ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ডাল লেকত পৰ্যটকৰ আগমন - ডাল লেক

2019 চনত 370 অনুচ্ছেদ সংশোধন আৰু ক'ভিড-19 লক ডাউনৰ পাচত, কাশ্মীৰত ডেৰ বছৰত নগণ্য সংখ্যক পৰ্যটককেহে পদাৰ্পন কৰিছে ৷ অৱশ্যে সম্প্ৰতি পৰ্যটকসকলে পুনৰ কাশ্মীৰৰ দিশে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছে, যাৰ বাবে শ্ৰীনগৰৰ ডাল লেকত পৰ্যটকৰ সমাগম পৰিলক্ষিত হয় ৷

জম্মু-কাশ্মীৰৰ ডাল লেকত পৰ্যটকৰ আগমন
জম্মু-কাশ্মীৰৰ ডাল লেকত পৰ্যটকৰ আগমন
author img

By

Published : Jan 3, 2021, 5:38 PM IST

নেশ্যনেল ডেস্ক, 3 জানুৱাৰী: প্ৰায় ডেৰ বছৰৰ অন্তত কাশ্মীৰ পুনৰ পৰ্যটকৰ বাবে উদ্ভাসিত হৈ উঠিছে ৷ কিয়নো দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে সহস্ৰাধিক লোক আহি উপত্যকাটোত উপস্থিত হৈছে নৱবৰ্ষ উদযাপনৰ লগতে তুষাৰপাত উপভোগ কৰিবলৈ ৷

2019 চনত 370 অনুচ্ছেদ সংশোধন আৰু ক'ভিড-19 লক ডাউনৰ পাচত, কাশ্মীৰত ডেৰ বছৰত নগণ্য সংখ্যক পৰ্যটককেহে পদাৰ্পন কৰিছে ৷ অৱশ্যে সম্প্ৰতি পৰ্যটকসকলে পুনৰ কাশ্মীৰৰ দিশে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছে, যাৰ বাবে শ্ৰীনগৰৰ ডাল লেকত পৰ্যটকৰ সমাগম পৰিলক্ষিত হয় ৷

নৱবৰ্ষৰ প্ৰাকক্ষণত পৰ্যটক সকল সাক্ষী হৈ ৰয় তুষাৰপাতৰ ৷ আনকি বহু পৰ্যটতকে পাহাৰ আৰু সমতল ভূমিত হোৱা তুষাৰাবৃত্ত আচ্ছাদন চাবলৈয়ো উপত্যকা খনলৈ যায় ৷ মহাৰাষ্ট্ৰৰ পৰা যোৱা পৰ্যটকৰ এটা দলক পোন প্ৰথমে শ্ৰীনগৰৰ ডাল লেক হাউচবোট মালিকপক্ষই স্বাগতম জনায় ৷ তেওঁলোকৰ ব্যৱসায় 370 অনুচ্ছেদ সংশোধন আৰু কৰ'ণা মহামাৰীৰ সময়ত বাৰুকৈযয়ে নিম্নগামী হৈ পৰিছিল ৷

ইটিভি ভাৰতৰ সাংবাদিকৰ আগত হাউচবোটৰ মালিক য়াকুব ঢানুৱে কয়, তেওঁৰ ব্যৱসায়ত পৰ্যটকৰ আগমন তেওঁৰ বাবে ঈদৰ আনন্দতকৈ কোনো গুণে কম নহয় ৷ কিয়নো তেওঁলোকৰ ব্যৱসায়ে যোৱা দুটা বছৰে বহু ঘাত-প্ৰতিঘাত দেখিছে ৷

আনহাতে এগৰাকী পৰ্যটকেও কাশ্মীৰৰ সৌন্দৰ্যৰ ব্যাখ্যা আগবঢ়ালে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত ৷ কাশ্মীৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু শীতৰ আমেজ মহাৰাষ্ট্ৰত দুৰ্লভ বুলিও উল্লেখ কৰে পৰ্যটক গৰাকীয়ে ৷ আন এগৰাকী মহিলা পৰ্যটকে কয়, কাশ্মীৰ হৈছে মহিলা সকলৰ বাবে অতিকৈ সুৰক্ষিত স্থান আৰু তেওঁ ইয়ালৈ আহি বহুত সুখী ৷

লগতে পঢ়ক: বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.