নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : ১৯২৪ চনৰ ২৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰা অটল বিহাৰী বাজপেয়ী আজি আমাৰ মাজত নাই যদিও এতিয়াও দেশবাসীয়ে তেওঁক স্মৰণ কৰে । ৰাজপথৰ পৰা আৰম্ভ কৰি সংসদলৈ অটল বিহাৰীয়ে ৫ দশক ধৰি ৰাজনীতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল ৷ এই সময়চোৱাত, এনে বহুতো ঘটনা ঘটিছিল যিবোৰ তেওঁৰ শক্তিশালী কণ্ঠৰ জৰিয়তে আজিও স্মৰণীয় হৈ আছে ৷
১৯৯৬ চনৰ ২৭ মে'ৰ বিশ্বাস প্ৰস্তাৱে হওঁক বা ১৯৮০ চনত ভাৰতীয় জনতা পাৰ্টি প্ৰতিষ্ঠাৰ সময়ত দিয়া ভাষণে হওঁক । তেওঁৰ ভাষণৰ প্ৰতিটো শাৰী ভাৰতৰ ৰাজনীতিৰ বাবে সঠিক ভৱিষ্যতবাণী বুলি প্ৰমাণিত হৈ আহিছে । দেশৰ প্ৰতিটো কোণৰ সৈতে এক আবেগ, ঘনিষ্ঠ সম্পৰ্ক আছিল এই মহান ব্যক্তিত্বৰ । মহান ব্যক্তিত্বৰ অধিকাৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীত (Atal Bihari Vajpayee's 97th birth anniversary) কিছুমান বিশেষ স্মৃতি উল্লেখ কৰাৰ প্ৰয়াস ইটিভি ভাৰতৰ ।
লক্ষ্ণৌৰ সংস্কৃতি আৰু অটলৰ ব্যক্তিত্ব :
১৯৫২ চনত, অটল বিহাৰী বাজপেয়ীয়ে প্ৰথমবাৰৰ বাবে লক্ষ্ণৌ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল, কিন্তু তেতিয়া তেওঁ সফল হোৱা নাছিল । ইয়াৰ পাছত অটল বিহাৰী বাজপেয়ীয়ে প্ৰথমবাৰৰ বাবে ১৯৫৭ চনত লোকসভা নিৰ্বাচনত জয়ী হৈছিল । ১৯৫৭ চনত, ভাৰতীয় জনসংঘই তেওঁক তিনিখন লোকসভা আসন ক্ৰমে লক্ষ্ণৌ, মথুৰা আৰু বলৰামপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰে ।
তেওঁ লক্ষ্ণৌত নিৰ্বাচনত পৰাজিত হৈছিল, মথুৰাত তেওঁৰ জামিন বাজেয়াপ্ত কৰা হৈছিল, কিন্তু বলৰামপুৰৰ পৰা নিৰ্বাচনত জয়ী হোৱাৰ পাছত তেওঁ লোকসভালৈ আহিবলৈ সক্ষম হৈছিল । তাৰ পাছত তেওঁ গোৱালিয়ৰৰ পৰা সাংসদ হৈছিল । কিন্তু সময়ৰ গতিত ১৯৯১ চনত, অটল বিহাৰী পুনৰ লক্ষ্ণৌলৈ উভতি আহে ।
তেওঁ লক্ষ্ণৌৰ পৰা সাধাৰণ নিৰ্বাচনত জয়ী হয় । তাৰ পাছত ৰাজনীতিত থকালৈকে তেওঁ লক্ষ্ণৌৰ পৰাই প্ৰতিদ্বন্দিতা আগবঢ়ায় গ'ল । ১৯৯৬ চনত, বাজপেয়ীয়ে লক্ষ্ণৌ আৰু গান্ধীনগৰ দুয়োখন আসনতে জয়লাভ কৰে । কিন্তু যেতিয়া আসন বাছনি কৰাৰ সময় আহিছিল তেওঁ লক্ষ্ণৌ বাছনি কৰিছিল ।
তেওঁ গান্ধীনগৰৰ পৰা পদত্যাগ কৰে । ১৯৯১ চনৰ পৰা ২০০৯ চনলৈ দশম লোকসভাৰ পৰা পঞ্চদশ লোকসভালৈ তেওঁ লক্ষ্ণৌৰ সংসদৰ সদস্য আছিল ।
উত্তৰ প্ৰদেশৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী মহছিন ৰাজাই অটল বিহাৰী বাজপেয়ীৰ ব্যক্তিত্ব সন্দৰ্ভত কয়,"বিশ্বত লক্ষ্ণৌৰ যেনেদৰে এক সুকীয়া পৰিচয় আছে মই ভাৱো অটল বিহাৰী বাজপেয়ীৰো সেই একে পৰিচয় আছে । নম্ৰতা, শালীনতা, মৰম আৰু চেনেহৰে তেওঁ যিদৰে লোক অথবা কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰিছিল তেওঁ সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল । তাৰ উদাহৰণ আপোনাৰ সন্মুখত থকা এই মহছিন ৰাজা । মই তেওঁৰ মতামতৰ দ্বাৰা প্ৰভাৱিত হৈ বিজেপিৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰিছিলো । তেওঁ মোৰ ৰাজনৈতিক গুৰু আছিল । তেওঁৰ ব্যক্তিত্ব লক্ষ্ণৌৰ শৈলীৰ সৈতে সম্পূৰ্ণ মিল আছে, সেয়েহে আজি আমি অটলজীক বহুত মনত পেলাও।"
