ETV Bharat / bharat

Trespassers arrested on Indo Nepal border : ভাৰত-নেপাল সীমান্তত আটক দুই বিদেশী নাগৰিক - ভাৰত নেপাল সীমান্তত আটক দুই বিদেশী নাগৰিক

শনিবাৰে ভাৰত-নেপাল সীমান্তৰ পানীতংকিৰ পৰা আটক কৰা হয় দুজন বাংলাদেশী নাগৰিকক 9Trespassers arrested on Indo Nepal border) ৷ আটকাধীন কেইজনৰ পৰা ভুৱা ভাৰতীয় আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স আদি জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে (Two trespassers arrested on Indo Nepal border and recovered Fake Ids) ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, ভুৱা ভাৰতীয় আধাৰ কাৰ্ড দেখুৱাই ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল অভিযুক্তদ্বয়ে ।

Trespassers arrested on Indo Nepal border
ভাৰত-নেপাল সীমান্তত আটক দুই বিদেশী নাগৰিক
author img

By

Published : Nov 28, 2022, 9:52 PM IST

নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ : শনিবাৰে পুৱা ভাৰত-নেপাল সীমান্তত দুজন বিদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয় ৷ গ্ৰেপ্তাৰ হোৱা বিদেশী নাগৰিক এজন নিউজিলেণ্ডৰ আৰু আনজন বাংলাদেশৰ বুলি জানিব পৰা গৈছে (Two trespassers arrested on Indo Nepal border)৷ আটকাধীন কেইজনৰ পৰা আৰক্ষীয়ে ইতিমধ্যে কেবাখনো ভুৱা ভাৰতীয় পৰিচয় পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি পশ্চিম বংগতে এক আতংকময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

জানিব পৰা মতে, প্ৰথমাৱস্থাত সশস্ত্ৰ সীমান্ত বাহিনীৰ জোৱানে শিলিগুৰিৰ গাতে লাগি থকা খাৰিবাৰী ব্লকৰ ভাৰত-নেপাল সীমান্তৰ পানীতংকিৰ পৰা নিউজিলেণ্ডৰ এজন নাগৰিকক গ্ৰেপ্তাৰ কৰে । আটকাধীন নিউজিলেণ্ডৰ নাগৰিক জনৰ নাম এণ্ড্ৰু জেমছ ৷

তাৰ পাচতে সীমান্ত আৰক্ষীয়ে আটকাধীন নিউজিলেণ্ডৰ নাগৰিকজনৰ পৰা কেবাখনো ভুৱা ভাৰতীয় আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্স জব্দ কৰে ৷ পৰৱৰ্তী সময়ত অভিযুক্ত জেমছক সোধ-পোছ অন্তত সীমান্ত অঞ্চলৰ পৰা আটক কৰে বাংলাদেশী মহম্মদ নুৰুল ইছলামক (SSB arrests two foreigners for illegally entering India in Siliguri)।

লগতে পঢ়ক : Rap Accused BJP Candidate: বিজেপিৰ প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰিবলৈ ছত্তীশগড়ত উপস্থিত ঝাৰখণ্ড আৰক্ষী

ইয়াৰ পাচতে আটকাধীন কেইজনক সোমবাৰে সীমান্ত আৰক্ষীয়ে খাৰিবাৰী থানাত চমজাই দিয়ে (Kharibari police station) । অৱশ্যে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত পোহৰলৈ আহিছে যে, কোনো তৃতীয় ব্যক্তি বা সংগঠনে আটকাধীন দুয়োকে ভুৱা পৰিচয় পত্ৰ তৈয়াৰ কৰি ভাৰতত প্ৰৱেশ কৰাত সহায় কৰিছিল (Illegally entering India from Nepal) ৷

ইফালে কেনেকৈ আটকাধীন নিউজিলেণ্ড আৰু বাংলাদেশী নাগৰিক কেইজনে ভুৱা ভাৰতীয় পৰিচয় পত্ৰ প্ৰস্তুত কৰিলে সেই লৈ চিন্তিত হৈ পৰিছে প্ৰশাসন তথা নিৰাপত্তাৰক্ষী । ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক : BBC Journalist Arrested : চীনত বিবিচিৰ সাংবাদিকক প্ৰহাৰ কৰি গ্ৰেপ্তাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.