আগৰতলা,৩ আগষ্ট : ত্ৰিপুৰাত নিৰ্মাণ হ'ব বিশেষ আদৰ্শ গাঁও । ত্ৰিপুৰা শক্তি বিভাগে গ্ৰহণ কৰিছে এই পদক্ষেপ । সৌৰ শক্তিৰ দ্বাৰা চালিত হ'ব সেই আদৰ্শ গাঁওখন । এই ঘোষণা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ ।
শক্তি বিভাগৰ এক পৰ্যালোচনা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Power department review meeting in Tripura)। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা আৰু উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল শক্তি বিভাগৰ পৰ্যালোচনা বৈঠকখন (Tripura CM at power department review meeting)। বৈঠকত ত্ৰিপুৰা ৰাজ্যিক শক্তি বিভাগৰ সচিব ব্ৰজেশ পাণ্ডেই কয় যে ত্ৰিপুৰা ষ্টেট ইলেকট্ৰিকেল কৰ্পোৰেচন লিমিটেডে ৰাজ্যখনত নিৰৱচ্ছিন্ন বিদ্যুৎ যোগানৰ বাবে বিভিন্ন পৰিকল্পনাৰ ওপৰত কাম কৰি আছে ।
তেওঁ লগতে কয় যে অহা ডিচেম্বৰৰ ভিতৰত ৰাজ্যজুৰি অধিক উপ-কেন্দ্ৰ স্থাপন কৰা হ'ব । এতিয়ালৈকে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যত মুঠ ২২,৫০০ ষ্ট্ৰীট লাইট স্থাপন কৰিছে । অধিক লাইট স্থাপনৰো ব্যৱস্থা কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে ৰাজ্যখনত এতিয়ালৈকে ৩ লাখ অধ্যয়ন লাইট (Study lamp) প্ৰদান কৰা হৈছে (3 lakhs study lamp distributed in Tripura)।
চলিত বৰ্ষৰ জুলাই মাহলৈকে প্ৰধানমন্ত্ৰী কুসুম আঁচনিৰ অধীনত ১,০৫৭ টা সৌৰ চাকি প্ৰদান কৰা হৈছে । তেওঁ লগতে কয় যে ৰাজ্যখনত সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল এখন আদৰ্শ গাওঁ নিৰ্মাণৰো উদ্যোগ লোৱা হৈছে ।
বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই কয় যে ৰাজ্যখনত বিদ্যুৎ সেৱাৰ আধুনিকীকৰণৰ উপৰিও নিৰৱচ্ছিন্ন বিদ্যুৎ যোগানত অগ্ৰাধিকাৰ দিয়া হৈছে । সেই উদ্দেশ্যে, বিদ্যুৎ সেৱাৰ বিকাশৰ বাবে ফ্লেগশ্বিপ প্ৰকল্পসমূহ নিকাভাৱে ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰাৰ প্ৰয়োজন বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । যিসকলে বিদ্যুৎ সেৱা লাভ কৰিবলৈ ইচ্ছুক তেওঁলোকক উৎসাহিত কৰাৰ লগতে বিদ্যুৎ সংযোগ দিয়া উচিত বুলিও কয় মুখ্যমন্ত্ৰী সাহাই ।
আনহাতে বিদ্যুৎ চুৰি সন্দৰ্ভতো কঠোৰ সকীয়নি প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰয়োজনত তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব । গ্ৰাহকসকল যাতে কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতিও গুৰুত্ব দিবলৈ বিভাগৰ বিষয়াসকলক আহ্বান জনায় মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই ।
লগতে পঢ়ক :Clash between Congress and BJP: ত্ৰিপুৰাত কংগ্ৰেছ-বিজেপিৰ মাজত হিংসাত্মক কাণ্ড