ETV Bharat / bharat

সংঘাতে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ৰাইজৰ জীৱন দুৰ্বিসহ কৰিছে !

author img

By

Published : Jan 3, 2021, 9:51 AM IST

বিগত বৰ্ষৰ শেষৰটো দিনত পাকিস্তানী সেনাই নিয়ন্ত্ৰণ সীমাৰেখাত যুদ্ধ বিৰতি উলংঘন কৰি মুকলিকৈ গুলিবৰ্ষণ কৰে ৷ এই গুলিবৰ্ষণত স্থানীয় মছজিদ আৰু কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হয় ৷ এই ঘটনাই সমগ্ৰ কৰ্ণাহ প্ৰান্ততে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

Skirmishes along LoC making lives of people miserable
সংঘাতে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ ৰাইজৰ জীৱন দুৰ্বিসহ কৰিছে:জম্মু-কাশ্মীৰ নেশ্যনেল কনফাৰেঞ্চৰ

নেশ্যনেল ডেস্ক,3 ডিচেম্বৰ : নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অন্ত পৰিব লাগে সংঘাতৰ ৷ কাৰণ এই সংঘাতে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ জীৱন দুৰ্বিসহ কৰি তুলিছে ৷ এই মন্তব্য জম্মু-কাশ্মীৰ নেশ্যনেল কনফাৰেঞ্চৰ ৷ বিগত বৰ্ষৰ 31 ডিচেম্বৰত কুপৱাৰা জিলাৰ কৰ্ণাহ চেক্টৰত পকিস্তানী সেনাৰ গুলিবৰ্ষণৰ ফলত স্থানীয় লোকসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়টোও উত্থাপন কৰে দলটোৱে ৷

এক যুটীয়া বিবৃতিযোগে নেশ্যনেল কনফাৰেঞ্চৰ পূৱ ক্ষেত্ৰৰ সভাপতি তথা বাৰামুলাৰ সাংসদ মহম্মদ আকবৰ লোন আৰু দলটোৰ নেতা কাইসাৰ জমছিদ লোন, কাফিউল-উৰ-ৰহমান আৰু সাজাদ চাফি উৰিয়ে প্ৰশাসনক এই লোকসকলৰ উদ্ধাৰৰ বাবে উপস্থিত হ’বলৈ আহ্বান জনায় ৷ বিবৃতিখনত উল্লেখ আছে যে, "এইধৰণৰ সংঘাত স্থানীয় লোকসকলৰ বাবে কোনো দুঃস্বপ্নতকৈ কম নহয় ৷ ফৰৱাৰ্ড পোষ্টসমূহত পূৰ্বৰে পৰা পৰিস্থিতি একে আছে, যি ইয়াৰ লোকসকলৰ জীৱন দুৰ্বিসহ কৰি তুলিছে ৷ যিয়ে নহওক পোনপ্ৰথম বাৰৰ বাবে কৰ্ণাহ পৰ্যন্ত এই সংঘাতে খোজ আগবঢ়াইছে ৷"

উল্লেখ্য যে, বিগত বৰ্ষৰ শেষৰটো দিনতে পাকিস্তানী সেনাই নিয়ন্ত্ৰণ সীমাৰেখাত যুদ্ধ বিৰতি উলংঘন কৰি মুকলিকৈ গুলিবৰ্ষণ কৰে ৷ এই গুলিবৰ্ষণত স্থানীয় মছজিদ আৰু কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হয় ৷ এই ঘটনাই সমগ্ৰ কৰ্ণাহ প্ৰান্ততে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

এইধৰণৰ সংঘাতে ৰাইজক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত কৰে ৷ গতিকে অতিশীঘ্ৰে এই আক্ৰমণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে জম্মু-কাশ্মীৰ নেশ্যনেল কনফাৰেঞ্চে ৷

লগতে পঢ়ক-টি এম চিক উৰুৱাই নিবলৈ এজাক ধুমুহা আহি আছে : বাবুল সুপ্ৰিয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.