ETV Bharat / bharat

Operation Ajay: ভাৰতলৈ সুকলমে উভতিল 143 জন ভাৰতীয় নাগৰিক

author img

By ANI

Published : Oct 23, 2023, 10:35 AM IST

143 জন ভাৰতীয় নাগৰিকক লৈ ষষ্ঠখন ‘অপাৰেচন অজয়’ৰ বিমান নতুন দিল্লীত উপস্থিত হয় । ভাৰতীয় নাগৰিক আৰু 2 জনকৈ নেপালী নাগৰিকক লৈ ষষ্ঠখন বিমান দেওবাৰে পুৱা যুদ্ধবিধস্ত ইজৰাইলৰ পৰা ভাৰত অভিমুখে ৰাওনা হয় ৷

Sixth flight with 143 passengers including two Nepalese citizens arrives in New Delhi
ভাৰতলৈ সুকলমে উভতিল 143 জন ভাৰতীয় নাগৰিক

ইণ্টাৰনেশ্যনেল ডেস্ক, 23 অক্টোবৰ: সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ষষ্ঠখন ‘অপাৰেচন অজয়’ ৷ দেওবাৰৰ নিশা 143 জন ভাৰতীয় নাগৰিকক লৈ ষষ্ঠখন ‘অপাৰেচন অজয়’ৰ বিমান নতুন দিল্লীত উপস্থিত হয় ।

উক্ত বিমানখনত ভাৰতীয় নীগৰিকৰ লগতে আছিল দুজনকৈ নেপালী নাগৰিক । X যোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয়, "বিমানখনে 2 জন নেপালী নাগৰিককে ধৰি 143 জন যাত্ৰীক লৈ অৱতৰণ কৰিছে । বিমানবন্দৰত MoS @SteelMinIndia আৰু @MoRD_GoI @fskulaste ই যাত্ৰীসকলক আদৰণি জনায় । "

নতুন দিল্লী বিমানবন্দৰত কেন্দ্ৰীয় তীখা আৰু গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী ফাগন সিং কুলাষ্টেয়ে যাত্ৰীসকলক আদৰণি জনায় ৷ ভাৰতীয় নাগৰিকক লৈ যোৱা ষষ্ঠখন বিমান দেওবাৰে সন্ধিয়া টেল আভিভৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় ।

সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতীয়সকলক সুকলমে ওভতাই অনাৰ উদ্দেশ্যৰে আৰম্ভ হৈছিল এই ‘অপাৰেচন অজয়’ ৷ ইয়াৰ পূৰ্বে মঙলবাৰে 18 জন নেপালৰ নাগৰিককে ধৰি 286 গৰাকী ভাৰতীয় নাগৰিকক লৈ পঞ্চমখন বিমান নতুন দিল্লীত উপস্থিত হয় ।

এই পৰ্যন্ত ‘অপাৰেচন অজয়’ৰ অধীনত 18 জন নেপালী নাগৰিককে ধৰি প্ৰায় 1200 ভাৰতীয় যাত্ৰীক ইজৰাইলৰ পৰা নিৰাপদে ওভতাই অনা হৈছে ৷ প্ৰয়োজন অনুসৰি আৰু অধিক বিমান প্ৰেৰণ কৰা হ’ব বুলি ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে অৱগত কৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে হামাছৰ সৈতে চলি থকা যুদ্ধৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ইজৰাইলৰ পৰিস্থিতিৰ মূল্যায়ন কৰি আছে । অৰিন্দম বাগচিয়ে কয়, " বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা নাই ৷ এগৰাকী ভাৰতীয় নাগৰিক আহত হৈছিল আৰু তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে ৷ তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ ।

লগতে পঢ়ক: Israel Hamas War : যুদ্ধৰ ফলত প্ৰভাৱিত পেলেস্তাইনীসকলৰ বাবে ভাৰতৰ সাহায্য সামগ্ৰী প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.