ETV Bharat / bharat

সোণালী ফোগটৰ মৃত্যুৰ তদন্ত কৰিব চিবিআয়ে - Sonali Phogat death case

অৱশেষত গোৱা চৰকাৰে পৰিয়ালৰ দাবী পূৰণ কৰি চিবিআইক সোণালী ফোগটৰ মৃত্যুৰ তদন্তৰ দায়িত্ব প্ৰদান কৰিলে ৷ এতিয়া সোণালী ফোগটৰ মৃত্যুৰ তদন্ত কৰিব চিবিআয়ে (Sonali Phogat death case investigation)৷

Sonali Phogat death case investigation
Sonali Phogat death case investigation
author img

By

Published : Sep 12, 2022, 11:58 AM IST

Updated : Sep 12, 2022, 6:15 PM IST

নিউজ ডেস্ক, 12 ছেপ্টেম্বৰ: সোমবাৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখি সোণালী ফোগটৰ মৃত্যুৰ গোচৰটো কেন্দ্ৰীয় তদন্ত ব্যুৰোলৈ হস্তান্তৰ কৰিবলৈ অনুৰোধ জনায় (Sonali Phogat death case) । মুখ্যমন্ত্ৰী সাৱন্তে সংবাদ মাধ্যমৰ আগত এক বিবৃতিত কয় যে, সোণালীৰ পৰিয়ালৰ সদস্য বিশেষকৈ তেওঁৰ কন্যাৰ অনুৰোধৰ পিছত ৰাজ্যই গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁৰ গোচৰৰ তদন্ত চিবিআইক গতাই দিবলৈ অনুৰোধ কৰিছে ।

তদুপৰি তেওঁ কয় যে, তেওঁ গোৱা আৰক্ষীক বিশ্বাস কৰে আৰু তেওঁলোকে তদন্তত যৎপৰোনাস্তি চেষ্টা চলাই আছে যদিও মানুহে দাবী কৰাৰ বাবে ৰাজ্যই সোণালী ফোগটৰ গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰিবলৈ অনুৰোধ কৰিব । ইয়াৰ পূৰ্বে দেওবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে, গোৱা আৰক্ষীৰ তদন্তত পৰিয়ালটো সন্তুষ্ট নহ’লে সোণালী ফোগটৰ মৃত্যুৰ তদন্ত চিবিআইয়ে কৰিব (Sonali Phogat death case investigation)।

হাৰিয়ানাৰ সংবাদ মাধ্যমৰ সৈতে কথা পাতি খট্টৰে কয়, ‘‘আমি লিখিতভাৱে চিবিআইৰ তদন্তৰ বাবে অনুৰোধ কৰিছিলোঁ যদিও তেওঁলোকে উল্লেখ কৰিছে যে প্ৰথমে গোৱাই নিজাকৈ তদন্ত সম্পূৰ্ণ কৰিব আৰু যদি পৰিয়ালটো ইয়াৰ ওপৰত সন্তুষ্ট নহয় তেন্তে তদন্ত অৰ্পণ কৰা হ’ব চিবিআইলৈ (CBI to investigate Sonali Phogat case)।"

ইয়াৰ পূৰ্বে, সোণালী ফোগটৰ মৃত্যুৰ সন্দৰ্ভত চিবিআইৰ তদন্তৰ দাবীত হিছাৰত এখন খাপ মহাপঞ্চায়ত অনুষ্ঠিত হৈছিল । সোণালী ফোগটৰ মৃত্যু গোচৰত চলি থকা আলোড়নৰ মাজতে শুকুৰবাৰে আৰক্ষীয়ে নিশ্চিত কৰে যে প্ৰফাইলটো জ্যেষ্ঠ পৰ্যায়ত পৰ্যালোচনা কৰা হৈছে আৰু বস্তুনিষ্ঠ ভিত্তিত চাৰ্জ শ্বীট দাখিল কৰা হ’ব বুলি কৈছিল ।

উত্তৰ গোৱাৰ এছপি শ্বোভিট ছাক্সেনাই কৈছিল, "ইয়াৰ উচ্চ পৰ্যায়ত পৰ্যালোচনা কৰা হৈছে । আমি ৰিমাণ্ডৰ পিছত বস্তুনিষ্ঠ ভিত্তিত চাৰ্জ শ্বীট দাখিল কৰাৰ ওপৰত আত্মবিশ্বাসী । তদন্তৰ বাহিৰত একোৱেই বাদ দিয়াটো নিশ্চিত কৰিব" ৷

লগতে পঢ়ক: ব্লেকমেইলিঙৰ বাবেই প্ৰাক্তন বায়ুসেনা বিষয়াৰ আত্মহননৰ সন্দেহ

Last Updated : Sep 12, 2022, 6:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.