কানপুৰৰ সৈতে সম্পৰ্ক :
অটল বিহাৰী বাজপেয়ীৰ কানপুৰৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল । তেওঁ কানপুৰৰ ডিএভি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা ৰাজনীতিৰ কৌশল আয়ত্ব কৰিছিল । কানপুৰত তেওঁ তেওঁৰ ছাত্ৰ জীৱনৰ তিনি বছৰ অতিবাহিত কৰিছিল ।
অটল বিহাৰ বাজপেয়ীয়ে ৰাজনীতি বিজ্ঞানত এমএ কৰিছিল আৰু এই মহাবিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থানত আছিল । অটলজীৰ নাম এতিয়াও ডিএভি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ব'ৰ্ডত লিখা আছে । তেওঁলোকৰ শ্ৰেণীসমূহ ২০ আৰু ২১ নং কোঠাত হৈছিল ।
অটল বিহাৰী বাজপেয়ীয়ে ১৯৪৫ চনত ডিএভি মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল । তাৰ পাছত তেওঁ লাহে লাহে সংঘত যোগদান কৰে আৰু ধনকুট্টি শাখালৈ যাবলৈ আৰম্ভ কৰে । ১৯৪৭-১৯৪৮ চনৰ ভিতৰত তেওঁ সংঘৰ প্ৰচাৰক হয় আৰু দেশৰ সেৱা কৰিবলৈ আৰম্ভ কৰে । তাৰ পিছত তেওঁ জীৱনৰ শেষ মুহূৰ্তলৈকে দেশৰ সেৱা আগবঢ়াই আছিল ।
ডিএভি কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী ড০ দীপশিখা চতুৰ্বেদীয়ে কয় যে অটল বিহাৰী বাজপেয়ীয়ে মহাবিদ্যালয়খনৰ ২০ আৰু ২১ নং কোঠাত পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল । সেই কোঠাটো তেওঁৰ মৃত্যুৰ পাছত সংৰক্ষণ কৰা হৈছিল । এতিয়া অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত চৰকাৰে তেওঁৰ গৱেষণা কেন্দ্ৰ হিচাপে ২১ নং কোঠাটো উন্নীত কৰিব । য'ত তেওঁৰ সকলো স্মৃতি ৰখা হ'ব ।
তাৰ ভিতৰত আছে অটলজীৰ ভাষণৰ প্ৰতিলিপি । যাতে পৰৱৰ্তী প্ৰজন্মই জানিব পাৰে যে ইমান মহান ব্যক্তিত্বৰ লোকজনে এই মহাবিদ্যালয়ত আৰু এই কোঠাটোত অধ্যয়ন কৰিছিল ।
পানীপথৰ সেই কছুৰিৱালা :
হাৰিয়ানাৰ পানীপথত এখন পুৰি-কছুৰিৰ দোকান আছে । যি কেৱল পানীপথৰ লোকৰ বাবেই নহয়, দূৰ-দূৰণিৰ লোকসকলৰ বাবেও বিখ্যাত । তাৰ কছুৰি অটল বিহাৰী বাজপেয়ীয়ে ইমানে ভাল পাইছিল যে সভাত উপস্থিত থকা লোকৰ মাজত উৎসাহ কম দেখিলে তেওঁ কৈছিল,'আপোনালোকে পানীপথৰ চিমনৰ ক্ৰীম-কছুৰি খায় অহা নাই নেকি ?
দৰাচলতে, এয়া হৈছে ২০০১ চনৰ কাহিনী, যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী পানীপথৰ শোধনাগাৰ পৰিদৰ্শনৰ বাবে গৈছিল (Atal Bihari Vajpayee Panipat refinery visit)। তেওঁ তাত ভাষণ প্ৰদান কৰোঁতে হাত-চাপৰিৰ শব্দ শুনিবলৈ পোৱা নাছিল । তেতিয়া তেওঁ ভাষণত কৈছিল যে পানীপথৰ মানুহে চিমানলালৰ কছুৰি খায় অহা নাই নেকি ?
কোৱা হয় যে তেওঁৰ এই ভাষণৰ পাছতে পানীপথৰ উপায়ুক্তই চিমানলালক সাক্ষাৎ কৰিছিল আৰু সেইদিনাৰ পৰা চিমানলালক কছুৰিৱালা বুলি জনা গৈছিল আৰু তেওঁৰ দোকানত তেতিয়াৰ পৰা গ্ৰাহকৰ ভিৰ আৰু বেছি হৈছিল ।
উল্লেখ্য যে পানীপথ চহৰৰ দূৰ্গৰ ওচৰত চিমানলালৰ দোকানখন আছে আৰু তাত এটা আৰ এছ এছ কাৰ্যালয়ো আছে । অটল বিহাৰী বাজপেয়ীয়ে মাজে সময়ে সেই দোকানলৈ আহিছিল । এতিয়া চিমনলাল নাই, কিন্তু তেওঁৰ পুত্ৰ ৰাজীৱে সেই স্মৃতিৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁৰ ককাদেউতাক বখতাৱাৰ সিঙে প্ৰায় ১৫০ বছৰ পূৰ্বে দোকানখন আৰম্ভ কৰিছিল আৰু তেওঁ এতিয়া সেই পৈতৃক দোকানখন চলাই আছে ।