নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ : চাকৰি সন্ধানীসকলৰ বাবে সুখবৰ । শনিবাৰে প্ৰকাশ পাইছে স্নাতক পৰ্যায়ৰ SSC CGL 2022ৰ অধিসূচনা (SSC CGL 2022 notification)। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ssc.nic.in অফিচিয়েল ৱেবছাইটত SSC CGL 2022 পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব । SSC CGL 2022 পৰীক্ষাৰ আবেদনৰ অন্তিম তাৰিখ হৈছে ২০২২ চনৰ ৮ অক্টোবৰ ।
SSC CGL 2022 পৰীক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তাৰিখ :
SSC CGL 2022 পৰীক্ষাৰ বাবে অনলাইন আবেদন আৰম্ভ - ১৭ ছেপ্টেম্বৰ
আবেদনৰ অন্তিম তাৰিখ - ৮ অক্টোবৰ
অনলাইন পৰিশোধসহ 'আবেদন প্ৰপত্ৰ সংশোধনৰ বাবে উইণ্ডো'ৰ তাৰিখ - ১২ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ
টায়াৰ-1ৰ (কম্পিউটাৰ আধাৰিত পৰীক্ষা) সম্ভাব্য তাৰিখ - ২০২২ চনৰ ডিচেম্বৰ
SSC CGL 2022ত কিমানটা খালী পদ আছে : প্ৰায় ২০,০০০ পদ খালী হৈ থকাৰ সম্ভাৱনা আছে । অৱশ্যে, আয়োগে প্ৰকাশ কৰা চৰকাৰী অধিসূচনা অনুসৰি খালী পদবোৰ যথা সময়ত নিৰ্ধাৰণ কৰা হ'ব ।
SSC CGL 2022ত যোগ্যতাৰ চৰ্ত কি : বিভিন্ন পদৰ বাবে যোগ্যতাৰ চৰ্ত নিৰ্ধাৰণ কৰা হৈছে (Qualification for SSC CGL 2022)। প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা ইত্যাদি বেলেগ বেলেগ । প্ৰাৰ্থীসকলে ইয়াত উল্লেখ কৰা SSC CGL অধিসূচনা ২০২২ৰ সহায়ত যোগ্যতাৰ চৰ্ত মূল্যায়ন কৰিব পাৰে ।
SSC CGL 2022ত আবেদন মাচুল : SSC CGL ২০২২ পৰীক্ষাৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে ১০০ টকা পৰিশোধ কৰিব লাগিব । অৱশ্যে, অনুসূচীত জাতি (SC), অনুসূচীত জনজাতি (ST), বিশেষভাৱে সক্ষম লোক (PWBD) আৰু প্ৰাক্তন সৈনিক (ESM)ৰ পৰা সংৰক্ষণৰ ক্ষেত্ৰত যোগ্য মহিলা প্ৰাৰ্থী আৰু সংশ্লিষ্ট প্ৰাৰ্থীসকলক মাচুল পৰিশোধৰ পৰা ৰেহাই দিয়া হৈছে ।
লগতে পঢ়ক :ওড়িশাত ৭০০ মাওবাদী সমৰ্থকৰ আত্মসমৰ্পণ