ETV Bharat / bharat

UNESCO ৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত শ্ৰীনগৰৰ অন্তৰ্ভুক্তি - কাৰুশিল্প আৰু লোক শিল্প শাখা

এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চত UNESCO ৰ জৰিয়তে হস্তশিল্প প্ৰদৰ্শন কৰিব পাৰিব শ্ৰীনগৰে । UNESCO ৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত কাৰুশিল্প আৰু লোকশিল্প শাখাত স্থান লাভ কৰিলে পৰ্যটকৰ অন্যতম প্ৰিয় স্থান শ্ৰীনগৰে । বিশ্বৰ ৪৯ খন চহৰৰ লগতে এই তালিকাত শ্ৰীনগৰক অন্তৰ্ভুক্ত কৰা হৈছে ।

Srinagar joins UNESCO Creative Cities Network
UNESCOৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত শ্ৰীনগৰৰ অন্তৰ্ভুক্তি
author img

By

Published : Nov 9, 2021, 1:09 PM IST

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ : জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰক অন্তৰ্ভুক্ত কৰা হৈছে UNESCO ৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত । কাৰুশিল্প আৰু লোকশিল্প শাখাত অন্তৰ্ভুক্ত কৰা হৈছে শ্ৰীনগৰক । এই অন্তৰ্ভুক্তিয়ে শ্ৰীনগৰলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে । ঠাইখনৰ চালে চকুৰোৱা হস্তশিল্পৰ বিষয়ে বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰ সুযোগ লাভ কৰিছে শ্ৰীনগৰে ।

UNESCO ৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত সাতটা সৃষ্টিশীল ক্ষেত্ৰ আছে । সেয়া হৈছে- কাৰুশিল্প আৰু লোকশিল্প, সংবাদ মাধ্যম, চলচ্চিত্ৰ, সাহিত্য, ডিজাইন, জ্যোতিৰ্বিজ্ঞান আৰু মিডিয়া আৰ্টছ । শ্ৰীনগৰক সৃষ্টিশীল চহৰ হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে ২০১৯ চনত প্ৰথমবাৰৰ বাবে মনোনয়ন দাখিল কৰা হৈছিল । অৱশ্যে, উক্ত বৰ্ষত দুখন মহানগৰ অন্তৰ্ভুক্ত কৰা হৈছিল ।

জ্যোতিৰ্বিজ্ঞানৰ শাখাত হায়দৰাবাদক আৰু ছবিৰ শাখাত মুম্বাইক বাছনি কৰা হৈছিল । ২০১৯ চনৰ পূৰ্বে সৃষ্টিশীল মহানগৰৰ শাখাত কেৱল তিনিখন ভাৰতীয় মহানগৰক সদস্য হিচাপে স্বীকৃতি দিয়া হৈছিল ।

  • Delighted that beautiful Srinagar joins the @UNESCO Creative Cities Network (UCCN) with a special mention for its craft and folk art. It is a fitting recognition for the vibrant cultural ethos of Srinagar. Congratulations to the people of Jammu and Kashmir.

    — Narendra Modi (@narendramodi) November 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

২০১৫ চনত কাৰুশিল্প আৰু লোকশিল্প শাখাত জয়পুৰক আৰু সংগীতৰ সৃষ্টিশীল চহৰৰ শাখাত বাৰাণসীক অন্তৰ্ভুক্ত কৰা হৈছিল । ২০১৭ চনত সৃষ্টিশীল সংগীত চহৰ হিচাপে স্বীকৃত হৈছিল চেন্নাই । ২০২০ চনত UNESCO ই সৃষ্টিশীল চহৰ নেটৱৰ্কৰ আবেদনৰ বাবে আহ্বান জনোৱা নাছিল ।

শ্ৰীনগৰে UNESCO ৰ ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কৰ স্বীকৃতি লাভ কৰাৰ পাচতে জে কে ই আৰ এৰ ঝেলাম তাৱী বান পুনৰুদ্ধাৰ প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ আবিদ ৰছিদ শ্বাহে কয় যে, ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কৰ বাবে শ্ৰীনগৰৰ মনোনয়ন প্ৰক্ৰিয়া বিশ্ব বেংকৰ দ্বাৰা অনুদানপ্ৰাপ্ত ঝেলাম তাৱী বান পুনৰুদ্ধাৰ প্ৰকল্পই হাতত লৈ পুঁজিৰ যোগান ধৰিছিল । তেওঁ কয় যে, এয়া হৈছে চহৰখনৰ ঐতিহাসিক শিল্প-কলালৈ এক স্বীকৃতি । এয়া সকলোৰে বাবে গৌৰৱৰ মূহুৰ্ত বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন : বিজেপি-চিপিআই(এম)ৰ মাজত তীব্ৰ সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.