ETV Bharat / bharat

UP Election:প্ৰতাপগড়ত নিৰ্বাচনী হিংসাঃ উন্নয়ণ নোহোৱাৰ অভিযোগেৰে ভোটবৰ্জন - প্ৰতাপগড়ত নিৰ্বাচনী হিংসা

উত্তৰ প্ৰদেশৰ কেইবাটাও সমষ্টিত পঞ্চম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে (UP Assembly Election 2022 )। ইয়াৰ মাজতে সংঘটিত বিক্ষিপ্ত ঘটনা। SP প্ৰাৰ্থী গুলচন যাদৱৰ কনভয়ত গুলীচালনা। উন্নয়ণ নোহোৱাৰ অভিযোগেৰে ভোটবৰ্জন এখন গাঁৱৰ ৰাইজৰ। সৱিশেষ প্ৰতিবেদনত।

Breaking News
author img

By

Published : Feb 27, 2022, 6:40 PM IST

নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ উত্তৰ প্ৰদেশৰ কেইবাটাও সমষ্টিত পঞ্চম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন( (UP Assembly Election 2022 )ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে পোহৰলৈ এক বিক্ষিপ্ত ঘটনা । প্ৰতাপগড়ৰ কুণ্ডা বিধানমসভা সমষ্টিৰ সমাজবাদী দলৰ প্ৰাৰ্থী গুলচন যাদৱৰ কনভয়ত আক্ৰমণৰ ঘটনা সংঘটিত । সমাজবাদী পাৰ্টিৰ কৰ্মকৰ্তাৰ অভিযোগ অনুসৰি পাহাৰপুৰৰ সমীপত দুৰ্বৃত্তই আক্ৰমণ চলাই গুলচন যাদৱৰ কনভয়ৰ গাড়ীৰ আইনা ভাঙি পেলাই ।

UP Election:প্ৰতাপগড়ত নিৰ্বাচনী হিংসাঃ উন্নয়ণ নোহোৱাৰ অভিযোগেৰে ভোটবৰ্জন

সমাজবাদী পাৰ্টিৰ অভিযোগ অনুসৰি প্ৰাৰ্থীগৰাকীৰ কনভয়ত আক্ৰমণ চলোৱাৰ উপৰিও গুলচন যাদৱৰ নিজৰেই মানিকপুৰ অঞ্চলত কন্ভয়ত আক্ৰমণ কৰাৰ উপৰিও যাদৱৰ ওপৰত মাৰপিট কৰে (Tension in fifth phase । আক্ৰমণৰ সময়ত সমাজবাদী পাৰ্টিৰ কৰ্মকৰ্তাসকলে ৰঘুৰাজ প্ৰতাপ সিং ওৰফে ৰাজা ভাইয়াৰ সমৰ্থক কুণ্ডাৰ চেক চৰ্দাৰক দেখাৰ কথাও উল্লেখ কৰে । চাকে চৰ্দাৰ আদিয়েই গুলচন যাদৱক আক্ৰমণ চলোৱাৰো অভিযোগ উত্থাপন হৈছে ।

ঘটনা সংঘটিত হোৱাৰ খৱৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী বাহিনী । আৰক্ষীয়ে জনোৱা মতে সকলো ঠিকেই আছে আৰু শান্তিপূৰ্ণভাৱেই ভোটগ্ৰহণ চলি আছে । SP প্ৰাৰ্থীৰ তৰফৰ পৰা লিখিত দিয়া হৈছে যাৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও আৰক্ষী সুত্ৰই প্ৰকাশ কৰিছে । জিলা নিৰ্বাচনী বিষয়া ড০ নিতিন বনচালৰ মতে, গুলচন যাদৱ তেওঁৰ ঘৰত সম্পূৰ্ণসুৰক্ষিত ।

ইফালে শ্ৰাৱস্তি জিলাটো দেওবাৰৰ দিনটোত পঞ্চম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি আছে । কিন্তু ইয়াৰ মাজতে জিলাখনৰ এখন গাঁৱৰ লোকসকলে অঞ্চলটোত কোনো উন্নয়ন হোৱা নাই বুলি কৈ ভোটগ্ৰহণ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

তেওঁলোকৰ অভিযোগ যে, তেওঁলোকে দীৰ্ঘদিন ধৰি ইয়াত ৰাস্তা আৰু অন্যান্য মৌলিক সুবিধাৰ দাবীত বিধায়ক আৰু অন্যান্য কাৰ্য্যালয়ৰ বিষয়াসকলৰ চাৰিওফালে ঘূৰি ফুৰিছে। কিন্তু ফলাফল আজিও আশাব্যঞ্জক হোৱা নাই । যাৰ ফলস্বৰূপে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে পঢ়ক : Political violence in Agartala : বিজেপি-কংগ্ৰেছ সমৰ্থকৰ মাজত সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.