ETV Bharat / bharat

Bru Settlement : ত্ৰিপুৰাৰ ছয়টা স্থানত ব্ৰু শৰণাৰ্থীৰ পুনৰ্সংস্থাপনত আপত্তি সামাজিক সংগঠনৰ

author img

By

Published : Jul 22, 2022, 4:59 PM IST

অসম আৰু মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী ত্ৰিপুৰাৰ উত্তৰ জিলাৰ কাঞ্চনপুৰ উপ-সংমণ্ডলৰ পাঁচটা স্থানৰ লগতে নাইসিংপাৰা সাহায্য শিবিৰত থকা ব্ৰু শৰণাৰ্থীসকলৰ (permanent settlement of Internally Bru Displaced People) স্থায়ী বসতি স্থাপনৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে (Joint Movement Committee objection permanent settlement of Bru) যুটীয়া আন্দোলন সমিতিয়ে ।

Bru Settlement
Bru Settlement

নিউজ ডেস্ক, ২২ জুলাই : যুটীয়া আন্দোলন সমিতিয়ে বৃহস্পতিবাৰে অসম আৰু মিজোৰামৰ আন্তঃৰাজ্যিক সীমান্তৱৰ্তী ত্ৰিপুৰাৰ উত্তৰ জিলাৰ কাঞ্চনপুৰ উপ-সংমণ্ডলৰ পাঁচটা স্থানৰ লগতে নাইসিংপাৰা সাহায্য শিবিৰত থকা ব্ৰু শৰণাৰ্থীসকলৰ (permanent settlement of Internally Bru Displaced People) স্থায়ী বসতি স্থাপনৰ বিৰুদ্ধে আপত্তি দৰ্শাইছে (Joint Movement Committee objection permanent settlement of Bru) ।

উল্লেখ্য, যুটীয়া আন্দোলন সমিতি (জেএমচি) হৈছে 'নাগাৰিক সুৰক্ষা মঞ্চ'ৰ (Nagarik Surakhsa Mancha) এক সামাজিক সংগঠন আৰু 'মিজো কনভেনচন' (Mizo Convention) হৈছে মহকুমাটোৰ আশেপাশে বাস কৰা বঙালী আৰু মিজো সম্প্ৰদায়ৰ লোকসকলৰ সামাজিক সংগঠন । যি দুটা সংগঠনে মহকুমাটোত ব্ৰু বসতিৰ বিৰুদ্ধে কেইবাটাও ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । সংগঠনটোৱে অনুভৱ কৰে যে যদি চৰকাৰে মহকুমাটোত বৃহৎ সংখ্যক ব্ৰুক পুনৰ সংস্থাপিত কৰে (government resettles of brus), তেন্তে ই পৰিৱেশ, পাৰিপাৰ্শ্বিক, সামাজিক আৰু জনগাঁথনিগতভাৱে বিশৃংখলতাৰ সৃষ্টি কৰিব ।

কাঞ্চনপুৰ মহকুমা দণ্ডাধীশলৈ লিখা এক পত্ৰত সংগঠনটোৱে কয়, "আমি ইয়াৰ দ্বাৰা আপোনাৰ সদয় দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে আমি এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে চৰকাৰে মিজোৰামৰ ব্ৰু প্ৰব্ৰজনকাৰীসকলৰ ৭০০-১০০০ পৰিয়ালক তেওঁলোকৰ নাইসিংপাৰাত থকা বৰ্তমানৰ শিবিৰত স্থায়ীভাৱে বসতি স্থাপন কৰাৰ সিদ্ধান্ত লৈছে । গ্ৰহণ কৰিব বিচৰা এই আঁচনিয়ে অৱস্থানৰ ক্ষেত্ৰত সংস্থাপনৰ চুক্তিক সম্পূৰ্ণৰূপে উলংঘা কৰে (violates of settlement agreement) ।" লগতে তেওঁলোকে ধলাই জিলাৰ মনু-চাইলেংটা চিচিআৰএফ (Dhalai district Manu-Chailengta CCRF), আনন্দ বজাৰ চিচিআৰএফ (Ananda Bazar CCRF,), পশ্চিম মুনপুই (Paschim Hmunpui), বেহলিয়াংছিপ (Behliangchhip) আৰু উত্তৰ জিলাৰ কাঞ্চনপুৰ মহকুমাৰ নন্দিৰামত বসতি স্থাপনৰ ক্ষেত্ৰতো তীব্ৰ আপত্তি প্ৰদৰ্শন কৰে ।

"... আমাৰ যুটীয়া আন্দোলন সমিতিয়ে যোৱা দুটা বছৰত চৰকাৰৰ ওচৰত তীব্ৰ আপত্তি আৰু প্ৰতিবাদ কৰিছিলোঁ । কিয়নো চৰকাৰে একেদৰে বিপুল সংখ্যক লোকক সংস্থাপিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল । যিটো জনসংখ্যাৰ ভাৰসাম্যহীনতাৰ সম্ভাৱনা প্ৰকট কৰিছিল আৰু অঞ্চলটোৰ বিদ্যমান জনগাঁথনিগত সন্তুলনক বিনষ্ট কৰিব বিচাৰিছিল । সেয়ে তাত আপত্তি জনোৱাৰ লগতে প্ৰতিবাদ কৰিছিলোঁ । আমি নাইসিংপাৰাত মিজোৰামৰ ব্ৰু প্ৰব্ৰজনকাৰী পৰিয়ালৰ বসতি স্থাপন আৰু ডাঠ আখৰেৰে উল্লেখ কৰা আন ঠাইবোৰত বসতি স্থাপনত তীব্ৰ আপত্তি জনাইছোঁ " পত্ৰখনত এইবুলি উল্লেখ কৰা হৈছে ।

লগতে পঢ়ক :Congress protest in Tripura : বিজেপিৰ শাসনক হিটলাৰৰ শাসন আখ্যা ত্ৰিপুৰাৰ কংগ্ৰেছ বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.