ETV Bharat / bharat

Skin Tanning: সূৰ্যৰ তাপৰ বাবে ছাল ক’লা পৰিছে নেকি ? এনেদৰে দূৰ কৰক এই সমস্যা - টেনিং বা ক’লা পৰা সমস্যা

গ্ৰীষ্মকালত ছালৰ যতন লোৱাটো অতি প্ৰয়োজনীয় কিন্তু ব্যস্ততাৰে ভৰা এই জীৱনত আমি নানান সমস্যাৰ সন্মূখীন হ'বলগীয়া হয়, তাৰেই ভিতৰত হৈছে ৰ'দৰ ফলত আমাৰ ছালত হোৱা টেনিঙৰ সমস্যা ৷ কিন্তু চিন্তাৰ কাৰণ নাই কাৰণ তলত উল্লেখিত উপায়সমূহ অৱলম্বন কৰি আপুনিও ছালৰ টেনিঙৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে ৷

Skin got tan due to strong sunlight? This is how blackness will go away
সূৰ্যৰ তাপৰ বাবে ছাল ক’লা পৰিছে নেকি ? এনেদৰে দূৰ কৰক এই সমস্যা
author img

By

Published : Apr 7, 2023, 11:15 AM IST

গ্ৰীষ্মকালত ছালৰ যতন লোৱাটো অতি প্ৰয়োজনীয় কিন্তু ব্যস্ততাৰে ভৰা এই জীৱনত আমি আমাৰ ছালৰ যত্ন ল'বলৈ সময় নাপাও ৷ সাধাৰণতে, গ্ৰীষ্মকালত ৰ'দৰ উত্তাপৰ ফলত আমাৰ ছালখন ক’লা পৰিবলৈ আৰম্ভ কৰে(Tanning Removal Tips) । যাৰ বাবে প্ৰায় সংখ্যক লোকেই চিন্তিত হৈ পৰে ৷ সাধাৰণতে গ্ৰীষ্মকালত ৰ'দৰ উত্তাপৰ ফলত হোৱা টেনিং বা ক’লা পৰা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাটো আমাৰ বাবে অতি কঠিন হৈ পৰে, ইয়াক নিৰাময়ৰ বাবে আমি ব্যয়বহুল সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰো যদিও, কিন্তু ইয়াৰ কোনো লাভালাভ নাই । সেয়ে আজি আমি আপোনালোকক ক'বলৈ ওলাইছো কিছুমান প্ৰাকৃতিক উপায়ৰ বিষয়ে যাৰ সহায়ত আপুনি ছালৰ টেনিংৰ পৰা মুক্তি পাব পাৰে(Skin Tanning)।

ছালৰ টেনিঙৰ পৰা কেনেকৈ মুক্তি পাব পাৰি

১/ বেচন

বেচনৰ জৰিয়তেও ছালৰ টেনিং দূৰ কৰিব পাৰি (skin tanning treatment at home) । ইয়াৰ বাবে বেচন, হালধি, নেমুৰ ৰস আৰু অলিভ অইল মিহলাই পেষ্ট প্ৰস্তুত কৰি মুখ আৰু ছালত লগাওক । এতিয়া ২০ মিনিটমান শুকুৱাই ৰাখিব (skin tanning treatment)। শেষত কুহুমীয়া পানীৰে ছালখন ধুব(Skin Tanning)।

২/ মৌ

আমি সকলোৱে জানো যে মৌ আমাৰ ছালৰ বাবে অতি উপকাৰী (skin tanning cream)। সেইবাবেই ইয়াক বেছিভাগ সৌন্দৰ্য সামগ্ৰীত ব্যৱহাৰ কৰা হয় । এটা বাটিত মৌ আৰু দৈ মিহলাই মুখ আৰু শৰীৰৰ বাকী অংশত ২০ মিনিটমান ৰাখিব (How To Remove Skin Tanning)। অৱশেষত মুখখন পৰিষ্কাৰ পানীৰে ধুব (Sun Tanning)।

৩/ বিলাহী

বিলাহী এনেকুৱা এটা শাক যাৰ জৰিয়তে ৰেচিপিৰ সোৱাদ বৃদ্ধি পায়, কিন্তু আপুনি জানেনে যে ইয়াৰ সহায়ত ছালৰ টেনিংৰ পৰা উপশম পাব পাৰি । ইয়াৰ বাবে বিলাহী পিহি এক পেষ্ট তৈয়াৰ কৰি এই পেষ্ট মুখ আৰু শৰীৰৰ টেন পৰা অংশত ১৫ মিনিট সময় লগাব আৰু তাৰ পিচত পৰিষ্কাৰ পানীৰে ধুই ল'ব । যদি আপুনি এই প্ৰক্ৰিয়াটো এসপ্তাহ ধৰি অনুসৰণ কৰে, তেন্তে আপুনি আকাংক্ষিত ফলাফল পাব (tanning skin in asssamese) ।

লগতে পঢ়ক: Skin Care Tips: প্ৰাকৃতিকভাৱে উজ্বল ছাল পাব বিচাৰে নেকি ? তেন্তে এইদৰে মুখত লগাওক অলিভ অইল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.