নেশ্যনেল ডেস্ক,১০ এপ্ৰিল: দেশত কৰ'ণাৰ দ্বিতীয় ঢৌৰ দ্ৰুত সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে শনিবাৰে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰে ভাৰ্চুৱেল বৈঠকত মিলিত হ'ব । উক্ত বৈঠকত দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী উপস্থিত থাকিব । প্ৰতিষেধকৰ ওপৰত তাৎক্ষণিক স্থগিতাদেশ, প্ৰতিষেধকৰ দ্ৰুত অনুমোদন আৰু প্ৰয়োজনীয় সকলোৰে বাবে টীকাকৰণ মুকলি কৰিবলৈ ৰাহুল গান্ধীয়ে এক আহ্বান জনোৱাৰ এদিন পাচতে এই বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
সূত্ৰ অনুসৰি, এই বৈঠকতে কংগ্ৰেছ নেতৃত্বই ৰাইজক সহায় আগবঢ়াবলৈ পৰামৰ্শ প্ৰদান কৰিব । দেশত কৰ'ণাৰ প্ৰতিষেধক বিশ্বৰ আন আন দেশসমূহলৈ ৰপ্তানি কৰাৰ ফলত মহাৰাষ্ট্ৰ, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ, পঞ্জাৱ, ৰাজস্থান, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ছত্তিশগড়, বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত প্ৰতিষেধকৰ অভাৱ ঘটিছে । আনহাতে, প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলক ১১-১৪ এপ্ৰিললৈ প্ৰতিষেধক উৎসৱ আয়োজন কৰিবলৈ কৰা আবেদনৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে ক'ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি প্ৰতিহত কৰিবলৈ প্ৰতিষেধকৰ অভাৱৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি টুইটত উল্লেখ কৰিছিল ।
ইপিনে, দেশত শেহতীয়াকৈ কৰ'ণাৰ সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শনিবাৰৰ পৰা ৩০ এপ্ৰিললৈকে ৰাজ্যখনৰ নখন চহৰত নৈশ সান্ধ্য আইন জাৰি কৰিছে । এই নখন চহৰ হৈছে আজমেৰ, আলৱাৰ, ভিলৱাৰা, চিতোৰগড়, ডুংগৰপুৰ, জয়পুৰ, যোধপুৰ, কোটা আৰু আবু ৰোড । চহৰকেইখনত নিশা ৮ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে । আনহাতে, উদয়পুৰত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে ।