ETV Bharat / bharat

Parliament Special Session: সংসদীয় ৰণনীতি গোটৰ বৈঠকৰ আহ্বান ছোনিয়া গান্ধীৰ - Mallikarjun Kharge on Parliament Special Session

অহা ১৮-২২ ছেপ্টেম্বৰত সংসদৰ বিশেষ অধিবেশন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত কংগ্ৰেছৰ সংসদীয় ৰণনীতি গোটৰ এখন বৈঠক আহ্বান কৰিছে ছোনিয়া গান্ধীয়ে । মিত্ৰজোঁট 'I.N.D.I.A'ৰ সাংসদসকলৰো বৈঠক অনুষ্ঠিত হ'ব ।

Parliament Special Session
সংসদীয় ৰণনীতি গোটৰ বৈঠকৰ আহ্বান ছোনিয়া গান্ধীৰ
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 2:05 PM IST

নেশ্যনেল ডেস্ক, ৪ ছেপ্টেম্বৰ : কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে মঙলবাৰে সংসদৰ আগন্তুক বিশেষ অধিৱেশনৰ পূৰ্বে দলটোৰ সংসদীয় ৰণনীতি গোটৰ এখন বৈঠক আহ্বান কৰিছে । ইফালে ছোনিয়া গান্ধীক সোমবাৰে হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছে । কিয়নো দেওবাৰে সাধাৰণ জ্বৰৰ লক্ষণ দেখাৰ পাছতে তেওঁক দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

তথ্য অনুসৰি সংসদীয় ৰণনীতি গোটৰ বৈঠকত সংসদৰ অধিৱেশনত উত্থাপিত হ'বলগীয়া প্ৰশ্ন আৰু বিষয়বোৰৰ মোকাবিলা কৰাৰ বাবে দলৰ পৰিকল্পনাৰ ওপৰত আলোচনা হ'ব ।

ইফালে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও সংসদৰ বিশেষ অধিৱেশনৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ মিত্ৰজোঁট 'I.N.D.I.A'ৰ সাংসদসকলৰ এখন বৈঠকৰ আহ্বান কৰিছে । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বৃহস্পতিবাৰে ১৮-২২ ছেপ্টেম্বৰৰ ভিতৰত সংসদৰ ৫ দিনীয়া বিশেষ অধিৱেশনৰ বিষয়ে অৱগত কৰে । অৱশ্যে, বিশেষ অধিৱেশনৰ কাৰ্যসূচী এতিয়াও প্ৰকাশ কৰা হোৱা নাই । সামাজিক মাধ্যমৰ এটা পোষ্টত যোশীয়ে পুৰণি সংসদ ভৱন আৰু নতুন ভৱনৰ এখন ফটোও শ্বেয়াৰ কৰে । যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৮ মে'ত উদ্বোধন কৰিছিল ।

আনহাতে কেন্দ্ৰই শনিবাৰে দেশত একেলগে লোকসভা আৰু ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা আৰু পৰামৰ্শ দিবলৈ এখন ৮ জনীয়া সমিতি গঠন কৰিছে ।প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ উপৰিও সমিতিখনৰ সদস্যসকলৰ ভিতৰত আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰী, ৰাজ্যসভাৰ প্ৰাক্তন বিৰোধী দলপতি গুলাম নবী আজাদ, বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্ৰাক্তন সচিব প্ৰধান সুভাষ চি কাশ্যপ, জ্যেষ্ঠ অধিবক্তা হৰিশ চালভে আৰু ভিজিলেন্সৰ প্ৰাক্তন মুখ্য আয়ুক্ত সঞ্জয় কোঠাৰী ।

যোৱা মাহত সমাপ্ত হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশন পুৰণি সংসদ ভৱনত অনুষ্ঠিত হৈছিল । ইফালে বিশেষ অধিবেশনৰ ঘোষণাই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সংসদৰ শীতকালীন অধিবেশন সাধাৰণতে নৱেম্বৰৰ শেষ সপ্তাহত আৰম্ভ হয় ।

লগতে পঢ়ক :One Nation One Election: এক ৰাষ্ট্ৰ, এক নিৰ্বাচন ধাৰণাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.