ETV Bharat / bharat

বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কংগ্ৰেছ সাংসদৰ সৈতে ছোনিয়া গান্ধীৰ বৈঠক - ছোনিয়া গান্ধী

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে (Sonia Gandhi) দেওবাৰে দলটোৰ লোকসভাৰ সাংসদসকলৰ (Lok Sabha MP) সৈতে এক বৈঠকৰ আহ্বান জনাইছে । বৈঠকখন ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হ'ব ।

Sonia Gandhi to chair virtual meeting
বৰ্ষাকালীন অধিবেশনৰ পূৰ্বে কংগ্ৰেছ সাংসদৰ সৈতে ছোনিয়া গান্ধীৰ বৈঠক
author img

By

Published : Jul 18, 2021, 10:41 AM IST

নেশ্যনেল ডেস্ক,১৮ জুলাই : অহা ১৯ জুলাইৰ পৰা আৰম্ভ হ'ব ১৭তম লোকসভাৰ ষষ্ঠ অধিৱেশন । এই অধিৱেশন ১৩ আগষ্টলৈ চলিব আৰু দিনত এঘণ্টাৰ বিৰতিৰ সৈতে ১১ বজাৰ পৰা ৬ বজালৈ চলিব । ইফালে এই বৰ্ষাকালীন অধিবেশনকলৈ (Monsoon session) ইতিমধ্যে বিভিন্ন ধৰণৰ জল্পনা কল্পনা আৰম্ভ হৈছে ।

শাসকীয় শিবিৰে কি ধৰণে ৰাইজক সন্তুষ্ট কৰিব পাৰে তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব । বিৰোধীসকলেও সাজু হৈছে যুক্তি তৰ্কৰ বাবে । উল্লেখ্য যে এইবাৰ অধিৱেশনত কেইবাখনো নতুন বিধেয়ক (Bill) গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । সূত্ৰৰ পৰা জানিব পৰা মতে এইবাৰ ১৫ খন নতুন বিধেয়ক গ্ৰহণ কৰা হ'ব লোকসভাৰ মজিয়াত।

লগতে সূত্ৰটোৱে জনোৱা মতে বিধেয়ক কেইখনৰ ভিতৰত থাকিব ডিএনএ প্ৰযুক্তি বিধেয়ক (DNA Technology Bill), অভিভাৱক আৰু জ্যেষ্ঠ নাগৰিকৰ তত্বাৱধান আৰু কল্যাণ (Maintenance and Welfare of Parents and Senior Citizens), সহায়ক প্ৰজনন প্ৰযুক্তি বিধেয়ক (Assisted Reproductive Technology Bill), ন্যায়াধিকৰণ সংস্কাৰ বিধেয়ক আৰু কাৰক নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক(Tribunal Reforms Bill and Factoring Regulation Amendment Bill) আদি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক ।

এনেবোৰ চৰ্চা চলি থকাৰ মাজতে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে (Sonia Gandhi) দেওবাৰে দলটোৰ লোকসভাৰ সাংসদসকলৰ (Lok Sabha MP) সৈতে এক বৈঠকৰ আহ্বান জনাইছে । বৈঠকখন ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হ'ব । সম্ভৱত এই অধিবেশনত শাসকীয় দলৰ বিৰুদ্ধে কিছুমান ৰণনীতি প্ৰস্তুত কৰাৰ বাবেই বৈঠকৰ আহ্বান জনাইছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । অৱশ্যে কোনবোৰ বিষয়ৰ ওপৰত এইবাৰ বিৰোধী কংগ্ৰেছে মাত মাতিব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি: পঞ্জাৱ বিজেপিৰ সৈতে নাড্ডাৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.