ETV Bharat / bharat

১ অক্টোবৰৰ পৰা সলনি হ'ব কেতবোৰ গুৰুত্বপূৰ্ণ চৰকাৰী নিয়ম - চৰকাৰী নিয়ম

চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা কেইবাটাও ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম । চৰকাৰী কাম-কাজ কৰোঁতে মানি চলিব লাগিব এই নিয়মসমূহ । পেঞ্চন লাভৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা হৈছে কেতবোৰ নিয়ম । অক্টোবৰ মাহৰ ১ তাৰিখৰ পৰা নিম্নোলিখিত নিয়মসমূহ সলনি হ'ব ।

Some important rules will change from 1st October
১ অক্টোবৰৰ পৰা সলনি হ'ব পেঞ্চনৰ নিয়ম
author img

By

Published : Sep 28, 2021, 10:48 PM IST

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ : ১ অক্টোবৰৰ পৰা সকলোৱে মানি চলিব লাগিব কিছুমান নতুন নিয়ম । বেংক আৰু দৰমহা সম্পৰ্কীয় বহুতো নিয়ম সলনি হ'ব । এই পৰিৱৰ্তনবোৰে সাধাৰণ মানুহৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব । বেংকৰ নিয়মৰ পৰা ৰন্ধন গেছৰ মূল্য নিৰ্ধাৰণ কৰালৈকে সকলো ক্ষেত্ৰতে আহিব পৰিৱৰ্তন ।

১. পেঞ্চনৰ নিয়মৰ সাল-সলনি

ডিজিটেল লাইফ প্ৰমাণপত্ৰ (Digital life certificate) সম্পৰ্কীয় নিয়ম ১ অক্টোবৰৰ পৰা সলনি হ'ব । এতিয়া দেশৰ ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ সকলো পেঞ্চনাৰে দেশৰ সকলো মুখ্য ডাকঘৰৰ লাইফ প্ৰুুফ চেণ্টাৰত ডিজিটেল লাইফ প্ৰমাণপত্ৰ জমা কৰিব পাৰিব । ডিজিটেল লাইফ প্ৰমাণপত্ৰ জমা দিয়াৰ সময়সীমা ৩০ নৱেম্বৰলৈকে নিৰ্ধাৰণ কৰি দিয়া হৈছে । ডিজিটেল লাইফ প্ৰমাণপত্ৰ দাখিলৰ কাম ডাকঘৰৰ জৰিয়তে আৰম্ভ হ'ব । সেয়েহে, ভাৰতীয় ডাক বিভাগক লাইফ প্ৰুফ চেণ্টাৰৰ আই ডি সময়মতে সক্ৰিয় হোৱাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে ।

২. অক্টোবৰৰ ১ তাৰিখৰ পৰা ব্যৱহাৰৰ অনুপযোগী হৈ পৰিব পুৰণি চেকবুক

তিনিটাকৈ বেংকৰ চেকবুক আৰু এম আই চি আৰ কোড ১ অক্টোবৰৰ পৰা ব্যৱহাৰৰ অনুপযোগী হৈ পৰিব । এই বেংককেইটা হৈছে অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ(Oriental bank of commerce), ইউনাইটেড বেংক অৱ ইণ্ডিয়া(United Bank of India) আৰু এলাহাবাদ বেংক(Allahabad Bank)। শেহতীয়াকৈ এই বেংককেইটা আন বেংকৰ সৈতে একত্ৰিকৰণ হৈছে । বেংকৰ একত্ৰীকৰণৰ হোৱাৰ বাবে পূৰ্বে একাউণ্ট থকাসকলৰ একাউণ্ট নম্বৰ, আই এফ এছ চি কোড আৰু এম আই চি আৰ কোড সলনি হৈছে আৰু সেয়ে, ১ অক্টোবৰৰ পৰা এই বেংককেইটাই পুৰণি চেকবুক বৈধ হিচাপে গ্ৰহণ নকৰে ।

Some important rules will change from 1st October
১ অক্টোবৰৰ পৰা সলনি হ'ব বিনিয়োগ সম্পৰ্কীয় নিয়ম

