নিউজ ডেস্ক, ৩০ মাৰ্চ : বুধবাৰে কেৰালাৰ ত্ৰিচুৰ জিলাত এক শোকাৱহ ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণী মতে, অসমৰ দুটা প্ৰব্ৰজনকাৰী শ্ৰমিক পৰিয়ালৰ মাজত এক কাজিয়াৰ সূত্ৰপাত হয় (Assam migrated family clashed in Kerala) । এই কাজিয়াই গৈ সংঘৰ্ষৰ ৰূপ লয় । ঘটনাৰ বিষম পৰিণতিত এটি ছয় বছৰীয়া শিশুক ছুৰীকাঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Assam boy allegedly murdered by uncle in Kerala) । ঘটনাটো সংঘটিত হয় ত্ৰিচুৰ জিলাৰ পুথুক্কাদ অঞ্চলত ।
ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জনায় যে অসমৰ প্ৰব্ৰজনকাৰী দুই ভাতৃৰ পৰিয়ালে উক্ত অঞ্চলটোত বুধবাৰে কিবা সৰু সৰু বিষয়ক লৈ বিবাদক লিপ্ত হয় । কিন্তু সেই সৰু কাজিয়াই গৈ হতাহতিৰ পৰ্যায় পায় আৰু তাৰ পিছত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় (Tragic Incident in Thrissur Kerala) । এগৰাকী আৰক্ষী বিষয়াৰ মতে, দুয়োটা পৰিয়ালৰ সদস্যই ইজনে সিজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ।
এই আক্ৰমণত নজৰুল ইছলাম নামৰ এজন ছয় বছৰীয়া ল'ৰা নিজৰ খুৰাকৰ আক্ৰমণত নিহত হয় বুলি বিষয়াজনে কয় । আনহাতে, উক্ত ঘটনাত নজৰুল ইছলামৰ মাতৃ নাজমা খাতুন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে । মহিলাগৰাকীৰ শাৰীৰিক অৱস্থা গুৰুতৰ বুলি জনোৱা হৈছে ।
ইফালে ঘটনাটোৰ ঠিক পিছতে ঘটনাস্থলীত আহি স্থানীয় লোক উপস্থিত হয় । তেওঁলোকে নিহত শিশুটিৰ হত্যাত অভিযুক্ত খুৰাকক কৰায়ত্ত কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে । জানিব পৰা মতে, এই কাজিয়া ভাঙিবলৈ চেষ্টা কৰোঁতে আন এজন লোকো ঘটনাটোত আঘাতপ্ৰাপ্ত হয় ।
অৱশ্যে দুয়োটা পৰিয়ালৰ মাজত কি কাৰণত কাজিয়াৰ সূত্ৰপাত হয় তাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য, ইয়াৰ পূৰ্বে বিগত ফেব্ৰুৱাৰী মাহত এগৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ চাৰি বছৰীয়া কন্যাই প্ৰাণ হেৰুৱাইছিল । কেৰালাৰ এৰ্নাকুলাম জিলাৰ পেৰুম্বাভুৰ অঞ্চলত আৱৰ্জনাৰ গাঁতত পৰি তেওঁৰ মৃত্যু হৈছিল । মৃত শিশুটি পশ্চিমবংগৰ বাসিন্দা আজমিনী বুলি চিনাক্ত কৰা হয় । তেওঁ পেৰুম্বাভুৰৰ কুট্টিপাডামৰ হুনুবা প্লাইউড কোম্পানীৰ এটা গাঁতত সোমাই পৰে । উক্ত কোম্পানীটোতে তেওঁৰ মাতৃয়ে কৰ্মচাৰী হিচাপে কাম কৰিছিল ।
লগতে পঢ়ক :Lalit Modi threatens Rahul Gandhi : ৰাহুল গান্ধীক ললিত মোডীৰ ধমক