ETV Bharat / bharat

ৰাম মন্দিৰৰ অভিষেক বৰ্জন কৰা কংগ্ৰেছৰ সিদ্ধান্তক তীব্ৰ সমালোচনা স্মৃতি ইৰাণীৰ

Ayodhya Ram Mandir: ৰাম মন্দিৰৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা সন্দৰ্ভত কংগ্ৰেছক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ৷ কংগ্ৰেছ দলৰ প্ৰভু ৰাম বিৰোধী মুখখন উন্মোচিত হ’ল বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:24 PM IST

Ayodhya Ram Mandir
কংগ্ৰেছক তীব্ৰ সমালোচনা স্মৃতি ইৰাণীৰ

নিউজ ডেস্ক, 10 জানুৱাৰী : বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে দলৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধীয়ে “ৰাম মন্দিৰৰ অভিষেকত নোযোৱাটো আশা কৰা হৈছিল” ৷

"মানুহে তেওঁৰ (ছোনিয়া গান্ধী)ৰ পৰা আশাও কৰা নাছিল ৷ কংগ্ৰেছ দলৰ প্ৰভু ৰাম বিৰোধী মুখখন উন্মোচিত হ’ল ৷" নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী ইৰাণীয়ে লগতে কয় ৷

বিহাৰৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদ মাধ্যমৰ এক কৰ্মশালাত অংশগ্ৰহণ কৰি এই কথা কয় কেন্দ্ৰীয় মহিলাগৰাকীয়ে ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সংবাদ মাধ্যম বিভাগৰ সৈতে জড়িত দলৰ নেতাসকলক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত বিজেপিৰ কৌশল শক্তিশালী কৰিবলৈ ইৰাণী এই কৰ্মশালাত উপস্থিত আছিল ৷

22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত কংগ্ৰেছ নেতা ছোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে আৰু অধীৰ ৰঞ্জন চৌধুৰীৰ অংশগ্ৰহণৰ বিষয়ে যোৱা কেইদিনমান ধৰি চিন্তা-চৰ্চা আৰু ধাৰণা চলি আছে ৷

অৱশেষত আজি ভাৰতৰ পুৰণি দলটোৱে এই বিশাল মন্দিৰ উদ্বোধনক "বিজেপি-আৰ এছ এছ" অনুষ্ঠান বুলি অভিহিত কৰে ৷ "ধৰ্ম এটা ব্যক্তিগত বিষয় কিন্তু আৰ এছ এছ আৰু বিজেপিয়ে অযোধ্যা মন্দিৰক এটা ৰাজনৈতিক প্ৰকল্প কৰি তুলিছে," দলটোৱে এক বিবৃতিত কয় ৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে দাবী কৰিছিল যে নিৰ্বাচনী লাভৰ বাবে ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে ৷

ইফালে ইৰাণীয়ে কয় যে I.N.D.I.A মিত্ৰতাত প্ৰধানমন্ত্ৰী পদৰ বাবে বহু প্ৰাৰ্থী আছে ৷ মন্ত্ৰীগৰাকীয়ে কয় "এই মিত্ৰতাৰ বিচ্ছেদ নিশ্চিত, কাৰণ তেওঁলোকৰ মাজত কেতিয়াও সমন্বয় হ’ব নোৱাৰে ৷"

উল্লেখ্য যে, এক আনুষ্ঠানিক বিবৃতিত কংগ্ৰেছে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু দলটোৰ অন্যান্য গুৰুত্বপূৰ্ণ নেতাই ৰাম মন্দিৰৰ আমন্ত্ৰণ আনুষ্ঠানিকভাৱে প্ৰত্যাখান কৰা বুলি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ৰাম মন্দিৰৰ নিমন্ত্ৰণ নাকচ কংগ্ৰেছৰ; বিজেপি-আৰ এছ এছৰ অনুষ্ঠান আখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.