৩. অটো ডেবিট কাৰ্ডৰো সলনি হ'ব নিয়ম

ক্ৰেডিট কাৰ্ড অথবা ডেবিট কাৰ্ডৰ সৈতে অটো ডেবিটৰ বাবে ১ অক্টোবৰৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম কাৰ্যকৰী হ'ব। গ্ৰাহকসকলে অনুমোদন নিদিয়ালৈকে ডেবিট আৰু ক্ৰেডিট কাৰ্ড বা মোবাইল ৱালেটৰ পৰা অটো ডেবিট কৰিব নোৱাৰিব । ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'বলগীয়া নতুন অতিৰিক্ত কাৰক প্ৰমাণীকৰণ নিয়ম অনুসৰি, বেংকে গ্ৰাহকক যিকোনো অটো ডেবিট পৰিশোধৰ জৰিয়তে একাউণ্টৰ পৰা ধন ডেবিট কৰিবলৈ অনুমতি দিবলৈ ২৪ ঘণ্টাৰ আগতে জাননী প্ৰেৰণ কৰিব লাগিব । গ্ৰাহকে নিশ্চিত কৰাৰ পাচতহে একাউণ্টৰ পৰা টকাখিনি ডেবিট কৰা হ'ব । আপুনি এছ এম এছ অথবা ই-মেইলযোগে এই ধন ডেবিটৰ তথ্য গ্ৰাহকে লাভ কৰিব ।

১ অক্টোবৰৰ পৰা সলনি হ'ব কেতবোৰ চৰকাৰী নিয়ম

৪. বিনিয়োগ সম্পৰ্কীয় নিয়মৰ সাল-সলনি

বজাৰ নিয়ন্ত্ৰক ছেবি (SEBI)য়ে মিউচুৱেল ফাণ্ডৰ বিনিয়োগকাৰীসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন নিয়ম প্ৰস্তুত কৰিছে । এছেট মেনেজমেণ্ট কোম্পানী(ASSET MANAGEMENT COMPANY)ত কৰ্মৰত কনিষ্ঠ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব । কনিষ্ঠ কৰ্মচাৰীসকলে চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা সেই মিউচুৱেল ফাণ্ডৰ এককত তেওঁলোকৰ মুঠ দৰমহাৰ ১০ শতাংশ বিনিয়োগ কৰিব লাগিব । আনহাতে, ২০২৩ চনৰ ১ অক্টোবৰৰ ভিতৰত পৰ্যায়ক্ৰমে এয়া দৰমহাৰ ২০ শতাংশ হ'বগৈ । ছেবিয়ে এই নিয়মক 'স্কীন ইন দ্য গেম' বুলি অভিহিত কৰিছে । এই বিনিয়োগত লক-ইন ম্যাদো থাকিব ।

৫. ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১ অক্টোবৰৰ পৰা সলনি হ'ব । উল্লেখ্য যে, ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন মূল্য প্ৰতি মাহৰ প্ৰথম তাৰিখত নিৰ্ধাৰণ কৰা হয় ।

১ অক্টোবৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

৬. ব্যক্তিগত সুৰাৰ দোকান বন্ধ

১ অক্টোবৰৰ পৰা বন্ধ হ'ব দিল্লীত থকা ব্যক্তিগত সুৰাৰ বিপণীসমূহ । ১৬ নৱেম্বৰ পৰ্যন্ত কেৱল চৰকাৰী বিপণীতহে কেৱল সুৰা বিক্ৰী কৰিব পাৰিব । উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই জনাইছে যে, নতুন আবকাৰী নীতি অনুসৰি ৰাজধানী চহৰখনক ৩২ টা জ'নত বিভক্ত কৰি অনুজ্ঞাপত্ৰ আৱণ্টনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । এই নতুন নীতি মানি সুৰাৰ বিপণীসমূহ ১৭ নৱেম্বৰৰ পৰা পুনৰ খোলা হ'ব ।

লগতে পঢক: দেশবাসীলৈ 35 বিধ শস্য উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.