কাৰ্যকলাপ হ্ৰাস কৰি সকলো তথ্য-প্ৰমাণ নষ্ট কৰি প্ৰস্থানৰ নীতি প্ৰস্তুত কৰে আৰু অৱশেষত পলায়ন কৰে ৷ সম্প্ৰতি সকলো ভুক্তভোগী আইনৰ দ্বাৰস্থ হৈছে ৷

লগতে পঢ়ক: Human sacrifice : ধনৰ লোভত কন্যাক জ্বলাই হত্যাৰ চেষ্টা মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.