ETV Bharat / bharat

সীমান্তৰ গুলিবৰ্ষণত আহত এজন সেনা জোৱানৰ দেওবাৰে মৃত্যু

পাকিস্তান বাহিনীৰ গুলীচালনাত আহত হোৱা এজন ভাৰতীয় সেনা জোৱানৰ দেওবাৰে মৃত্যু হয় ৷ জম্মু আৰু কাশ্মীৰৰ ৰাজোৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তান বাহিনীয়ে সংঘটিত কৰিছিল এই গুলীচালনা ৷

Soldier injured in Pak ceasefire violation succumbs
সীমান্তৰ গুলিবৰ্ষণ আহত এজন সেনা জোৱানৰ দেওবাৰে মৃত্যু
author img

By

Published : Jan 24, 2021, 10:41 PM IST

নিউজ ডেস্ক, 24 জানুৱাৰী : জম্মু আৰু কাশ্মীৰৰ ৰাজোৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তান বাহিনীৰ গুলীচালনাত আহত হোৱা এজন ভাৰতীয় সেনা জোৱানৰ দেওবাৰে মৃত্যু হয় ৷

ভাৰতীয় সেনাৰ এক বিবৃতিত উল্লেখ কৰা অনুসৰি পাকিস্তান সেনাই ১৮ জানুৱাৰীত জম্মু-কাশ্মিৰৰ সুন্দৰবানী খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে যুদ্ধ বিৰতি উলংঘন কৰি ধাৰাসাৰ গুলিবৰ্ষণ কৰিছিল ৷ সেই সময়ত ভাৰতীয় সেনাইও উচিত প্ৰত্যুতৰ দিছিল ৷

উক্ত ঘটনাত নায়ক নিশান্ত শৰ্মা নামৰ ভাৰতীয় সেনা জোৱান জন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল ৷ ইয়াৰ পিচতে কামাণ্ড হাস্পতালত চিকিৎসা অব্যাহত ৰাখিছিল সেনা জোৱানজনৰ ৷

"আজি সৈনিকজনে গুৰুতৰভাৱে আঘাত পোৱা ফলত মৃত্যুবৰণ কৰে। নায়ক নিশান্ত শৰ্মা এজন সাহসী সৈনিক আছিল ৷ তেওঁৰ সৰ্বোচ্চ ত্যাগ আৰু কৰ্তব্যৰ প্ৰতি দেশে সদায় শ্ৰদ্ধা জনাব ৷" ভাৰতীয় সেনাই প্ৰেছ বিবৃতিত উল্লেখ কৰে ৷

লগতে পঢ়ক: মমতা বেনাৰ্জীক ৰামায়ণ উপহাৰ দিলে কোন বিজেপি নেতাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.